ETV Bharat / state

আৰক্ষীৰ অভিযান চলিবই আৰু প্ৰয়োজনত এনকাউণ্টাৰ হ’বই : ড॰ হিমন্ত বিশ্ব শৰ্মা

author img

By

Published : Sep 23, 2021, 9:44 PM IST

bjp executive meeting
বিজেপিৰ কার্যনিবাহক সভা-

ৰাজ্যিক বিজেপিৰ দুদিনীয়া কার্যনিবাহক সভাৰ সামৰণি ভাষণত মুখ্যমন্ত্রী । ড॰ ভূপেন হাজৰিকাক ভাৰতৰত্ন দিয়াটো কংগ্ৰেছে কেতিয়াও পছন্দ কৰা নাছিল । কংগ্ৰেছে বেয়া পালেও আমি আমাৰ শ্ৰদ্ধাৰ ড॰ ভূপেন হাজৰিকাক সদায় বুকুত সাবটি ৰাখিম । ইফালে, সঘনে সংঘটিত হোৱা এনকাউন্টাৰক লৈয়ো মত স্পষ্ট কৰিলে ড৹ শৰ্মাই ৷

গুৱাহ‍াটী, ২৩ ছেপ্টেম্বৰ : ‘‘অসমত বৰবিহ ড্রাগছৰ ব্যৱসায় কিয় চলিছে বুলি প্ৰশ্ন কৰাৰ বিপৰীতে বৌদ্ধিক মহলে এনকাউন্টাৰ কিয় হৈছে বুলি প্ৰশ্ন কৰে । আমি স্পষ্ট ভাৱে কৈছো যে লাচিত বৰফুকনৰ শৌৰ্য-বীৰ্যৰে মহিমামণ্ডিত আৰু শংকৰদেৱৰ আধ্যাত্মিকতাৰ ভাৱনাৰে গঢ়া অসমৰ সমাজত আমি ড্ৰাগছৰ ব্যৱসায় চলিবলৈ নিদিও । আৰক্ষীৰ অভিযান চলিবই, প্ৰয়োজনত এনকাউণ্টাৰ হ’বই ।’’ এই মন্তব্য মুখ্যমন্ত্রী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ ।

bjp executive meeting
বিজেপিৰ কার্যনিবাহক সভাত সভাপতি ভৱেশ কলিতা

দুদিনীয়া কাৰ্যসূচীৰে উত্তৰ গুৱাহাটীৰ আনন্দৰাম বৰুৱা ক্ষেত্ৰত অনুষ্ঠিত হোৱা বিজেপিৰ ৰাজ্যিক কার্যনিবাহকৰ সামৰণি সভাত ভাষণ দি মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই এনেদৰে কয় । ড॰ শৰ্মাই কয়, বৰ্তমানৰ বিজেপি চৰকাৰৰ শাসনকালত ভাৰতীয় সভ্যতা-সংস্কৃতি সুৰক্ষিত হোৱাৰ লগতে সৱল আৰু সমৃদ্ধিশালী হৈছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু গৃহ মন্ত্ৰী অমিত শ্বাহৰ নেতৃত্বত ভাৰতে ৫০০ বছৰীয়া গোলামী শাসনৰ অন্ত পেলাই সনাতন ধৰ্ম সংস্কৃতিৰ পুনৰ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত অগ্ৰসৰ হৈছে । ৰাম মন্দিৰ নিৰ্মাণৰ কাম-কাজ আৰম্ভ কৰিব পৰাটো ইয়াৰ এক উৎকৃষ্ট উদাহৰণ ।

bjp executive meeting
বিজেপিৰ কার্যনিবাহক সভা

লগতে পঢ়ক: চলে-বলে বনকৰা কিশোৰীক পাঁচমহীয়া অন্তঃসত্বা কৰিলে বৃদ্ধই

সমগ্ৰ ৰাজ্যত থকা বিজেপিৰ ৪০ খন সাংগঠনিক জিলাৰ সভাপতি, দলৰ ৰাজ্যিক বিষয়ববীয়া, সকলো সাংসদ-বিধায়ক, মন্ত্ৰী, দলৰ মুখপাত্ৰ, বিভিন্ন মৰ্চাৰ সভাপতি তথা সকলো কার্যনিবাহক সদস্যৰ উপস্থিতিত সভাপতি ভৱেশ কলিতাই সভাপতিত্ব কৰা সভাত মুখ্যমন্ত্ৰীৰ উপৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু ৰামেশ্বৰ তেলী, দলৰ সাংগঠনিক সাধাৰণ সম্পাদক বি এল সন্তোষ, ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া, দলৰ অসম প্ৰভাৰী বৈজয়ন্ত জয় পাণ্ডা, সহ-প্ৰভাৰী পৱন শৰ্মা, ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক ফনীন্দ্ৰ নাথ শৰ্মা আৰু দলৰ উত্তৰ-পূৰ্বাঞ্চলৰ দায়িত্বত থকা সাংগঠনিক সাধাৰণ সম্পাদক অজয় জামৱাল উপস্থিত আছিল ।

bjp executive meeting
কার্যনিবাহক সভাত মুখ্যমন্ত্ৰীৰ বাৰ্তালাপ

সামৰণি ভাষণত ক’ভিড ভেকচিন অভিযানৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয়, নিৰ্ধাৰিত সময়ৰ ভিতৰত দেশৰ প্ৰতিজন নাগৰিকক ক’ভিড ভেকচিন প্ৰদানৰ কাৰণে কেন্দ্ৰৰ নৰেন্দ্ৰ মোডী চৰকাৰ বদ্ধ পৰিকৰ । কিন্তু এই সংকটৰ সময়ছোৱাতো দেশৰ প্ৰধান বিৰোধী দল কংগ্ৰেছ আৰু বামপন্থী সকলে অপ্ৰয়োজনীয় প্ৰশ্ন উত্থাপনেৰে ভেকচিন অভিযানক শ’লঠেকত পেলাবৰ বাবে অপচেষ্টা চলাইছিল ।

লগতে পঢ়ক: কংগ্ৰেছৰ ২১২ জনৰ বিৰুদ্ধে দলবিৰোধী কাৰ্যকলাপত লিপ্ত থকাৰ অভিযোগ

কিন্তু বিৰোধীৰ এনে অপচেষ্টাক নস্যাৎ কৰি কোনোধৰণে বিচলিত নোহোৱাকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত দেশে ক’ভিড ভেকচিন অভিযান সফলতাৰে আগুৱাই নিছে ।' কংগ্ৰেছ দল অসম আৰু অসমীয়াৰ কেতিয়াও আপোন হ’ব নোৱাৰে বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয়, ড॰ ভূপেন হাজৰিকাক ভাৰতৰত্ন দিয়াটো কংগ্ৰেছে কেতিয়াও পছন্দ কৰা নাছিল ।

জ্যেষ্ঠ কংগ্ৰেছ নেতা মল্লিকাৰ্জুন খৰ্গেয়ে কৰ্ণাটকৰ এক সভাত ভাৰতৰত্নৰ এক প্ৰসংগ উত্থাপন কৰি ভূপেন হাজৰিকাক দেশৰ সৰ্বোচ্চ সন্মানেৰে মোডী চৰকাৰে সন্মানিত কৰাৰ বিষয়টোৰ সমালোচনা কৰিছিল । কিন্তু কংগ্ৰেছে এই কথা জানি থোৱা উচিত যে ড॰ ভূপেন হাজৰিকা অসমীয়াৰ হিয়াৰ আমঠু আৰু সনাতন পৰম্পৰাৰ অন্যতম প্ৰবক্তা । কংগ্ৰেছে বেয়া পালেও আমি আমাৰ শ্ৰদ্ধাৰ ড॰ ভূপেন হাজৰিকাক সদায় বুকুত সাবটি ৰাখিম ৷

bjp executive meeting
কার্যনিবাহক সভাত উপস্থিত বিজেপিৰ নেতা সকল

লগতে পঢ়ক: গৰুখুটিৰ গুলীচালনাৰ ঘটনাকলৈ প্ৰদেশ কংগ্রেছৰ সভাপতি ভূপেন কুমাৰ বৰাৰ প্ৰতিক্ৰিয়া

কার্যনিবাহক সভাত উপস্থিত থকা কাৰ্যকৰ্তা সকলক সম্বোধন কৰি বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই দলৰ পৰৱৰ্তী কাৰ্যনিবাৰ্হক সভা কাৰ্বি আংলঙৰ ডিফুত অনুষ্ঠিত হ’ব বুলি ঘোষণা কৰে । দুদিনীয়াকৈ অনুষ্ঠিত হোৱা কাৰ্যনিবাৰ্হক সভাত গ্ৰহণ কৰা গুৰুত্বপূৰ্ণ সিদ্ধান্ত অনুসৰি ৰাজ্যিক বিষয়ববীয়া সকলৰ সভা প্ৰত্যেকটো মাহৰ প্ৰথমটো বুধবাৰে মফচলীয়া অঞ্চলত অনুষ্ঠিত হ’ব বুলি সভাপতি কলিতাই ঘোষণা কৰে ।

আগন্তুক উপ নিবাৰ্চনৰ প্ৰসংগ উত্থাপন কৰি ৰাজ্যিক সভাপতিগৰাকীয়ে দলৰ প্ৰত্যেকজন কাৰ্যকৰ্তাক নিবাৰ্চনী প্ৰক্ৰিয়াত এতিয়াৰে পৰা জপিয়াই পৰিবলৈ আহ্বান জনায় । দলৰ ৰাষ্ট্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদক বি এল সন্তোষে দলৰ নিবাৰ্চিত প্ৰতিনিধি সকলক সমাজৰ অন্তিম শ্ৰেণী লোকৰ কল্যাণৰ বিষয়টোক সবাৰ্ধিক গুৰুত্ব আৰোপ কৰি কাৰ্যব্যৱস্থা হাতত ল’বলৈ আহ্বান জনায় ।

লগতে পঢ়ক: গৰুখুটি কাণ্ডৰ সৰ্ন্দভত প্ৰতিক্ৰিয়া বিধায়ক ড৹ হাফিজ ৰফিকুল ইছলামৰ

বিনম্ৰতাৰে মানুহৰ হৃদয় জয় কৰি চৰকাৰৰ কল্যাণকামী আঁচনিসমূহক জনগণৰ ঘৰে ঘৰে লৈ যোৱাৰ বাবে সকলো সময়তে তৎপৰ হৈ থাকিবলৈ নিবাৰ্চিত দলীয় প্ৰতিনিধিৰ লগতে সকলো কাৰ্যকৰ্তাৰ প্ৰতি বি এল সন্তোষে আহ্বান জনায় । আনহাতে দলৰ ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক ফনীন্দ্ৰ নাথ শৰ্মাই কাৰ্য্যনিবাৰ্হকৰ সভাত সম্বোধন কৰি দলে আগন্তুক সময়ত সংগঠন মজবুত কৰাৰ বাবে ল’বলগীয়া বিভিন্ন পদক্ষেপৰ কথা উপস্থিত কাৰ্যকৰ্তা সকলক অৱগত কৰে ।

আনন্দৰাম বৰুৱা ক্ষেত্ৰত ৰাজ্যিক কাৰ্যনিবাৰ্হক সভাই গ্ৰহণ কৰা ৰাজনৈতিক প্ৰস্তাৱত অসমৰ গ্ৰামীণ অৰ্থনীতিক টনকিয়াল কৰাৰ ক্ষেত্ৰত সবাৰ্ধিক গুৰুত্ব আৰোপ কৰা হৈছে । অসম দেশৰ ভিতৰতে অন্যতম উৎপাদনমুখী ৰাজ্য কৰাৰ প্ৰসংগতো প্ৰস্তাৱ গ্ৰহণ কৰা হয় ।

লগতে পঢ়ক: দালালৰ বিৰুদ্ধে চলা অভিযান মাথো এখন নাটক : লুৰীণজ্যোতি গগৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.