চলে-বলে বনকৰা কিশোৰীক পাঁচমহীয়া অন্তঃসত্বা কৰিলে বৃদ্ধই

author img

By

Published : Sep 23, 2021, 5:18 PM IST

old-man-sexually-used-a-minor-in-dibrugarh

ডিব্ৰুগড়ৰ ঘোঁৰামৰাত এজন বৃদ্ধৰ কামনাৰ বলি হ'ল এগৰাকী কিশোৰী ৷ কিশোৰী গৰাকীক ঘৰত কাম কৰিবলৈ নিয়াৰ চলেৰে অসৎ কাৰ্য চৰিত্ৰাৰ্থ কৰিছিল বৃদ্ধই ৷ সম্প্ৰতি কিশোৰী গৰাকী পাঁচমহীয়া অন্তঃসত্বা হোৱাত এই ঘটনাই সমগ্ৰ অঞ্চলটোত স্বাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

মৰাণ, 23 ছেপ্টেম্বৰ : ডিব্ৰুগড়ৰ ঘোঁৰামৰাত এগৰাকী কিশোৰীক চল-চাতুৰি কৰি অসৎ কাৰ্য চৰিত্ৰাৰ্থ কৰাৰ অভিযোগ উত্থাপিত হৈছে এগৰাকী ৬৩ বছৰীয়া বৃদ্ধৰ বিৰুদ্ধে ৷ অভিযোগ অনুসৰি বৃদ্ধ জনৰ কামনাৰ বলি হৈ সম্প্ৰতি পাঁচমাহৰ অন্তঃসত্বা হৈ আছে কিশোৰী গৰাকী । এই ঘটনা পোহৰলৈ অহাৰ পিছতে সমগ্ৰ অঞ্চলটোত এতিয়া ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

চলে-বলে 17 বছৰীয়া কিশোৰীক পাঁচমহীয়া অন্তঃসত্বা কৰিলে বৃদ্ধই

জানিব পৰা মতে হাবিচুক গাঁৱৰ অভিযুক্ত জনৈক কোঁৱৰ নামৰ লোকজনে নিজৰ ঘৰত কাম কৰোৱাৰ চলেৰে দীৰ্ঘদিন ধৰি যৌন নিৰ্যাতন চলাই আহিছিল কিশোৰী গৰাকীক । কেৱল ইমানেই নহয় অভিযুক্ত কোঁৱৰে কিশোৰী গৰাকীক এই যৌন নিৰ্যাতনৰ সংক্ৰান্তত কাকো নক'বলৈ ভাবুকি দি আহিছিল ৷ অৱশেষত কিশোৰী গৰাকী অন্তঃসত্বা হোৱাৰ পিছত এই কথা জানিবলৈ পালে পৰিয়ালৰ লোকে ৷

লগে লগে কিশোৰী গৰাকী বৃদ্ধৰ কামনা বলি হৈ পাঁচ মাহৰ অন্তঃসত্বা হোৱাৰ খবৰ বিয়পি পৰে অঞ্চলটোত ৷ এই সন্দৰ্ভত ঘোঁৰামৰা আৰক্ষীৰ কাষ চাপে কিশোৰী গৰাকীৰ পৰিয়ালৰ লোক । ঘটনা সন্দৰ্ভত ইতিমধ্যে এটা গোচৰ ৰুজু কৰি ঘোঁৰামৰা আৰক্ষীয়ে অভিযুক্ত কোঁৱৰক বৃহস্পতিবাৰে গ্ৰেপ্তাৰ কৰি ৰঙাঘৰলৈ প্ৰেৰণ কৰিছে । সম্প্ৰতি, এই ঘটনা সন্দৰ্ভত ৰাইজৰ লগতে দল সংগঠনেও উদ্বিগ্নতা প্ৰকাশ কৰিছে ৷

লগতে পঢ়ক : লেডী কাৰ্জনৰ পিছত সাহসী পদক্ষেপ গ্ৰহণ কৰিলে অসম চৰকাৰে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.