'খড়্গৰ ঔষধি গুণ': ভ্ৰান্ত ধাৰণা আতৰাবলৈ সাহসী পদক্ষেপ অসম চৰকাৰৰ

author img

By

Published : Sep 23, 2021, 1:40 PM IST

Updated : Sep 27, 2021, 9:38 AM IST

assam govt burnt as many as 2479 confiscated rhino horns in bokakhat

Lady Curzon ৰ পাচত গঁড় সুৰক্ষাৰ বাবে সুদীৰ্ঘ 122 বছৰৰ মূৰত অসম চৰকাৰৰ সাহসী পদক্ষেপ ৷ বিৰল প্ৰজাতিৰ জন্তুবিধ সংৰক্ষণৰ বাৰ্তা প্ৰেৰণ কৰি ৰাজ্যিক কোষাগাৰত মজুত থকা মুঠ 2479 টা খড়্গ দাহৰ ব্যৱস্থা অসম চৰকাৰৰ ৷ সেই অনুসৰি, সম্পূৰ্ণ বৈদিক পৰম্পৰা অনুসৰি বোকাখাতত একেলগে জ্বলি উঠিল 2479 টা খড়্গ ৷

Lady Curzon এ অসমৰ অনন্য এশিঙীয়া গঁড় সংৰক্ষণৰ বাবে পোনপ্ৰথমবাৰৰ বাবে পদক্ষেপ গ্ৰহণ কৰাৰ পাচত প্ৰায় 122 বছৰৰ অন্তত বুধবাৰে বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰে গঁড় সংৰক্ষণৰ বাবে আন এক সাহসী পদক্ষেপ গ্ৰহণ কৰে ৷ এই বিৰল প্ৰজাতিৰ জন্তুবিধ সংৰক্ষণৰ বাবে এক সাহসী পদক্ষেপ গ্ৰহণ কৰি বুধবাৰে অসম চৰকাৰে ৰাজ্যৰ বিভিন্ন কোষাগাৰত মজুত থকা মুঠ 2479 টা খড়্গ দাহ কৰে ৷ চৰকাৰৰ এই পদক্ষেপে গঁড়ৰ খড়্গৰ ঔষধি গুণ থকাক লৈ প্ৰচলিত হৈ থকা ভ্ৰান্ত ধাৰণ দূৰ কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে ৷

1970 দশকৰ পৰা জমা হৈ থকা খড়্গসমূহ দাহ কৰি চৰকাৰে গঁড়ৰ খড়্গক লৈ প্ৰচলিত ধাৰণাক অৰ্থহীন প্ৰমাণিত কৰাৰ লগতে এক শক্তিশালী বাৰ্তা প্ৰেৰণ কৰিছে বুলি ক'ব পৰা যায় ৷ এই পদক্ষেপৰ পাচত চোৰাং চিকাৰীবোৰে খড়্গৰ বাবে গঁড় হত্যা কৰা কাৰ্যৰ পৰা বিৰত থাকিব বুলিও চৰকাৰে আশা প্ৰকাশ কৰিছে ৷

1905 চনত, Lady Curzon এ কাজিৰঙাৰ ওচৰৰ এখন চাহ বাগিচা ভ্ৰমণৰ সময়ত এশিঙীয়া গঁড় প্ৰত্যক্ষ কৰিছিল ৷ যাক সেই সময়ত ব্ৰিটিছসকলে প্ৰচুৰ পৰিমাণে চিকাৰ কৰিছিল ৷ জন্তুটো দেখি মুগ্ধ হৈ ভাৰতৰ তদানীন্তন ভাইচৰয় Lord Curzon ৰ পত্নী Lady Curzonএ তেওঁৰ স্বামীক জন্তুটোক হত্যা কৰাৰ ওপৰত প্ৰতিবন্ধকতা আৰোপ কৰিবলৈ অনুৰোধ জনায় ৷ Lady Curzonৰ আহ্বানমৰ্মে ১৯০৫ চনৰ ১ জুনত অঞ্চলটোক সংৰক্ষিত অৰণ্য হিচাপে ঘোষণা কৰা হৈছিল ৷

ইয়াৰ পাচত এশিঙীয়া গঁড় কেৱল অসমৰ ৰাজ্যিক প্ৰাণী হৈ পৰাই নহয়, ৰাজ্যখনৰ বাবে গৌৰৱৰ প্ৰতীক হৈ পৰিছিল ৷ বহুতো ৰাজ্যিক মালিকানাধীন নিগমে গঁড়ক তেওঁলোকৰ প্ৰতীক হিচাপে ব্যৱহাৰ কৰিছিল ৷

স্বাধীনতাৰ পিছৰ পৰা ৰাজ্য আৰু কেন্দ্ৰৰ চৰকাৰে বন্যপ্ৰাণীৰ সুৰক্ষাৰ বাবে বিভিন্ন আইন প্ৰণয়ন কৰিছিল যদিও এশিঙীয়া গঁড়ৰ চোৰাং চিকাৰ বন্ধ কৰাত এই আইনসমূহ চূড়ান্তভাৱে ব্যৰ্থ হোৱা পৰিলক্ষিত হৈছিল ৷ গঁড়ৰ খড়্গই কৰ্কট ৰোগৰ দৰে ৰোগ নিৰাময় কৰিব পাৰে বুলি প্ৰচলিত কিছুমান বিশ্বাসৰ বাবেই এই জন্তুবিধ চোৰাং চিকাৰীৰ বলি হৈ আহিছে ৷ দক্ষিণ এছিয়াৰ দেশবোৰত কিছুমান পৰম্পৰাগত ঔষধ নিৰ্মাণৰ বাবেও গঁড়ৰ খড়্গৰ যথেষ্ট চাহিদা আছে ৷ দক্ষিণ এছিয়াৰ দেশবোৰত ইয়াক কামোদ্দীপক হিচাপেও ব্যৱহাৰ কৰা হয় ৷

পৰিসংখ্যা অনুসৰি, ১৯৮৩ চনত অসমত ৯২ টা গঁড় চিকাৰ হৈছিল ৷ ইয়াৰ পাচত ১৯৯২ চনত ১৯৯৩ চনত অসমত ক্ৰমান্বয়ে ৬৭ আৰু ৬৮ টা গঁড় চিকাৰ হৈছিল ৷ পিছৰ বছৰবোৰত গঁড়ৰ চোৰাং চিকাৰ হ্ৰাস পোৱা পৰিলক্ষিত হৈছিল যদিও 2000 চনত এই সংখ্যা পুনৰ বৃদ্ধি পাবলৈ ধৰে আৰু গঁড়ৰ চোৰাং চিকাৰ অসমৰ অন্যতম মুখ্য ৰাজনৈতিক বিষয় হৈ পৰে ৷

অসমৰ সেই সময়ৰ মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈ নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰৰ দিনত ২০০১ চনৰ পৰা গঁড়ৰ চোৰাং চিকাৰৰ সংখ্যা যথেষ্ট বৃদ্ধি পাবলৈ ধৰে ৷ ২০১৪ চনত, অসমৰ সুৰক্ষিত অঞ্চলৰ পৰা ৩৮ টা গঁড় চোৰাং চিকাৰীৰ বলি হোৱাৰ সমান্তৰালকৈ কেৱল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এই সংখ্যাই 35ৰ ঘৰ স্পৰ্শ কৰে ৷ 2012 আৰু 2013 চনত অসমত ক্ৰমান্বয়ে 26 আৰু 28 টা গঁড়ৰ চোৰাং চিকাৰ নথিভুক্ত কৰা হৈছিল ৷

লক্ষণীয়ভাৱে 2016 চনত অসমৰ শাসনৰ বাঘজৰী হাতত লোৱা বিজেপিৰ প্ৰাক-নিৰ্বাচনী প্ৰতিশ্ৰুতিসমূহৰ ভিতৰত এক অন্যতম প্ৰতিশ্ৰুতি আছিল এশিঙীয়া গঁড়ৰ সুৰক্ষা ৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত প্ৰথমবাৰৰ বাবে অসমত চৰকাৰ গঠন কৰা গেৰুৱা দলটোৱে গঁড় সুৰক্ষাৰ বাবে কেৱল আইন প্ৰণয়ন কৰাই নহয়, চোৰাং চিকাৰীক প্ৰতিহত কৰাৰ উদ্দেশ্যে বন সুৰক্ষা বাহিনীক অত্যাধুনিক অস্ত্ৰৰে সজ্জিত কৰি তুলিছিল ৷

শাসনলৈ অহাৰ লগে লগে সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰে প্ৰধান মুখ্য বন সংৰক্ষকৰ কাৰ্যালয়(Principal Chief Conservator of Forests) গুৱাহাটীৰ পৰা কাজিৰঙালৈ স্থানান্তৰ কৰে আৰু বিভাগীয় বিষয়াসকলক চোৰাং চিকাৰীৰ ক্ষেত্ৰত উচিত ব্যৱস্থা হাতত লোৱাৰ আহ্বান জনায় ৷ চোৰাং চিকাৰী ৰোধ কৰা পদক্ষেপৰ অংশ হিচাপে 2018 চনত তেতিয়াৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৯০ জন যুৱকক বিশেষ গঁড় সুৰক্ষা বাহিনী(Special Rhino Protection Force)ত নিয়োগ কৰিছিল ৷

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰান্তীয় অঞ্চলৰ স্থানীয় যুৱকসকলক লৈ চৰকাৰে গঠন কৰা এই বিশেষ বাহিনীক ৰাজ্যখনৰ তিনিখন মুখ্য গঁড়ৰ বাসস্থানস্থলী ক্ৰমে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, ওৰাং ৰাষ্ট্ৰীয় উদ্যান আৰু মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ সুৰক্ষাৰ দায়িত্ব প্ৰদান কৰিছিল ৷

একেটা বছৰতে বিজেপি নেতৃত্বাধীন চৰকাৰে 272 টা INSAS ৰাইফল, 954 টা SLR, 133 টা 12 bore Pump Action Guns, 20 টা 9mm পিষ্টল, ৯১ টা ghatak ৰাইফল ৷ ২০১৬-১৭ বৰ্ষৰ ৰাজ্যিক বাজেটতো ‘Modernization of arms and equipment for protection of tiger reserves and rhino bearing protected areas of the state’ আঁচনিৰ অধীনত বন বিভাগৰ বাবে আধুনিক অস্ত্ৰ ক্ৰয়ৰ বাবে ১০ কোটি টকাৰ ব্যৱস্থা কৰা হৈছিল ৷ ইয়াৰ লগতে চোৰাং চিকাৰী আৰু বন্যপ্ৰাণী অপৰাধীৰ বিৰুদ্ধে দ্ৰুত গতিত ব্যৱস্থা লোৱাৰ উদ্দেশ্যে চৰকাৰে ১০ খন বন্যপ্ৰাণী ফাৰ্ষ্ট ট্ৰেক আদালত স্থাপন কৰিছিল ৷

অনুপ শৰ্মা

সহকাৰী বাৰ্তা সম্পাদক

ইটিভি ভাৰত অসম

Last Updated :Sep 27, 2021, 9:38 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.