গৰুখুটিৰ গুলীচালনাৰ ঘটনাকলৈ প্ৰদেশ কংগ্রেছৰ সভাপতি ভূপেন কুমাৰ বৰাৰ প্ৰতিক্ৰিয়া

author img

By

Published : Sep 23, 2021, 6:23 PM IST

apcc-president-bhupen-kumar-boras-reaction-on-dhalpur-firing-incident

ছিপাঝাৰৰ ঢলপুৰত চলোৱা উচ্ছেদ অভিযানত আৰক্ষীৰ গুলীত দুজনকৈ লোক নিহত হোৱাৰ পাছতে ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰদেশ কংগ্রেছৰ সভাপতি ভূপেন কুমাৰ বৰাই ৷ লগতে অসমক আৰক্ষী শাসিত ৰাজ্যলৈ ৰূপান্তৰিত নকৰিবলৈ বিজেপি চৰকাৰক সকীয়াই দিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই ৷

গুৱাহাটী, 23 ছেপ্তেম্বৰ : অসম চৰকাৰে ছিপাঝাৰৰ ঢলপুৰ গৰুখুটিত চলোৱা উচ্ছেদ অভিযানত আৰক্ষীয়ে গুলীচালনা কৰা ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই ৷ এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ কয় যে- ক'ভিড মহামাৰীৰ এই সংকটকালত উচ্ছেদ অভিযান আমানৱীয় ৷ উচ্চতম ন্যায়ালয়ে ক'ভিড মহামাৰীৰ সময়ত উচ্ছেদ অভিযান স্থগিত ৰাখিবলৈ নিৰ্দেশ দিছিল যদিও অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তাক অমান্য কৰিছে ৷

ঢলপুৰৰ গুলীচালনাৰ ঘটনাকলৈ প্ৰদেশ কংগ্রেছৰ সভাপতি ভূপেন কুমাৰ বৰাৰ প্ৰতিক্ৰিয়া

লগতে তেওঁ কয় যে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অহংকাৰী আৰু একনায়কত্ববাদী মানসিকতাৰে ধলপুৰৰ বাসিন্দা সকলক উচ্ছেদ কৰিবলৈ লৈছে ৷ 1970 দশকৰ পৰা বসতি কৰি অহা ঢলপুৰৰ বাসিন্দা সকলক উচ্ছেদ কৰিবলৈ লৈছে ৷ উচ্ছেদ কৰাৰ আগতে চৰকাৰে পুনৰ সংস্থাপন আৰু বিকল্প বাসস্থানৰ ব্যৱস্থা কৰিব লাগিছিল ৷ এই এলেকাৰ বাসিন্দা সকলক 2016 ত বিজেপি শাসনলৈ অহাৰ দিনাৰ পৰা উৎপীড়ন চলাই আহিছে ৷

আনহাতে বিকল্প ভূমি আৰু বাসগৃহৰ ব্যৱস্থা নকৰিলে এই ভুক্তভোগী দুখীয়া মানুহখিনি ক'লৈ যাব আৰু কেনেকৈ তেওঁলোক জীয়াই থাকিব বুলিও প্ৰশ্ন উত্থাপন কৰিছে ভূপেন কুমাৰ বৰাই ৷ এওঁলোকৰ বেছিভাগেই খেতিয়ক আৰু তেওঁলোকৰ জীৱিকাৰ উৎসৰ ওপৰত আক্ৰমণ হৈছে ৷

ইয়াৰ উপৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীয়ে কয় যে, চৰকাৰৰ দায়িত্ব মানুহৰ কল্যাণ সাধন কৰা ৷ চৰকাৰে প্ৰথমতে এই মানুহখিনিৰ পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰাৰ লগতে বলপূৰ্বকভাৱে নিৰীহ মানুহক উচ্ছেদ নকৰিবলৈ আমি দাবী জনাইছো ৷ তেওঁ কয়, এইটো পৰিষ্কাৰ হৈ গৈছে যে বিজেপি চৰকাৰখনে ভুৱা এনকাউণ্টাৰ আৰু এতিয়া মুক্তভাৱে মানুহক গুলিয়াই কেৱল বুলেটৰ ভাষাৰে চৰকাৰ চলোৱাৰ অভিসন্ধি ৰচিছে ৷

এনেকুৱা ধৰণৰ শাসন ব্যৱস্থা গৰিহণাৰ যোগ্য আৰু ই গণতান্ত্ৰিক ব্যৱস্থাৰ বাবে বিপদজনক বুলি উল্লেখ কৰি অসমক আৰক্ষী শাসিত ৰাজ্যলৈ ৰূপান্তৰিত নকৰিবলৈ বিজেপি চৰকাৰক সকীয়াই দিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই ৷

লগতে পঢ়কঃ গৰুখুটিৰ উচ্ছেদ অভিযানত উত্তেজনা; আৰক্ষীৰ গুলীত নিহত দুজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.