ETV Bharat / state

Assam Assembly Winter Session : বিধানসভা অধিবেশনৰ প্ৰথম দিনটোত কেইবাখনো বিধেয়ক উত্থাপন

author img

By

Published : Dec 20, 2022, 7:31 PM IST

Assam Assembly
Assam Assembly

মঙলবাৰে পুৱা‌ ৯.৩০ বজাৰ পৰা আৰম্ভ হোৱা অসম বিধানসভাৰ শীতকালীন অধিবেশনৰ প্ৰথম দিনটোৰ কাৰ্যসূচী উত্তপ্ত পৰিস্থিতিৰ মাজেৰে সমাপ্ত হয় (15th Assam Assembly) । বিধানসভাৰ অধিবেশনৰ প্ৰথমদিনটোত কেইবাখনো বিধেয়ক উত্থাপন কৰা হয় । ইফালে অধ্যক্ষৰ নিৰ্দেশ অমান্য কৰাৰ‌ বাবে অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে অখিল গগৈক সদনৰ পৰা নিলম্বন কৰে ।

গুৱাহাটী, ২০ ডিচেম্বৰ : মঙলবাৰে পুৱা‌ ৯.৩০ বজাৰ পৰা আৰম্ভ হোৱা অসম বিধানসভাৰ শীতকালীন অধিবেশনৰ প্ৰথম দিনটোৰ কাৰ্যসূচী উত্তপ্ত পৰিস্থিতিৰ মাজেৰে সমাপ্ত হয় (15th Assam Assembly) । আৰম্ভণিতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰাজ্য চৰকাৰে চলোৱা উচ্ছেদক লৈ অসন্তুষ্টি প্ৰকাশ কৰি এ আই ইউ ডি এফৰ বিধায়কসকলে সদন ত্যাগ কৰে (AIUDF walk out for eviction issue) । চৰকাৰে চলাই থকা অমানৱীয় উচ্ছেদক লৈ এ আই ইউ ডি এফৰ বিধায়কসকলে সদনৰ বাহিৰলৈ গৈ প্ৰতিবাদ সাব্যস্ত কৰে ।

আনহাতে, চৰকাৰৰ উচ্ছেদৰ বিৰুদ্ধে এ আই ইউ ডি এফে সদন ত্যাগ কৰাৰ পিছতে কংগ্ৰেছৰ বিধায়কসকলেও অসমৰ সীমা সমস্যাক সদনত উত্থাপন কৰিব নিদিয়াৰ অভিযোগত সদন ত্যাগ কৰে (Congress walk out for border issue) । ইপিনে প্ৰশ্নোত্তৰ কালেৰে আৰম্ভ হোৱা বিধানসভাৰ শীতকালীন অধিবেশনৰ আৰম্ভণিতে মহিলাৰ বিৰুদ্ধে ধৰ্ষণ, অপৰাধ বৃদ্ধি পোৱা আৰু অসম আৰু মেঘালয়ৰ সীমা সমস্যাক লৈ সৃষ্টি হোৱা পৰিস্থিতিৰ সন্দৰ্ভত শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ নেতা অখিল গগৈয়ে সদনৰ মজিয়া উত্তপ্ত কৰি তোলে (Akhil Gogoi suspended from Assam Assembly) ।

কিন্তু অখিল গগৈয়ে বাৰে বাৰে অধ্যক্ষৰ নিৰ্দেশ অমান্য কৰাৰ‌ বাবে অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে অখিল গগৈক সদনৰ পৰা নিলম্বন কৰে । লগতে মাৰ্শ্বেল লগাই সদনৰ পৰা বিধায়কগৰাকীক বাহিৰ কৰি দিয়ে । উল্লেখ্য যে পঞ্চদশ অসম বিধানসভাৰ ২০২২ বৰ্ষৰ শীতকালীন অধিবেশনখন মঙলবাৰৰ পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে (Assam assembly winter session) । পুৱা 9.30 বজাৰ পৰা প্ৰশ্নোত্তৰ কালেৰে আৰম্ভ হয় বিধানসভাৰ শীতকালীন অধিবেশন ।

বিধানসভাৰ প্ৰথমদিনাৰ অধিবেশনত ১০ খনকৈ বিধেয়ক উত্থাপন কৰা‌ হয় (Assam assembly winter session 2022) । সদনত সংশোধনৰ বাবে উত্থাপন কৰা বিধেয়ককেইখন‌ হৈছে 'দ্য মিনিমাম ৱেজেছ (আছাম এমেণ্ডমেণ্ট) বিল, ২০২২', 'দ্য বিল্ডিং এণ্ড আদাৰ কনষ্ট্ৰাকচন ৱকাৰ্ছ ৱেলফেয়াৰ চেচ (আছাম এমেণ্ডমেণ্ট) বিল, ২০২২', 'দ্য প্লেনটেচনছ লেবাৰ (আছাম এমেণ্ডমেণ্ট) বিল, ২০২২', 'দ্য ইণ্ডাষ্ট্রিয়েল ডিছপুটছ (আছাম এমেণ্ডমেণ্ট) বিল, ২০২২', 'দ্য বিড়ি এণ্ড চিগাৰ ৱকাৰ্ছ (কণ্ডিচনছ অব এমপ্লয়মেণ্ট) (আছাম এমেণ্ডমেণ্ট) বিল, ২০২২', 'দ্য কনট্রেক্ট লেবাৰ (ৰেণ্ডলেচন এগু এব'লিচন) (আছাম এমেণ্ডমেণ্ট) বিল, ২০২২', 'দ্য ইণ্টাৰ-ষ্টেট মাইগ্রেণ্ট ৱর্কমেন (ৰেগুলেচন অব এমপ্লয়মেণ্ট এণ্ড কণ্ডিচনছ অব ছার্ভিছেজ) (আছাম এমেণ্ডমেণ্ট) বিল, ২০২২', 'দ্য ইকুৱেল ৰিমুনাৰেচন (আছাম এমেণ্ডমেণ্ট) বিল, ২০২২', 'দ্য বিল্ডিং এণ্ড আদাৰ কনষ্ট্ৰাকচন ৱকাৰ্ছ (ৰেগুলেচন এণ্ড এমপ্লয়মেণ্ট এণ্ড কণ্ডিচন অব ছাৰ্ভিচ) (আছাম এমেণ্ডমেণ্ট) বিল, ২০২২', 'দ্য পেমেণ্ট অব গ্ৰেছুইটী (আছাম এমেণ্ডমেণ্ট) বিল, ২০২২' । উল্লেখ্য, বুধবাৰে পুৱাৰে পৰা পুনৰ বিধানসভাৰ দ্বিতীয় দিনৰ অধিবেশন আৰম্ভ হ'ব ।

লগতে পঢ়ক :Assam Assembly Winter Session 2022 : অসমৰ সীমাবিবাদ প্ৰসংগত কংগ্ৰেছৰ সদন ত্যাগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.