Assam Assembly Winter Session 2022 : অসমৰ সীমাবিবাদ প্ৰসংগত কংগ্ৰেছৰ সদন ত্যাগ

author img

By

Published : Dec 20, 2022, 3:13 PM IST

Assembly

চৰকাৰৰ উচ্ছেদৰ বিৰুদ্ধে এ আই ইউ ডি এফে সদন ত্যাগ কৰাৰ (AIUDF walk out for eviction issue) পিছতে কংগ্ৰেছৰ বিধায়কসকলেও অসমৰ সীমা সমস্যাক সদনত উত্থাপন কৰিব নিদিয়াৰ বাবে সদন ত্যাগ কৰে (Congress walk out for border issue) । যাৰ ফলত বিধানসভাৰ শীতকালীন অধিবেশনৰ মঙলবাৰে প্ৰথমদিনাই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় বিধানসভাত ।

অসমৰ সীমাবিবাদ প্ৰসংগত কংগ্ৰেছৰ সদন ত্যাগ

গুৱাহাটী, ২০ ডিচেম্বৰ : বিৰোধীৰ তীব্ৰ হুলস্থুল আৰু বাদানুবাদৰ মাজেৰে মঙলবাৰৰ পৰা আৰম্ভ হৈছে অসম বিধানসভাৰ শীতকালীন অধিবেশন । পঞ্চদশ অসম বিধানসভাৰ (15th Assam Assembly) ২০২২ বৰ্ষৰ শীতকালীন অধিবেশনৰ প্ৰথম দিনটোতে বিভিন্ন দাবীৰে বিৰোধী দল তথা বিধায়কসকলে উত্তপ্ত কৰি তোলে বিধানসভাৰ মজিয়া । উল্লেখ্য, পাঁচদিনীয়া কাৰ্যসূৰ্যচীৰে আজিৰে আৰম্ভ হৈছে (Assam assembly winter session) এই শীতকালীন অধিবেশন । প্ৰশ্নোত্তৰ কালেৰে আৰম্ভ হৈছে বিধানসভাৰ শীতকালীন অধিবেশন (Assam assembly winter session 2022) ।

উল্লেখ্য, চৰকাৰৰ উচ্ছেদৰ বিৰুদ্ধে এ আই ইউ ডি এফে সদন ত্যাগ কৰাৰ (AIUDF walk out for eviction issue) পিছতে কংগ্ৰেছৰ বিধায়কসকলেও অসমৰ সীমা সমস্যাক সদনত উত্থাপন কৰিব নিদিয়াৰ বাবে সদন ত্যাগ কৰে (Congress walk out for border issue) । যাৰ ফলত বিধানসভাৰ শীতকালীন অধিবেশনৰ মঙলবাৰে প্ৰথমদিনাই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় বিধানসভাত ।

শেহতীয়াভাৱে অসম চৰকাৰে চলাই থকা বিভিন্ন স্থানত উচ্ছেদক লৈ এ আই ইউ ডি এফৰ বিধায়কসকলে সদন ত্যাগ কৰে । চৰকাৰে চলাই থকা অমানৱীয় উচ্ছেদক লৈ এ আই ইউ ডি এফৰ বিধায়কসকলে সদনৰ বাহিৰলৈ গৈ প্ৰতিবাদ সাব্যস্ত কৰে । তাৰ পিছতে অসমৰ আন ৰাজ্যৰ লগত থকা সীমা সমস্যাৰ বিষয়টো সদনত উত্থাপন কৰিব নিদিয়াৰ বাবে কংগ্ৰেছৰ বিধায়কসকলেও সদন ত্যাগ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ।

সদন ত্যাগ কৰি বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াই সংবাদ মাধ্যমৰ আগত কয়, "যোৱা বছৰ জুলাই মাহত ছয়গৰাকী অসম আৰক্ষী জোৱান অপৰিচিত মিজোৰাম আৰক্ষীৰ গুলীত নিহত হৈছিল । তাৰ পিছত শেহতীয়াকৈ অসমৰ মাটিত মিজোৰাম চৰকাৰে স্কুল স্থাপন কৰিছে ।" তেওঁ আৰু কয় যে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি 1933 চনৰ survey of India-ৰ মানচিত্ৰ অনুযায়ী অসম আৰু মিজোৰামৰ সীমা নিৰ্ধাৰণ কৰিব লাগে ।

পূৰ্বৰ কংগ্ৰেছ চৰকাৰে এই নিৰ্দেশ অনুসৰণ কৰিছে যদিও মিজোৰাম চৰকাৰে 1875 চনৰ সমীক্ষা (survey) অনুসৰি অসম আৰু মিজোৰামৰ সীমা নিৰ্ধাৰণ কৰাটো বিচাৰি আছে । কিন্তু বিজেপি নেতৃত্বাধীন অসম চৰকাৰে বৰ্তমান 1875 চনৰ survey অনুসৰি অসম আৰু মিজোৰামৰ সীমা নিৰ্ধাৰণ কৰাটোৰ ওপৰত গুৰুত্ব দিছে । বাকী মেঘালয় আৰু অৰুণাচল প্ৰদেশ আদি চুবুৰীয়া ৰাজ্যৰ লগতো বিজেপি চৰকাৰে এই কাম কৰিবলৈ লৈছে ।

এয়া সম্পূৰ্ণ অসমবিৰোধী বুলি তেওঁ মন্তব্য কৰে । এই বিষয়বোৰ সদনত উত্থাপন কৰিব বিচৰা হৈছিল । কিন্তু এই বিষয়বোৰ সদনত উত্থাপন কৰিব নিদিয়াৰ বাবে কংগ্ৰেছৰ বিধায়কসকলে সদন ত্যাগ কৰিছে । ইপিনে বিধায়ক ৰকিবুল‌ হুছেইনে কয় যে বসুন্ধৰাৰ কাম চলি থকাৰ সময়তে চৰকাৰে অমানৱীয়ভাৱে বটদ্ৰৱাত উচ্ছেদ অভিযান চলাই আছে । এই উচ্ছেদ মুছলমান বিদ্বেষী বুলিও তেওঁ কয় । এফালে এচামক মাটিৰ অধিকাৰ দিছে, আনফালে এচামক ভূমিৰ অধিকাৰৰ পৰা উচ্ছেদ কৰি‌ আছে । । এয়া অন্যায় বুলিও তেওঁ মন্তব্য কৰে ।

লগতে পঢ়ক :Assam assembly winter session: সদনৰ পৰা মাৰ্শ্বাল লগাই বাহিৰ কৰি দিয়া হ’ল শিৱসাগৰৰ বিধায়ক অখিল গগৈক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.