ETV Bharat / state

Forest land encroachment: দেশৰ বেদখলকৃত বনাঞ্চলৰ ৫৪ শতাংশই অসমৰ

author img

By

Published : Dec 15, 2022, 6:57 PM IST

Forest land encroachment
Forest land encroachment

দেশত সম্প্রতি ৭,০৩,১৫১.২৭ হেক্টৰ বনভূমি বেদখলকাৰীৰ কবলত আছে (Forest land encroachment in India)। ইয়াৰ ভিতৰত কেৱল অসমতে আছে ৩,৭৭,৫৩২.৬৩ হেক্টৰ বেদখলীকৃত বনভূমি । দেশৰ বেদখলীকৃত মুঠ বনাঞ্চলৰ ৫৩.৬৯ শতাংশই হৈছে অসমৰ (Forest land encroachment in Assam)। বিগত প্রায় তিনি বছৰত অসমত বেদখল হৈছে ৬০,৩১৭ হেক্টৰ বনভূমি । লোকসভাৰ মজিয়াত উন্মোচিত অসমৰ বনাঞ্চলৰ উদ্বেগজনক ছবি ।

গুৱাহাটী, 15 ডিচেম্বৰ: প্ৰাকৃতিক সম্পদ-সম্ভাৱনীয়তৰে পৰিবেষ্টিত অসমৰ বনাঞ্চল বেদখলকাৰীৰ দৌৰাত্ম্যত ক্ৰমাৎ সংকুচিত হৈ আহিছে (Increasing of Encroachment in Assam) । অসমত বনভূমি বেদখলে একপ্ৰকাৰ অভিলেখ সৃষ্টি কৰিছে । কিয়নো বেদখলীকৃত দেশৰ মুঠ বনাঞ্চলৰ ৫৪ শতাংশই হৈছে অসমৰ (Forest land encroachment in Assam) । লোকসভাৰ মজিয়াতে উন্মোচিত হৈছে এই উদ্বেগজনক তথ্য ।

কেন্দ্ৰীয় বন আৰু পৰিৱেশ দপ্তৰৰ ৰাজ্যমন্ত্ৰী অশ্বিনী কুমাৰ চৌবেয়ে লোকসভাত দিয়া তথ্য মতে দেশত সম্প্রতি ৭,০৩,১৫১.২৭ হেক্টৰ অৰ্থাৎ ৭,০৩১.৫ বর্গকিলোমিটাৰ বনভূমি বেদখলকাৰীৰ কবলত আছে (Forest land encroachment in India)। ইয়াৰ ভিতৰত কেৱল অসমতে আছে ৩,৭৭,৫৩২.৬৩ হেক্টৰ অৰ্থাৎ ৩,৭৭৫.৩২ বৰ্গকিলোমিটাৰ বেদখলীকৃত বনভূমি । অর্থাৎ দেশৰ বেদখলীকৃত মুঠ বনাঞ্চলৰ ৫৩.৬৯ শতাংশই হৈছে অসমৰ ।

আনহাতে, আন এক উদ্বেগৰ বিষয় হৈছে যে বিগত প্রায় তিনি বছৰত অসমত ৬০,৩১৭ হেক্টৰ বনভূমি বেদখল হৈছে (Forest land encroachment) ।

উল্লেখ্য যে, ২০২০ চনৰ ২ মার্চত তদানীন্তন বন আৰু পৰিৱেশ দপ্তৰৰ কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী বাবুল সুপ্রিয়ই ৰাজ্যসভাৰ মজিয়াত প্ৰদান কৰা বিবৃতিত জনাইছিল যে সেই সময়ত অসমৰ ৩,১৭,২১৫.৩৯ হেক্টৰ বনভূমি বেদখলৰ কবলত আছিল । অর্থাৎ ২ বছৰ ৯ মাহত উক্ত বৃহৎ পৰিমাণৰ বনভূমি বেদখল হোৱাটো অতিকৈ উদ্বেগজনক বিষয় ।

যিটো সময়ত অসম চৰকাৰে বেদখলৰ বিৰুদ্ধে ব্যাপক অভিযান আৰম্ভ কৰিছে সেই সময়তে বনাঞ্চল বেদখলকাৰীৰ কবলত পৰি সংকুচিত হৈছে । লক্ষণীয় বিষয় যে অসমৰ দৰে ইমান বৃহৎ পৰিমাণৰ বনভূমি বেদখল দেশৰ কোনো এখন ৰাজ্যতেই হোৱা নাই । অসমৰ পাছত দ্বিতীয় স্থানত থকা মধ্য প্রদেশৰ বেদখলীকৃত বনভূমিৰ পৰিমাণ হৈছে ৫৪,১৭৩.২৮ হেক্টৰ ।

মধ্য প্রদেশৰ পাছত উত্তৰ-পূৰ্বাঞ্চলৰ আন এখন ৰাজ্য অৰুণাচল প্ৰদেশত বেদখলীকৃত বনভূমিৰ পৰিমাণ হৈছে ৫৩,৪৫০.৪৩ হেক্টৰ । উত্তৰ-পূৰ্বাঞ্চলৰ ৮ খন ৰাজ্যতেই বনভূমি বেদখলৰ ঘটনা যথেষ্ট উদ্বেগজনক ।

তথ্য অনুসৰি সৰু সৰু ৰাজ্য হিচাপে মিজোৰামত ১০,৮৫২.৮০ হেক্টৰ, মেঘালয়ত ৯,৮১৬.৩১ হেক্টৰ, ত্ৰিপুৰাত ৩,৬২১.৮০ হেক্টৰ, ছিকিমত ২,৮১৭.২১ হেক্টৰ আৰু মণিপুৰত ২,২১৩.৮২ হেক্টৰ বনভূমি বেদখল হৈছে । ইয়াৰ বিপৰীতে দেশৰ মুঠ ৩৭ খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত ৰাজ্যৰ ভিতৰত তিনিখন ৰাজ্যৰ বনভূমি মুঠেই বেদখল হোৱা নাই । এই ৰাজ্যকেইখন হৈছে গোৱা, লাক্ষাদ্বীপ আৰু পুড্ডুচেৰী ।

উল্লেখ্য যে, অসমৰ মুঠ মাটিকালিৰ ৩৬ শতাংশহে বনভূমি । ইয়াৰে ইমান বৃহৎ পৰিমাণৰ বনভূমি বেদখল হোৱাটো অত্যন্ত উদ্বেগৰ বিষয় । ইয়াৰ বিপৰীতে দক্ষিণ ভাৰতৰ ৰাজ্য কেৰালাৰ মুঠ মাটিকালিৰ ৫৪ শতাংশই বনভূমি । কিন্তু ৰাজ্যখনৰ বেদখলীকৃত বনভূমিৰ পৰিমাণ হৈছে মাত্র ৫,০২৪.৫৪ হেক্টৰ । শেহতীয়াকৈ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে বেদখলৰ বিৰুদ্ধে উচ্ছেদ অভিযান তীব্ৰতৰ কৰি তুলিছে যদিও কিমান বনভূমি মুক্ত কৰিবলৈ সক্ষম হ'ব সেয়া সময়েহে ক'ব ।

লগতে পঢ়ক: Elephant menace in Goalpara: গোৱালপাৰাৰ ঘাইপথত বন্যহস্তীৰ আক্ৰমণত নিহত তিনিজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.