ETV Bharat / state

Cotton University Elections 2022: শান্তিপূৰ্ণভাৱে সমাপ্ত কটন বিশ্ববিদ্যালয়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ

author img

By

Published : Jan 4, 2022, 8:30 PM IST

মঙলবাৰে অনুষ্ঠিত হয় কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচন (General election of Cotton University Student Body)। ভোটদানৰ হাৰ আছিল ৬৮.৩ শতাংশ । বুধবাৰে ঘোষণা হ'ব নিৰ্বাচনৰ ফলাফল ।

Cotton University Elections 2022
শান্তিপূৰ্ণভাৱে সমাপ্ত কটন বিশ্ববিদ্যালয়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ

গুৱাহাটী,৪ ডিচেম্বৰ : ক'ভিড পৰিস্থিতিৰ বাবে দুবছৰৰ অন্তত অনুষ্ঠিত হৈছে কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচন (General election of Cotton University Student Body)। মঙলবাৰে পুৱা ১০ বজাৰ পৰা আবেলি ২ বজালৈ শান্তিপূৰ্ণভাৱে অনুষ্ঠিত হয় এই নিৰ্বাচনৰ ভোটগ্ৰহণ (Peacefully concluded Cotton University election polls)। জানিব পৰা মতে নিৰ্বাচনত ভোটদানৰ হাৰ আছিল ৬৮.৩ শতাংশ ।

Cotton University Elections 2022
শান্তিপূৰ্ণভাৱে সমাপ্ত কটন বিশ্ববিদ্যালয়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ

বিশ্ববিদ্যালয়ৰ মুঠ ভোটাৰ শিক্ষাৰ্থী আছিল ৫,০৩৭ গৰাকী । ভোটাধিকাৰ সাব্যস্ত কৰে ৩,৪৪২ গৰাকীয়ে । গুৰুত্বপূৰ্ণ কথাটো হ'ল যে ১৬ টা বিভাগৰ বাবে মুঠ ৪৬ গৰাকীকৈ প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা আগবঢ়াইছে এই নিৰ্বাচনত ।

Cotton University Elections 2022
শান্তিপূৰ্ণভাৱে সমাপ্ত কটন বিশ্ববিদ্যালয়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ

ইয়াৰ উপৰিও দুটা ক'ৰ্ট মেম্বাৰ পদৰ বাবে ৪ গৰাকী প্ৰাৰ্থীয়ে নিৰ্বাচনত অৱতীৰ্ণ হৈছে । ইফালে ক'ৰ্ট মেম্বাৰ পদত সাব্যস্ত হয় ১,২১৪ টা ভোট । ইয়াৰে মুঠ ভোটাৰ আছিল ১,৮৯৬ গৰাকী ।

আনহাতে, বুধবাৰে পুৱা ১০ বজাৰ পৰা আৰম্ভ হ'ব ভোট গণনা প্ৰক্ৰিয়া । প্ৰাৰ্থীৰ ভাগ্য বন্দী হৈ থকা বেলত বাকচসমূহ নিশাটো পানবজাৰ আৰক্ষী থানাতে ৰখা হৈছে ।

লগতে পঢ়ক :Cotton University Elections 2022 : আজি কটন বিশ্ববিদ্যালয়ৰ ভোটগ্ৰহণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.