ETV Bharat / state

APCC President Bhupen Borah : আজমলে সাংবাদিকক কি ক’ব সেয়াও হেনো অসম চৰকাৰৰ মন্ত্ৰীৰ মতেহে হয় !

author img

By ETV Bharat Assamese Team

Published : Oct 30, 2023, 5:15 PM IST

APCC President Bhupen Borah
ভূপেন বৰাৰ সংবাদমেল

বদৰুদ্দিন আজমলে সংবাদ মাধ্যমৰ সন্মুখত কি ক’ব সেয়াও হেনো দিছপুৰেহে নিৰ্ধাৰণ কৰে ৷ এয়া ভূপেন বৰাৰ কথা ৷ দেশৰ 26 টা বিৰোধী দলে এ আই ইউ ডি এফক প্ৰত্যাখ্যান কৰিছে বুলিও ক’লে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে ৷

ভূপেন বৰাৰ সংবাদমেল

গুৱাহাটী, ৩০ অক্টোবৰ : এ আই ইউ ডি এফৰ আজমলে ৰাজনৈতিক মন্তব্যকে ধৰি সকলো মন্তব্য আগবঢ়ায় দিছপুৰৰ পৰা অহা মন্ত্ৰীৰ নিৰ্দেশমৰ্মে ৷ ৰাতিপুৱাই আজমললৈ দিছপুৰৰ মন্ত্ৰীৰ ফোন যায়- ‘আপুনি আজি এনেকৈ ক’ব ৷’- এয়া আমাৰ কথা নহয় ৷ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই সোমবাৰে আজমলৰ বিৰুদ্ধে আনিছে এই বিস্ফোৰক অভিযোগ ৷

উল্লেখ্য যে, ২০২৪ৰ লোক সভাৰ নিৰ্বাচনৰ বাবে কংগ্ৰেছৰ নেতৃত্বত অসমৰ ১৫ টা বিৰোধী দলৰ মিত্ৰজোঁটৰ পৰা বাহিৰত থাকিব লগা হোৱা আজমলে ধাৰাবাহিকভাৱে আক্ৰমণৰ লক্ষ্য কৰি লৈছে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক ৷ মিত্ৰতাৰ পৰা বাহিৰত থাকিবলগীয়া হোৱাৰ বাবে একপ্ৰকাৰ জগৰীয়া কৰি ক্ষোভ উজাৰি আহিছে ভূপেন বৰাৰ বিৰুদ্ধে ৷

লগতে, শেহতীয়াভাৱে মুছলমানক লৈয়ো বিতৰ্কিত ৰাজনৈতিক মন্তব্য কৰি আহিছে আজমলে ৷ আজমলৰ এনে মন্তব্যবোৰ দিনটোৰ অথবা কেইবাদিনৰ বাবে সংবাদ শিৰোনাম হৈ পৰে ৷ ইয়াকে লৈ আজমলৰ বিৰুদ্ধে সমালোচনা আৰু অভিযোগেৰে মুখৰ হৈ পৰিছে ভূপেন বৰা ।

“দেশৰ ২৬ টা বিৰোধী ৰাজনৈতিক দল একেলগ হৈছে, ৩ খন বৈঠক হৈছে ৷ আটাইকেইখন বৈঠকত আজমলক বয়কট কৰা হ'ল ৷ সকলো দলেই সাম্প্ৰদায়িক শক্তি আজমলক বয়কট কৰিলে । তাৰ দোষ মোলৈ ঠেলি লাভ নাই আজমলে ” আজমলক প্ৰত্যুত্তৰ ভূপেন বৰাৰ ৷

ইয়াৰোপৰি ভূপেন বৰাৰ মন্তব্য- ‘‘অসমত বিৰোধী ঐক্যত ১৫ হ'ল ৷ আৰু দুটা দল আহিব বিৰোধী ঐক্যলৈ ৷’’ সোমবাৰে আজমল প্ৰসংগত ভূপেন বৰাৰ আটাইতকৈ ৱিস্ফোৰক মন্তব্যটো হ’ল- “চৰকাৰৰ কেইজনমান মানুহে পৰিকল্পিতভাৱে ৰাতিপুৱাই ফোন কৰি আজমলে দিনটোত সংবাদ মাধ্যম মাতি কি বিষয়ত কেনেকৈ ক'ব লাগে কৈ দিয়ে ৷ যাতে চৰকাৰৰ বিফলতাবোৰ আলোচনা কৰিবলৈ কাৰোৰে সময় নাথাকে ৷ ... অসমৰ মন্ত্ৰীয়ে ফোন কৰি কৈ দিয়ে আজমলক ৷” আজমল প্ৰসংগত এপিচিচিৰ সভাপতিগৰাকীৰ এই বিস্ফোৰক মন্তব্যই যে আসন্ন নিৰ্বাচনত আজমলৰ দুৰ্গ স্পৰ্শ কৰিব সেয়া নিশ্চিত ৷ এতিয়া অপেক্ষা ভূপেন বৰাৰ বিস্ফোৰক অভিযোগৰ প্ৰত্যুত্তৰৰ ৷

লগতে পঢ়ক : Badruddin Ajmal visit in Dhubri: 3 খন আমাৰ, 11 খন কংগ্ৰেছক দিলো: লোকসভাৰ আসন ভাগ-বাটোৱাৰা আজমলৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.