ETV Bharat / state

কাক কাক প্ৰাৰ্থী হিচাপে বিচাৰে সভাপতি ভূপেন বৰাই ?

author img

By ETV Bharat Assamese Team

Published : Dec 20, 2023, 2:12 PM IST

APCC President bhupen bora
কাক কাক প্ৰাৰ্থী হিচাপে বিচাৰে সভাপতি ভূপেন বৰাই ?

আবেদন পত্র গৌৰৱ গগৈয়ে মেইল যোগে দিব আৰু মাননি ৰাজীৱ ভৱনত নিজে আহি জমা দিব। প্ৰাৰ্থীত্ব দিয়াৰ ক্ষেত্রত দলৰ শীৰ্ষ নেতৃত্বই সিদ্ধান্ত ল'ব । দলে বিচৰা ধৰণেই কাম কৰিব আব্দুল খালেকে: ভূপেন বৰা

কাক কাক প্ৰাৰ্থী হিচাপে বিচাৰে সভাপতি ভূপেন বৰাই ?

গুৱাহাটী, ২০ ডিচেম্বৰ: সংসদৰ অধিৱেশন চলি থকা বাবে সাংসদ গৌৰৱ গগৈয়ে মেইল যোগে নিজৰ আবেদন পত্র জমা দিব। এই কথা সদৰী কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই।

উল্লেখ্য যে, লোকসভা নিৰ্বাচনৰ বাবে প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ পৰা আবেদন পত্র বিচাৰি কংগ্ৰেছে সময়সীমা নিৰ্ধাৰণ কৰি দিছিল। সেই অনুসৰি গুৱাহাটীৰ ৰাজীৱ ভৱনত ১১ ডিচেম্বৰৰ পৰা আবেদন পত্র সংগ্ৰহ কৰা হৈছিল । লগতে মাননি হিচাপে এক লাখ টকা প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ পৰা লোৱা হৈছিল। আবেদন পত্র জমা দিয়াৰ শেষ তাৰিখ ১৯ ডিচেম্বৰ ধাৰ্য কৰা হৈছিল যদিও সেই সময়সীমা ২২ ডিচেম্বৰলৈ বৃদ্ধি কৰা হৈছিল ।

ইতিমধ্যে প্ৰদেশ কংগ্ৰেছে ১৪ টা লোকসভা সমষ্টিৰ বাবে ৭০ গৰাকীৰ পৰা আবেদন পত্র লাভ কৰিছে। কিন্তু এতিয়ালৈকে সাংসদ গৌৰৱ গগৈয়ে আবেদন পত্র জমা দিয়া নাই। এই সন্দৰ্ভত আজি সংবাদ মাধ্যমৰ আগত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কয় যে সাংসদ গৌৰৱ গগৈয়ে ৰাজীৱ ভৱনত নিজে আজি আবেদন পত্র জমা দিব বিচাৰিছিল। কিন্তু সংসদৰ অধিৱেশন চলি থকা বাবে গৌৰৱ গগৈ আহিব পৰা নাই। আবেদন পত্র গৌৰৱ গগৈয়ে মেইল যোগে দিব আৰু মাননি ৰাজীৱ ভৱনত নিজে আহি জমা দিব বুলি জনাইছে। ইয়াত বেয়া পাবলগীয়া কথা নাই বুলি ভূপেন বৰাই কয়।

ভূপেন বৰাই লগতে কয় যে, সভাপতি হিচাপে তেওঁ গৌৰৱ গগৈ, প্ৰদ্যুৎ বৰদলৈ, ৰকিবুল হুছেইন আৰু দেৱব্ৰত শইকীয়াও প্ৰাৰ্থী হোৱাটো বিচাৰে। প্ৰাৰ্থীত্ব দিয়াৰ ক্ষেত্রত দলৰ শীৰ্ষ নেতৃত্বই সিদ্ধান্ত ল'ব বুলি সদৰী কৰি ভূপেন বৰাই কয় যে প্ৰদেশ কংগ্ৰেছৰ প্ৰাৰ্থিত্বকেন্দ্ৰিক বৰ বেছি অনুশীলন কৰিবলগীয়া নাই। জিলাসমূহে প্ৰাৰ্থিত্বৰ পেনেল প্ৰেৰণ কৰাৰ পাচত পি এছ চি মিটিঙত বহি পাচত দিল্লীলৈ প্ৰেৰণ কৰা হ'ব।

আনহাতে 'ইণ্ডিয়া' এলাইন্সৰ কেইবাজনো নেতাই মল্লিকাৰ্জুন খাৰ্গেৰ নামটো প্ৰধানমন্ত্রীৰ প্ৰাৰ্থী হিচাপে প্ৰস্তাৱ কৰা সন্দৰ্ভত ভূপেন বৰাই কয় যে, ২৬ টা দলে কংগ্ৰেছৰ এজন নেতাক প্ৰধানমন্ত্রী হিচাপে বিচাৰিলে নিশ্চয় ভাল কথা। আনহাতে নগাঁৱত প্ৰদ্যুৎ বৰদলৈ থকাৰ পাছতো বিধায়ক ৰকিবুল হুছেইনে নিৰ্বাচন খেলিব বিচৰা সন্দৰ্ভত ভূপেন বৰাই কয় যে বৰপেটা আৰু বৰ্তমানৰ কাজিৰঙাত সাংসদ থকাৰ পাছতো বহুজনে আবেদন পত্র জমা দিছে। কংগ্ৰেছত এনেকুৱা নিয়ম নাই যে সাংসদ থকা সমষ্টিত কোনেও আবেদন কৰিব নোৱাৰিব।

ইফালে সাংসদ আব্দুল খালেকে আবেদনত সমষ্টিৰ নাম উল্লেখ নকৰা সন্দৰ্ভত ভূপেন বৰাই কয় যে দলৰ ওপৰত আস্থা আৰু বিশ্বাস ৰাখি আব্দুল খালেকে আবেদন পত্র দিছে। দলে যিধৰণে বিচাৰিব আব্দুল খালেকে সেই ধৰণেই কাম কৰিব বুলি ভূপেন বৰাই জানিবলৈ দিয়ে ৷

লগতে পঢ়ক: ডিমা হাছাওৰ নিৰ্বাচন : 'আপ’ৰ পাঁচজনীয়া প্ৰথমখন প্ৰার্থী তালিকা প্ৰকাশ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.