ETV Bharat / state

Junmoni Rabha case: জোনমণি ৰাভাৰ মৃত্যুৰ চি আই ডিৰ তদন্তকলৈ আশ্বস্ত নহয় ভূপেন বৰা

author img

By

Published : May 19, 2023, 10:58 PM IST

অসম CID য়ে আগবঢ়াইছে SI জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ তদন্ত ৷ কিন্তু ইয়াকে লৈ সন্তুষ্ট নহয় অসম প্ৰদেশ কংগ্ৰেছ ৷ ঘটনাৰ ন্যায়িক তদন্তৰ দাবী অসম কংগ্ৰেছৰ (Assam congress on Junmoni Rabha case) ৷

Junmoni Rabha case
Junmoni Rabha case

গুৱাহাটী,১৯ মে’ : SI জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনাৰ তদন্ত চি আই ডিৰ বিপৰীতে ন্যায়ধীশৰ দ্বাৰা কৰাৰ দাবী উত্থাপন কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ৷ তেওঁ কয় যে আৰক্ষী বিষয়া জোনমণি ৰাভাৰ মৃত্যুৰ ৰহস্য যিমানেই ঘনীভূত হৈছে সিমানেই এজনৰ পিছত আনজন বিজেপি নেতা আৰু কেইবাজনো উচ্চপদস্থ আৰক্ষী বিষয়াৰ নাম সাঙোৰ খাই পৰিছে ৷ তেনেস্থলত CID যিহেতু অসম আৰক্ষীৰে এটা বিভাগ সেয়ে নিৰপেক্ষ তদন্তৰ স্বাৰ্থত এই সমগ্ৰ ৰহস্য উদঘাটন কৰিবলৈ এগৰাকী ন্যায়াধীশৰ জৰিয়তে এই সমস্ত ঘটনাৰ তদন্ত কৰিব লাগে বুলি তেওঁ কয় (Junmoni Rabha case investigation) ৷

তেওঁ লগতে কয় যে, ইতিমধ্যে বিভিন্নজনৰ ৰাজহুৱা ভাষ্যত এই কথা পোহৰলৈ আহিছে যে জোনমণি ৰাভাৰ ‘মৃত্যু’ৰ আঁৰত বিজেপি নেতা আৰু একাধিক উচ্চ-পদস্থ আৰক্ষী বিষয়া জড়িত হৈ আছে ৷ গতিকে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰা চি আই ডিৰ তদন্তত কংগ্ৰেছ আশ্বস্ত নহয় কংগ্ৰেছ (Enquiry of SI Junmoni case) ৷

এই সমগ্ৰ ঘটনাৰ প্ৰকৃত ৰহস্য অসমৰ ৰাইজ আৰু প্ৰয়াত জোনমণি ৰাভাৰ পৰিয়ালে জনাৰ অধিকাৰ আছে আৰু সেয়ে এগৰাকী কৰ্মৰত ন্যায়াধীশ অথবা অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ দ্বাৰা ইয়াৰ সৱিশেষ তদন্ত হ’ব লাগে বুলিও কলিতাই উল্লেখ কৰে ৷ তেওঁ কয় যে, য’ত এগৰাকী আৰক্ষী বিষয়াৰ জীৱনৰ নিৰাপত্তাই নাই তাত সৰ্বসাধাৰণ ৰাইজৰ দশা কি হ’ব সেয়া সকলোৱে বুজি পাইছে (Junmoni Rabha news update) ৷

প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে লগতে কয়, ‘‘আমি শুনিছিলোঁ সোণৰ অসমৰ কথা ৷ কিন্তু এতিয়া দেখিছোঁ অসম আৰক্ষী আৰু বিজেপি দলতে নকল সোণৰ খনিকৰৰ প্ৰাদুৰ্ভাৱ ঘটিছে ৷ চৰকাৰখনে ‘ৰামৰাজ্য’ৰ কথা কৈ থকা, ‘শান্তিৰ অসম'ৰ কথা কৈ থকা আমাৰ ৰাজ্যখনতে খোদ আৰক্ষী এনে ষড়যন্ত্ৰৰ বলি হৈছে বুলি ৰাজ্যখনৰ ৰাইজে ধাৰণা কৰি ল'বলগীয়া হোৱাটো চৰম দুৰ্ভাগ্যজনক ৷’’ এই ঘটনা জাতিটোৰ বাবেই অতি লাজৰ কথা বুলি সদৰী কৰি তেওঁ জোনমণি ৰাভাৰ মৃত্যুৰ তাৎক্ষণিকভাৱে ন্যায়াধীশ পৰ্যায়ৰ তদন্তৰ ব্যৱস্থা কৰিবলৈ মুখ্যমন্ত্ৰীৰ প্ৰতি দাবী জনায় (Assam SI killed) ৷

উল্লেখ্য যে নগাঁও জিলাৰ জখলাবন্ধাৰ সৰুভগীয়াত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত মঙলবাৰে গভীৰ নিশা এক ভয়াৱহ পথ দুৰ্ঘটনাত মৰিকলং থানাৰ ভাৰপ্ৰাপ্ত বিষয়া জোনমণি ৰাভাৰ মৃত্যু হৈছিল ৷ বিষয়াগৰাকীৰ মৃত্যুৰ ঘটনাৰ পিচতেই এটাৰ পাছচত আন এটা ৰহস্য উদঘাটন হোৱাৰ লগতে বিভিন্ন বিষয় পোহৰলৈ আহিছে ৷ উত্থাপন হৈছে বিভিন্ন অভিযোগ আৰু নাম সাঙোৰ খাই পৰিছে বহুজনৰ ৷ চৰকাৰে ঘটনাৰ চি আই ডি তদন্ত দিছে যদিও বিভিন্ন দল-সংগঠন আৰু পৰিয়ালৰ লোকে চি বি আইৰ তদন্ত দাবী কৰিছে ৷ ইয়াৰ বিপৰীতে প্ৰদেশ কংগ্ৰেছে ঘটনাৰ ন্যায়িক তদন্ত দাবী কৰিছে ৷

লগতে পঢ়ক: Junmoni Rabha death case: লখিমপুৰত গোপনে চলিছে CIDৰ অভিযান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.