ETV Bharat / state

Junmoni Rabha death case: লখিমপুৰত গোপনে চলিছে CIDৰ অভিযান

author img

By

Published : May 19, 2023, 8:31 PM IST

Junmoni Rabha death case
Junmoni Rabha death case

ঘনে ঘনে সলনি হৈছে SI জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ দৃশ্যপট ৷ সমগ্ৰ ঘটনা সন্দৰ্ভত CIDয়ে অব্যাহত ৰাখিছে তদন্ত ৷ শুকুৰবাৰে অতি গোপনীয়তাৰে লখিমপুৰত CIDৰ দলটোৱে চলালে অভিযান (Junmoni Rabha case investigation) ৷

লখিমপুৰ, 19 মে’: SI জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ তদন্ত প্ৰক্ৰিয়া অব্যাহত আছে CIDয়ে (SI Junmoni Rabha case) ৷ শুকুৰবাৰে অতি গোপনীয়তাৰে লখিমপুৰত সমগ্ৰ ঘটনা সন্দৰ্ভত চলিল CIDৰ অভিযান ৷ উল্লেখ্য যে, জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনাৰ তদন্তৰ বাবে বুধবাৰে নিশা লখিমপুৰত উপস্থিত হোৱা CIDৰ তিনিজনীয়া দলটোৱে বৃহস্পতিবাৰে নিশা পৰ্যন্ত জিলাখনৰ বিভিন্ন স্থানত অভিযান চলায় ৷ শুকুৰবাৰেও জিলাখনৰ বিভিন্ন স্থানত চলিল CIDৰ অভিযান (Junmoni Rabha news update) ৷

বৃহস্পতিবাৰে জোনমণি ৰাভাৰ বিৰুদ্ধে গোচৰ দিয়া আমিনা খাতুনৰ ঘৰত উপস্থিত হৈ দলটোৱে আমিনাৰ ভাষ্য সংগ্ৰহ কৰাৰ লগতে তেওঁৰ পুত্ৰ আজগৰ আলীক বিচাৰে যদিও আজগৰে আত্মগোপন কৰে ৷ পৰৱৰ্তী পৰ্যায়ত সংবাদ মাধ্যমৰ আগত উপস্থিত হৈ জোনমণি ৰাভাই চলোৱা অভিযানৰ বিষয়ে প্ৰকাশ কৰি পুনৰ আজগৰ আলী অন্তৰ্ধান হয় (Lakhimpur Azgar Ali) ৷

উল্লেখ্য যে, CIDৰ দলটোৱে বঙালমৰা আৰক্ষী চকীতো তদন্ত চলায় ৷ চিআইডিৰ দলটোৰ প্ৰথম দিনটোৰ অভিযানৰ বিষয়ে সংবাদ মাধ্যমত প্ৰচাৰ হৈ থকাৰ বাবে আজি দ্বিতীয় দিনা CIDয়ে সম্পূর্ণ গোপনীয়তাৰ আশ্ৰয় লয় ৷ বৰ্তমানলৈকে CIDৰ দলটোৱে শুকুৰবাৰে চলোৱা অভিযান সন্দৰ্ভত কোনো বিতং তথ্য পোহৰলৈ অহা নাই ৷ এই অভিযানৰ বিষয়ে জ্ঞান নহয় আৰক্ষীও ৷

দুপৰীয়াৰ ভাগত CIDয়ে আজগড় আলীক আটক কৰি সদৰ থানাত জেৰা কৰা বুলি এক বাতৰি বিয়পি পৰিছিল যদিও সদৰ থানালৈ অনা নাছিল আজগৰক ৷ আজগৰক আটক কৰা কথাটো বৰ্তমানলৈকে নিশ্চিত হোৱা নাই ৷ যদি আজগৰক চিআইডিয়ে আটক কৰিছে তেন্তে হয় গোপন স্থানত জেৰা কৰিছে অথবা নগাঁও বা গুৱাহাটী লৈ প্ৰেৰণ কৰিছে বুলি সন্দেহ প্ৰকাশ কৰা হৈছে ৷

আনহাতে, এই ঘটনাৰ লগত নাম সাঙোৰ খাই পৰা আৰক্ষী বিষয়া সঞ্জীৱ বৰা অথবা অতিৰিক্ত আৰক্ষী অধীক্ষক ৰুণা নেওগকো চিআইডিৰ দলে জেৰা কৰাৰ সম্ভাৱনা আছে যদিও সেয়াও বৰ্তমানে স্পষ্ট হোৱা নাই ৷ উল্লেখ্য যে, সময় বাগৰাৰ লগে লগে সলনি হৈছে জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ দৃশ্যপট ৷ নগাঁও আৰক্ষীৰ লগতে লখিমপুৰ আৰক্ষীলৈয়ো উঠিছে সন্দেহৰ আঙুলি (SI Junmoni killed) ৷

ইফালে নগাঁৱতো CIDৰ দলটোৱে চলাই আছে অভিযান ৷ শুকুৰবাৰে জোনমণি ৰাভাৰ মাতৃয়ে ন্যায় বিচাৰি জখলাবন্ধা আৰক্ষী থানাত দাখিল কৰে এজাহাৰ ৷ আনহাতে এই ঘটনাৰ প্ৰত্যক্ষদৰ্শী বুলি দাবী কৰা বোকাখাতৰ প্ৰণৱ দাসক লগত লৈ CIDৰ দলটো উপস্থিত হয় দুৰ্ঘটনাস্থলীত ৷ দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখনৰ চালকক চিনাক্ত কৰা বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰণৱ দাসৰ ৷

লগতে পঢ়ক: CID team in Nagaon : মৰিকলং আৰক্ষী চকীৰ OC মনোজ বৰুৱাক CID ৰ তলব

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.