ETV Bharat / state

IIT গুৱাহাটীত মহামাৰী সম্পৰ্কীয় সকলো নিষেধাজ্ঞা প্ৰত্যাহাৰ

author img

By

Published : Apr 18, 2022, 9:12 PM IST

No COVID case in IIT Guwahati
No COVID case in IIT Guwahati

গুৱাহাটীস্থিত ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান চমুকৈ IIT ত মহামাৰীৰ বাবে বাহিৰে ভিতৰে আৰোপ কৰা সকলো নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰা হৈছে । IIT গুৱাহাটীত শিক্ষাৰ্থীসকলৰ বাবে শ্ৰেণীসমূহ পুনৰ আৰম্ভ কৰা হৈছে (Classes begin in IIT Guwahati) ।

গুৱাহাটী, ১৮ এপ্ৰিল: ক’ভিড পৰিস্থিতিৰ বাবে ২টাকৈ বছৰে শিক্ষানুস্থানত শিক্ষাগ্ৰহণৰ পৰা বঞ্চিত হ'ব লগা হৈছিল শিক্ষাৰ্থীসকল । যোৱাতো বৰ্ষত কিছুদিনৰ বাবে শিক্ষানুস্থানসমূহ খোলা হৈছিল যদিও পুনৰ ক’ভিডে ভয়াৱহ ৰূপ লোৱাত নিৰ্দেশনা প্ৰদান কৰা হৈছিল পাঠদান বন্ধ কৰাৰ বাবে । ইয়াৰ প্ৰভাৱ পৰিছিল ৰাজ্যৰ অগ্ৰণী উচ্চ শিক্ষানুস্থান Indian Institute Of Technology Guwahati তো ।

অৱশেষত ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান গুৱাহাটীয়ে মহামাৰীৰ বাবে প্ৰতিষ্ঠানৰ বাহিৰে ভিতৰে আৰোপ কৰা সকলো নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰিছে । IIT গুৱাহাটীত শিক্ষাৰ্থীসকলৰ বাবে শ্ৰেণীসমূহ পুনৰ আৰম্ভ কৰিছে (Classes begin again in IIT Guwahati) । আই আই টি গুৱাহাটীৰ জনসম্পকৰক্ষী বিষয়াই এই কথা সোমবাৰে ৰাজহুৱা কৰি জনায় যে প্ৰতিষ্ঠানটোৱে ২০২২ চনৰ ২১ মাৰ্চৰ ভিতৰত সকলো শিক্ষাৰ্থীক পৰ্যায়ক্ৰমে চৌহদলৈ ঘূৰাই অনাৰ সিদ্ধান্ত লৈছিল ।

বৰ্তমান প্ৰতিষ্ঠানটোলৈ সকলো ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকসকল উভতি আহিছে । চৌহদত মুঠ ৭০০০ জন শিক্ষাৰ্থী আৰু গৱেষক আছে । IIT গুৱাহাটীৰ চৌহদত বৰ্তমান কোনো ক’ভিড কেছ নাই(No COVID case in IIT Guwahati ) । তথাপিও চৰকাৰে নিৰ্ধাৰণ কৰা সকলো প্ৰয়োজনীয় সাৱধানতা অনুসৰণ কৰা হৈছে ।

পৰ্যায়ক্ৰমে প্ৰতিষ্ঠানটো মুকলি কৰাৰ পিছত শ্ৰেণী, পৰীক্ষাগাৰ আৰু পাঠ্যক্ৰমৰ লগতে বাহিৰৰ সকলো কাৰ্যকলাপ সম্পূৰ্ণৰূপে পুনৰ আৰম্ভ কৰা হৈছে আৰু সম্পূৰ্ণৰূপে চলি আছে । গৱেষণা কাৰ্যকলাপবোৰ সুচাৰুৰূপে চলি আছে আৰু পৰীক্ষাগাৰবোৰ সম্পূৰ্ণভাৱে কাৰ্যক্ষমতাৰে কাম আৰম্ভ কৰিছে ।

প্ৰতিষ্ঠানটোৰ কাৰ্যকলাপ নিয়মীয়া গতিত পুনৰ আৰম্ভ হোৱাত সন্তুষ্টি ব্যক্ত কৰি আইআইটি গুৱাহাটীৰ সঞ্চালক অধ্যাপক টি জি সীথাৰামে কয়, "২ বছৰৰ অনলাইন শিক্ষাৰ পিছত আমাৰ চৌহদত ছাত্ৰ-ছাত্ৰীসকলৰ ব্যস্ততালৈ উভতি অহাত মই স্বাগতম জনাইছো। সকলো শিক্ষাৰ্থী চৌহদলৈ ঘুৰি অহাত প্ৰতিষ্ঠানটোৰ সুস্থ শৈক্ষিক বাতাবৰণ উভতি আহিছে" ৷

লগতে পঢ়ক: দুমাহে ঘোষণা হোৱা নাই অসম আৰক্ষীৰ লিখিত পৰীক্ষাৰ ফলাফল; প্ৰতিবাদত বহিল নিবনুৱা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.