ETV Bharat / state

Russian Youth Visa Case : প্ৰতাৰণাৰ অভিযোগ দিবলৈ আহি নিজে বন্দী ৰাছিয়াৰ আলেকজেণ্ডাৰ

author img

By ETV Bharat Assamese Team

Published : Nov 13, 2023, 8:18 PM IST

প্ৰতাৰণাৰ অভিযোগ দিবলৈ আহি নিজে বন্দী ৰাছিয়াৰ আলেকজেণ্ডাৰ
Russian Youth Visa Case

নিজৰ ভৰিত নিজে কুঠাৰ মাৰিলে ৰাছিয়াৰ আলেকজেণ্ডাৰে । আৰক্ষীৰ ওচৰত প্ৰতাৰণাৰ অভিযোগ দিবলৈ আহি এতিয়া নিজেই আৰক্ষীৰ হাতত বন্দী হোৱাৰ উপক্ৰম ঘটিছে ৰাছিয়ান যুৱকজনৰ ।

গুৱাহাটী, ১৩ নৱেম্বৰ : নিজৰ ভৰিত যেন নিজেই যেন কুঠাৰ মাৰিলে ৰাছিয়াৰ এগৰাকী যুৱকে । যুৱকজনৰ নাম হৈছে আলেকজেণ্ডাৰ । দিছপুৰ থানাত এক প্ৰতাৰণাৰ অভিযোগ দাখিল কৰিবলৈ আহিছিল আলেকজেণ্ডাৰ । কিন্তু এজাহাৰ দাখিল কৰিবলৈ আহি এতিয়া নিজেই বিপদত পৰিছে আলেকজেণ্ডাৰ । আনকি দিছপুৰ আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱাৰো পূৰ্ণ সম্ভাৱনা আছে ৰাছিয়ান যুৱকজনৰ ।

উল্লেখ্য যে আশিস শৰ্মা নামৰ লোকজনৰ বিৰুদ্ধে ধন আত্মসাতৰ গোচৰ দিবলৈ আহিছিল আলেকজেণ্ডাৰে । ইফালে আশিস শৰ্মাকো সোধাপোছা অব্যাহত ৰাখিছে আৰক্ষীয়ে । ইতিমধ্যে দিছপুৰ থানাত উপস্থিত হৈছে ক্ৰাইম ব্ৰাঞ্চৰ বিষয়া । জানিব পৰা মতে, ভিছাৰ ম্যাদ উকলিছে আলেকজেণ্ডাৰৰ । সেই সন্দৰ্ভত আলেকজেণ্ডাৰক সোধাপোছা অব্যাহত ৰাখিছে আৰক্ষীয়ে । আনহাতে, ম্যাদ উকলা ভিছাৰ পুনৰ পৰীক্ষণ কৰিব আৰক্ষীয়ে ।

সমান্তৰালকৈ আলেকজেণ্ডাৰৰ পূৰ্বৰ কিবা অপৰাধৰ ৰেকৰ্ড আছে নেকি তাকো পৰীক্ষা কৰিব ক্ৰাইম ব্ৰাঞ্চে । প্ৰকৃতাৰ্থত আশিসে আলেকজেণ্ডাৰক কলকাতাত লগ পাইছিলনে নাই তাৰো তদন্ত অব্যাহত ৰাখিছে আৰক্ষী তথা ক্ৰাইম ব্ৰাঞ্চে । জানিব পৰা মতে, ৰাছিয়ান উচ্চায়ুক্তৰ পৰাও আৰক্ষীয়ে আলেকজেণ্ডাৰৰ তথ্য বিচাৰিব ।

উল্লেখ্য যে ৰাছিয়াৰ আলেকজেণ্ডাৰ নামৰ যুৱকজনে ডিব্ৰুগড়ৰ আশিস শৰ্মাই প্ৰৱঞ্চনাৰে ১১ হাজাৰ ৭ টকা সৰকোৱা বুলি অভিযোগ কৰি দিছপুৰ থানাত এখন এজাহাৰ দাখিল কৰে । কলকাতালৈ বিশ্বকাপ ক্ৰিকেটৰ মেচ চাবলৈ অহাৰ সময়ত আশিসৰ আলেকজেণ্ডাৰৰ সৈতে চিনাকি হৈছিল । কলকাতা ৰে'লৱে' ষ্টেচনত চিনাকি হৈছিল দুয়োৰে ।

আনহাতে, গুৱাহাটীৰ ইস্কন মন্দিৰলৈ অহাৰ বাবে আলেকজেণ্ডাৰৰ মাতৃৰ বেংক একাউণ্টৰ পৰা আশিসৰ একাউণ্টলৈ ধন পঠিওৱা হৈছিল । ইফালে ৰাঁচী, দাৰ্জিলিং ঘূৰি আশিসৰ সৈতে গুৱাহাটীত উপস্থিত হৈছিল আলেকজেণ্ডাৰ । গুৱাহাটীত উপস্থিত হোৱাৰ পিছত আশিসে জানিব পাৰিছিল আলেকজেণ্ডাৰৰ ভিছাৰ ম্যাদ উকলাৰ কথা । আলেকজেণ্ডাৰ গুৱাহাটীত থাকিবৰ বাবে এটা ভাড়াঘৰ বিচাৰি গৈছিল আশিসে । আনহাতে, ভাড়াঘৰৰ মালিকে স্পষ্ট কৰিছিল তেওঁৰ ৰাছিয়ান ভিছাৰ ম্যাদ উকলি যোৱাৰ কথা ।

তাৰ পিছতেই দিছপুৰৰ ল'জত দুটা নিশা কটাইছিল দুয়ো । আলেকজেণ্ডাৰে কৰা অভিযোগ অনুসৰি, বিভিন্ন সময়ত আশিসে আলেকজেণ্ডাৰক ভাবুকি দিছিল । আনহাতে, আলেকজেণ্ডাৰৰ মাতৃয়ে দিয়া টকা বিচাৰিলেই হাৰাশাস্তি কৰাৰো অভিযোগ আশিসৰ বিৰুদ্ধে । সোমবাৰে দিছপুৰ থানাত আশিসৰ বিৰুদ্ধে এজাৰ দাখিল কৰিছিল আলেকজেণ্ডাৰে ।

লগতে পঢ়ক :Meitei extremist organisations: পাঁচ বছৰলৈ বে-আইনী ঘোষণা কেইবাটাও মেইটেই সংগঠনক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.