ETV Bharat / state

Akhil Gogoi letter: লিডু-মাৰ্ঘেৰিটাৰ কয়লাৰ অবৈধ খনন প্ৰসংগত মুখ্যমন্ত্ৰীলৈ অখিল গগৈৰ মুকলি চিঠি

author img

By

Published : Dec 13, 2022, 7:21 PM IST

Akhil Gogoi letter
Akhil Gogoi letter: লিডু-মাৰ্ঘেৰিটাৰ কয়লাৰ অবৈধ খননক লৈ মুখ্যমন্ত্ৰীলৈ অখিল গগৈৰ মুকলি চিঠি

ৰাজ্যত কয়লাৰ অবৈধ ব্যৱসায় আৰু খননক লৈ প্ৰায়ে বিতৰ্কৰ সূত্ৰপাত হৈ আহিছে ৷ এইবাৰ লিডু-মাৰ্ঘেৰিটাৰ অবৈধ কয়লা খননক লৈ অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মালৈ মুকলি পত্ৰ লিখিছে বিধায়ক অখিল গগৈয়ে (Akhil Gogoi letter letter to CM) ৷

লিডু-মাৰ্ঘেৰিটাৰ কয়লাৰ অবৈধ খনন প্ৰসংগত মুখ্যমন্ত্ৰীলৈ অখিল গগৈৰ মুকলি চিঠি

গুৱাহাটী, 13 ডিচেম্বৰ: ৰাজ্যত কয়লাৰ অবৈধ ব্যৱসায় আৰু খননক লৈ প্ৰায়ে বিতৰ্কৰ সূত্ৰপাত হৈ আহিছে ৷ তাৰ মাজতে মঙলবাৰে মাৰ্ঘেৰিটা আৰু লিডুৰ কয়লা খননক লৈ এখন বিস্ফোৰক চিঠি ৰাইজৰ দলৰ বিধায়ক তথা কৃষক নেতা অখিল গগৈৰ (Akhil Gogoi letter letter to CM) ৷

লিডু-মাৰ্ঘেৰিটাৰ অবৈধ কয়লা খননক লৈ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ (CM Himanta Biswa Sarma)মুকলি পত্ৰ লিখিছে বিধায়ক গগৈয়ে ৷ চিঠিখনৰ লগতে গগৈয়ে গাঁঠি দিছে মাৰ্ঘেৰিটাৰ মহকুমা দণ্ডাধীশে জাৰি কৰা এখন নিৰ্দেশনা পত্ৰ (letter to CM about illegal coal mining)৷

মুখ্যমন্ত্ৰীলৈ বিধায়ক অখিল গগৈয়ে প্ৰেৰণ কৰা পত্ৰখনৰ পূৰ্ণপাঠ-

মুখ্যমন্ত্ৰী ডাঙৰীয়া,

এই ফেচবুক প'ষ্টটোৰ সৈতে মই মাৰ্ঘেৰিটা মহকুমা দণ্ডাধীশৰ এখন নিৰ্দেশ পত্ৰ গাঁঠি দিছোঁ। আপুনি খুব ভালকৈয়ে জানে লিডু আৰু মাৰ্ঘেৰিটাত যোৱা কিছুদিন ধৰি কয়লাৰ অবৈধ খনন চলি আছে ৷ এই সম্পৰ্কে আপোনাক মই মাজে মাজে জনাই আছো । আজি ইয়াত মাৰ্ঘেৰিটাৰ মহকুমা দণ্ডাধীশৰ যিখন নিৰ্দেশ পত্ৰ ইয়াত গাঁঠি দিছো, সেই পত্ৰখন যোৱা ৭ ডিচেম্বৰ, ২০২২ ৰ দিনা জাৰী কৰা হৈছে।

ইয়াত কেনেকৈ ডিগবৈ ডিভিজনৰ অন্তৰ্গত লেখাপানী ৰেঞ্জৰ অন্তৰ্গত লেখাপানী ৰিজাৰ্ভ ফৰেষ্ট, টিৰাপ ৰিজাৰ্ভ ফৰেষ্ট আৰু টিপুং ৰিজাৰ্ভ ফৰেষ্টৰ ভিতৰত জংঘল কটা, বনজ সম্পদ ধ্বংস কৰা, গছ কটা, চিকাৰ কৰা আৰু অবৈধ কয়লা খনন আৰু কয়লা সৰবৰাহ চলি আছে, সেইবোৰ নিষিদ্ধ কৰি এই জাননী প্ৰেৰণ কৰা হৈছে ৷ সেই এলেকাবোৰত চিআৰপিচি ৰ ১৪৪ ধাৰা জাৰি কৰা হৈছে ।

1মাৰ্ঘেৰিটা মহকুমা দণ্ডাধীশে জাৰি কৰা এখন নিৰ্দেশনা পত্ৰ
1মাৰ্ঘেৰিটা মহকুমা দণ্ডাধীশে জাৰি কৰা এখন নিৰ্দেশনা পত্ৰ

মুখ্যমন্ত্ৰী ডাঙৰীয়া, মাৰ্ঘেৰিটা মহকুমা দণ্ডাধীশৰ এই নিৰ্দেশনা পত্ৰতেই কোৱা হৈছে যে Excavator, Dumper আৰু JCB দ্বাৰা দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ এই এলেকাবোৰত আৰু বিশেষভাৱে স্বৰ্গদেউ চুকাফা সৌমাৰপীঠত প্ৰৱেশ কৰা পাটকাই পাহাৰৰ বক্ষ বিদাৰি এই অবৈধ কয়লা খনন চলি আছে। আমাৰ হাতত থকা তথ্য অনুসৰি এই এলেকাত কমেও ৫০০ খন এস্কেভেটৰ, ফ’কলেন, জেচিবিয়ে অবৈধ কয়লা খনন কৰি আছে ৷

এতিয়া মাৰ্ঘেৰিটা মহকুমা দণ্ডাধীশৰ এই নিৰ্দেশ পত্ৰখনে মাৰ্ঘেৰিটা অঞ্চলত চলি থকা ভয়াবহ কয়লা খননৰ , মজুতকৰণৰ আৰু কয়লা পৰিবহনৰ দিশবোৰ মুকলি কৰি দিলে। ইতিমধ্যে এখন কয়লাৰ গাড়ীয়ে যোৱা ৩ ডিচেম্বৰত বৰগোলাই অঞ্চলৰ মন বাহাদুৰ প্ৰধান(৬০) নামৰ এজন লোকক হত্যা কৰিলে।

তাৰ পিছতো কয়লাৰ গাড়ীয়ে মাৰ্ঘেৰিটা থানাৰ অন্তৰ্গত এলেকাৰ বিদ্যুত খুটাত খুন্দা মাৰি ভাঙি পেলালে৷ সেই ঠাইত মানুহ বিদ্যুতস্পৃষ্ট হৈ মৃত্যুও হৈছে ৷ এই দুয়োটা ঘটনাৰ ওপৰত সংশ্লিষ্ট লোকসকলে গোচৰ দিলে৷ কিন্তু সেই গোচৰসমূহো মাৰ্ঘেৰিটা থানাই পঞ্জীয়ন কৰা নাই৷

মুখ্যমন্ত্ৰী ডাঙৰীয়া, আমি জানো যে বিজেপি চৰকাৰৰ কিছুমান নেতাৰ আটাইতকৈ ডাঙৰ অবৈধ উপাৰ্জনেই হ'ল অসমত অবৈধ কয়লা খনন আৰু অসমৰ মাজেৰে বহিঃৰাজ্যৰ অবৈধ কয়লা সৰবৰাহ। আপোনাৰ দিনত আপুনি সৰু সৰু দুৰ্নীতি কৰাৰ বাবে দৈনিক চৰকাৰী কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰি আছে। আপুনি স্বচ্ছ প্ৰশাসনৰ ঘোষণা কৰি আছে।

1Akhil Gogoi letter letter to CM Himanta Biswa Sarma
মুখ্যমন্ত্ৰীলৈ অখিল গগৈৰ মুকলি চিঠি

কিন্তু মই দৃঢ়তাৰে ক'ব পাৰো যে আপোনাৰ দিনতেই কয়লাৰ আটাইতকৈ ভয়ংকৰ আৰু নিৰ্লজ্জ লুন্ঠন চলিছে। সকলো তথ্য-পাতি আমাৰ ওচৰত আছে। আপোনাক এই সম্পৰ্কে কেইবাবাৰো জনাইছো। অচিৰেই আপুনি ইয়াৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব বুলি আশা কৰি এই ফেচবুক প'ষ্টৰ জৰিয়তে অৱগত কৰিলো । যদিহে আপুনি একো নকৰে আমাৰ শক্তিৰে ইয়াক প্ৰতিৰোধৰ বাবে যি যি কৰিব লাগে আমি কৰি যাম ৷ বিৰোধী দল হিচাপে চৰকাৰৰ ওচৰত আমাৰ কথাখিনি জনাই ল’লো।

ধন্যবাদেৰে

অখিল গগৈ

সামাজিক মাধ্যমতো মুখ্যমন্ত্ৰীলৈ দিয়া পত্ৰখন ৰাজহুৱা কৰে গগৈয়ে ৷ স্বাভাৱিকতেই অখিল গগৈৰ এই পত্ৰখনৰ পিছত ৰাজ্য চৰকাৰ তথা মুখ্যমন্ত্ৰীয়ে লিডু-মাৰ্ঘেৰিটাৰ অবৈধ কয়লা খনন আৰু লুণ্ঠনৰ অভিযোগ প্ৰসংগত কি প্ৰতিক্ৰিয়া কৰে সেয়া লক্ষ্যণীয় হ’ব ৷

লগতে পঢ়ক: Elephant Terror in Golaghat : গোলাঘাটৰ মৰঙীত দিন দুপৰতে হাতীয়ে ভাঙিছে ঘৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.