ETV Bharat / state

Elephant Terror in Golaghat : গোলাঘাটৰ মৰঙীত দিন দুপৰতে হাতীয়ে ভাঙিছে ঘৰ

author img

By

Published : Dec 13, 2022, 2:07 PM IST

Updated : Dec 13, 2022, 6:31 PM IST

গোলাঘাটত কেমেৰাৰ সন্মুখতে হাতীয়ে দিন-দুপৰতে ভাঙিছে ঘৰ (Elephant destroyed houses in Golaghat) । মৰঙীত জাক জাক হাতীয়ে ঘেৰি ধৰিছে ইঘৰৰ পিছত সিঘৰ । ত্ৰাহি মধুসূদন সুৱঁৰিছে ৰাইজে ৷

Golaghat
Golaghat

গোলাঘাটৰ মৰঙীত দিন দুপৰতে হাতীয়ে ভাঙিছে ঘৰ

গোলাঘাট, ১৩ ডিচেম্বৰ : "খুমটাইৰ মৃণালে পাৰে, সৰুপথাৰৰ বিশ্বজিতে নোৱাৰে কিয় ? নদী পাৰ হৈ মৃণাল শইকীয়াৰ সমষ্টিত হাতী প্ৰৱেশ কৰিলেই দলে দলে আৰক্ষী, বন বিভাগ লৈ হাতী আমাৰ ফালে ঘূৰাই পঠায় ৷ আমাৰ বিশ্বজিত ফুকনে কি কৰিছে ৷ কিয় আমাক নিৰাপত্তা দিব নোৱাৰে (Man Elephant conflict in Golaghat) ৷"

এইদৰেই এতিয়া ক্ষোভত ফাঁটি পৰিছে মৰঙীৰ জনতা ৷ যোৱা এটা পষেকৰো অধিক সময় দিনে-নিশাই এটা বৃহৎ বন্যহস্তীৰ জাকে পানীকৰা, তেলীয়াগাঁও, ২নং কৈৱৰ্ত, আবৰঘাট গাঁৱত ধাৰাবাহিক উপদ্ৰৱ চলাই ৰাইজৰ নিদ্ৰা হৰিছে (Elephant terror in Golaghat) ৷ দিন দুপৰতে হাতীৰ জাকে কেমেৰাৰ সন্মুখতেই মানুহৰ বাসগৃহত আক্ৰমণ কৰিছে (Elephant destroyed houses in Morongi Golaghat) ৷

ফলত ক্ষোভিত ৰাইজে উপায়হীন হৈ হাতীৰ জাকসমূহ বিদেশত বিক্ৰী কৰি নিৰাপত্তা দিয়াৰ আহ্বান জনাইছে । নিৰাপত্তা দিয়ক, নহ'লে ৰাইজে ৰাজপথলৈ ওলাই আহি ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰিব ৷ হাতীৰ বাবে আমি ৰুগীয়া হৈ পৰিছোঁ (people urged to protect from wild elephant attack) ৷ খাবলৈ নাপাওঁ, শুবলৈ নাপাওঁ কেনেকৈ জীয়াই থাকিম ।

কেমেৰাৰ সন্মুখতে এইদৰে ক্ষোভ ব্যক্ত কৰিছে ভুক্তভোগী ৰাইজে । অতি স্পৰ্শকাতৰ মৰঙীৰ জ্বলন্ত সমস্যাৰ প্ৰতি চৰকাৰৰ আওকণীয়া মনোভাবত ৰাইজ খৰ্গহস্ত হৈ পৰিছে । লগতে বিধায়ক বিশ্বজিত ফুকনক শীঘ্ৰেই ব্যবস্থা গ্ৰহণ কৰি মৰঙীবাসীক নিৰাপত্তা দিয়াৰ দাবী জনাইছে । অন্যথা কৃষক, বনুৱা, খাটিখোৱা শ্ৰমজীৱী ৰাইজে ৰাজপথলৈ ওলাই অহাৰ হুংকাৰ প্ৰদান কৰিছে ।

উল্লেখ্য, গোলাঘাটৰ মৰঙীত দীৰ্ঘদিন ধৰি অব্যাহত আছে বনৰীয়া হাতীৰ তাণ্ডৱ ৷ মৰঙী মৌজাৰ বিভিন্ন অঞ্চলত বনৰীয়া হাতীৰ জাকে খাদ্যৰ সন্ধানত ওলাই আহি শ শ বিঘা কৃষিভূমি গচকি-খাই তহিলং কৰাৰ লগতে আক্ৰমণ কৰিছে আবাসস্থলতো । হাতীৰ জাকে মৰঙী মৌজাৰ বিভিন্ন অঞ্চলৰ খেতিপথাৰ গচকি বিনষ্ট কৰাৰ লগতে দিনৰ ভাগতে গাঁৱত প্ৰৱেশ কৰি কেইবাটাও বাসগৃহৰ ক্ষতি কৰে ।

লগতে পঢ়ক :Indo China standoff: চীনে দাবী কৰিলেও অৰুণাচল কেতিয়াও চীনৰ অংশ নহয়; স্থানীয় লোক

Last Updated : Dec 13, 2022, 6:31 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.