ETV Bharat / state

কামৰূপ(ম) উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত AJYCP ৰ প্ৰতিবাদ

author img

By

Published : Sep 7, 2021, 10:16 AM IST

সোমবাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখতো প্ৰতিবাদ সাব্যস্ত কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ৷ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ (Lower Subansiri Hydroelectric Project) নিৰ্মাণকাৰ্য বন্ধ কৰাৰ বাবে এই প্ৰতিবাদ সংগঠনটোৰ ৷

ass_ghy_01_AJYCP protest script_video_ 7210450
কামৰূপ (ম) উপায়ুক্তৰ কাৰ্যালৰ সন্মুখত AJYCPৰ প্ৰতিবাদ

গুৱাহাটী, 7 ছেপ্তেম্বৰ : নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ (Lower Subansiri Hydroelectric Project) বিৰুদ্ধে সোমবাৰে সমগ্ৰ ৰাজ্যতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে (AJYCP) প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷ সমান্তৰালকৈ কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখতো প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৰ সদস্যসকলে ৷

সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণ কাৰ্য বন্ধ কৰাৰ দাবী প্ৰতিবাদকাৰীসকলৰ ৷ কামৰূপ মেট্ৰ’ জিলা উপায়ুক্তৰ জৰিয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ এখন দুই দফীয়া দাবী সম্বলিত পত্ৰ প্ৰেৰণ কৰে সংগঠনটোৰ সদস্যসকলে ৷ প্ৰতিবাদকাৰীসকলৰ অভিযোগ বিশেষজ্ঞৰ পৰামৰ্শ অবিহনে প্ৰকল্পৰ কাম আৰম্ভ কৰা হৈছে ৷ গতিকে ইয়াৰ নিৰ্মাণ কাৰ্য বন্ধ নকৰিলে ভৱিষ্যতে অশনি সংকেত কঢ়িয়াই আশংকা কৰা হৈছে ৷

ass_ghy_01_AJYCP protest script_video_ 7210450
AJYCP ৰ প্ৰতিবাদ

কোনো প্ৰকাৰে ইয়াৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হ’বলৈ নিদিয়াৰ হুংকাৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ৷ উল্লেখ্য যে, যোৱা 31 আগষ্টত নিৰ্মীয়মান সোৱণশিৰি প্ৰকল্পৰ ৫ নম্বৰ ডাইৰ্ভাচন টানেলৰ সন্মুখভাগত সংঘটিত হৈছিল ভূমিস্খলনৰ ঘটনা ৷ ধাৰাষাৰ বৰষুণৰ ফলত সোৱণশিৰিৰ জলস্তৰ অস্বাভাৱিকভাৱে বৃদ্ধি পোৱাৰ ফলতে এই ভূমিস্খলন সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছিল একাংশই ৷

লগতে পঢ়ক : বৃহৎ নদীবান্ধ বন্ধৰ দাবীত নলবাৰীত AJYCP ৰ প্ৰতিবাদ

এই ভূমিস্খলনৰ ফলতে উত্তৰ অসমৰ ৰাইজৰ মাজত বানৰ আতংকই বিৰাজ কৰিছিল ৷ ইয়াৰ উপৰিও মূল বান্ধৰ 2 ফুট উচ্চতাৰে পানী বাগৰা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছিল ৰাইজৰ মাজত ৷ স্থানীয় লোকে সদৰী কৰা মতে, সোৱণশিৰি প্ৰকল্পৰ ৫ নং ডাইৰ্ভাচন টানেলৰ সন্মুখভাগ খহি পৰাৰ ফলত সোৱণশিৰিৰ বাঢ়নী পানীয়ে গতি সলনি কৰিছে ৷ যাৰ ফলত এক বৃহৎ দুৰ্যোগ সৃষ্টি হোৱাৰ আশংকা কৰিছে স্থানীয় লোকে ৷

লগতে পঢ়ক : সোৱণশিৰিৰ বান্ধত ভূমিস্খলন : উত্তৰ অসমত জল প্ৰলয়ৰ আশংকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.