ETV Bharat / state

AJYCP Protest in Delhi : যুৱ-ছাত্ৰ পৰিষদৰ ধৰ্ণাত উত্তাল দিল্লীৰ যন্তৰ মন্তৰ

author img

By

Published : Aug 9, 2023, 8:37 PM IST

নামৰূপ সাৰ কাৰখানা বন্ধ কৰাৰ সিদ্ধান্তৰ বিৰুদ্ধে দিল্লীৰ যন্তৰ মন্তৰত যুৱ-ছাত্ৰ পৰিষদৰ ধৰ্ণা ৷ তিনি ঘন্টীয়া ধৰ্ণা কাৰ্যসূচীৰ অন্তত কেন্দ্ৰীয় ৰসায়ন আৰু সাৰ মন্ত্ৰীক স্মাৰক পত্ৰ প্ৰদান কৰে সংগঠনটোৰ ৷

AJYCP Holds Protest at Jantar Mantar
যুৱ-ছাত্ৰ পৰিষদৰ ধৰ্ণা

গুৱাহাটী, ৯ আগষ্ট : অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ সাৰকাৰখানা নামৰূপৰ " ব্ৰহ্মপুত্ৰ ভেলী ফাৰটিলাইজাৰ কৰ্পৰেশ্যন লিমিটেড" সম্প্ৰতি কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী চৰকাৰে বন্ধ কৰাৰ পৰিকল্পনা কৰিছে ৷ চৰকাৰৰ এই সিদ্ধান্তৰ বিৰোধিতা কৰি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে নামৰূপ সাৰ কাৰখানা বন্ধ কৰাৰ চিন্তা পৰিহাৰ কৰি অনতি বিলম্বে নামৰূপ সাৰকাৰখানাৰ চতুৰ্থ উৎপাদন গোট নিৰ্মাণৰ দাবী উত্থাপন কৰিছে ৷ বুধবাৰে সংগঠনটোৱে দিল্লীৰ যন্তৰ মন্তৰত নামৰূপ সাৰকাৰখানাৰ চতুৰ্থ গোট অনতি বিলম্বে স্থাপন কৰা, ২০১৫ চনত নৰেন্দ্ৰ মোদী চৰকাৰে নামৰূপ সাৰকাৰখানাৰ বাবে ঘোষণা কৰা ৪৫০০ কোটি টকা অতিশীঘ্ৰে মোকলাই দিয়া আৰু নামৰূপ সাৰকাৰখানা সন্দৰ্ভত নীতি আয়োগৰ সকলো পৰামৰ্শ বাতিল কৰাৰ দাবীত তিনিঘন্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে ৷

AJYCP Holds Protest at Jantar Mantar
দিল্লীৰ যন্তৰ মন্তৰত যুৱ-ছাত্ৰ পৰিষদৰ ধৰ্ণা

সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিত পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি পলাশ চাংমাই আৰু সাধাৰণ সম্পাদক ৰাতুল বৰগোঁহাইয়ে কয় যে নামৰূপ সাৰকাৰখানাই ১৯৬৭ চনৰ পৰা উচিত মূল্যত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ কৃষক ৰাইজৰ ৰাসায়নিক সাৰৰ চাহিদা পূৰণ কৰি অহাৰ লগতে কাৰখানাটোৱে চুবুৰীয়া নেপাল, ভূটান আদি দেশত ৰাসায়নিক সাৰৰ ৰপ্তানি কৰি এটা লাভজনক ৰাজহুৱা খণ্ডৰ উদ্যোগ প্ৰতিষ্ঠান হিচাপে প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হৈছিল ৷ নামৰূপ সাৰকাৰখানা স্থাপন হোৱাৰ পিছৰে পৰা বৰ্তমানলৈকে মুঠ তিনিটা উৎপাদন গোট নিৰ্মাণ কৰা হৈছে আৰু বৰ্ত্তমানেও তৃতীয় উৎপাদন গোটটো কাৰ্যক্ষম হৈ আছে ৷ ইয়াৰ পিছতো নামৰূপ সাৰ কাৰখানাৰ একাংশ বহিৰাগত শীৰ্ষ বিষয়া আৰু চৰকাৰৰ ষড়যন্ত্ৰত সাৰ কাৰখানাটো বন্ধ কৰাৰ পৰিকল্পনা কৰা হৈছে ৷

কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশ মৰ্মে সাৰ কাৰখানাৰ একাংশ বহিৰাগত শীৰ্ষ বিষয়াই সাৰ কাৰখানাটো বন্ধ কৰাৰ বাবে অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখিছে ৷ কাৰণ ৰাজহুৱা খণ্ডৰ সাৰ কাৰখানাটো বন্ধ হলে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ৰাসায়নিক সাৰৰ বজাৰখন ব্যক্তিগত পুজঁপতি কোম্পানীসমূহে দখল কৰিব ৷ তাৎপৰ্যপূৰ্ণ বিষয় যে নামৰূপ সাৰকাৰখানাৰ চতুৰ্থ উৎপাদন গোট নিৰ্মাণৰ বাবে ইতিমধ্যে অসমৰ ৰাইজ, বিভিন্ন দল-সংগঠনে বহু পূৰ্বৰে পৰা দাবী জনাই আহিছে ৷ কেন্দ্ৰত নৰেন্দ্ৰ মোদীয়ে চৰকাৰ গঠন কৰাৰ পিছতেই চৰকাৰৰ প্ৰথম ১০০ দিনীয়া কৰ্মসূচীত নামৰূপ সাৰকাৰখানাটোক অন্তৰ্ভুক্ত কৰিছিল আৰু মোদী চৰকাৰে চতুৰ্থ উৎপাদন গোট নিৰ্মাণৰ বাবে ৪৫০০ কোটি টকা প্ৰদান কৰাৰ কথা ঘোষণা কৰিছিল ৷ কিন্তু অতি পৰিতাপৰ বিষয় যে ব্যক্তিগত খণ্ডৰ সাৰ কোম্পানীৰ স্বাৰ্থত নৰেন্দ্ৰ মোদী চৰকাৰে নামৰূপৰ সাৰ কাৰখানা বন্ধ কৰাৰ বাবে সম্পূৰ্ণ বিপৰীত স্থিতি গ্ৰহণ কৰিছে ৷

তেনেদৰে কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ সংস্থা নীতি আয়োগেও সাৰকাৰখানাটো বন্ধ কৰাৰ পৰামৰ্শ আগবঢ়াইছে ৷ ইফালে নামৰূপ সাৰকাৰখানাৰ দ্বিতীয় উৎপাদন গোট মাত্ৰ ৪০ ৰ পৰা ৫০ কোটি টকাৰ বাবে সম্প্ৰতি উৎপাদনক্ষম হৈ নুঠিল ৷ দ্বিতীয় উৎপাদন গোটটো আওপুৰণি হোৱাৰ বাবে বন্ধ কৰিব লগা হৈছে ৷ বিভিন্ন উৎসৱ-অনুষ্ঠান আয়োজন কৰি শ শ কোটি খৰছ কৰিব পৰা চৰকাৰখনে এটা ৰাজহুৱা খণ্ডৰ উদ্যোগ প্ৰতিষ্ঠান পুনঃউজ্জীৱীত কৰাৰ বাবে মাত্ৰ ৫০ কোটি খৰছ কৰিব নোৱাৰাটো অতি দুৰ্ভাগ্যজনক বিষয় ৷ পৰিষদৰ নেতাদ্বয়ে কয় যে নামৰূপৰ সাৰ কাৰখানা বন্ধ কৰাৰ সিদ্ধান্ত কোনো কাৰণতে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে মানি নলয় ৷

অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে পূৰ্বতেও সাৰ কাৰখানা বন্ধ কৰাৰ সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে ৷ বুধবাৰে পুনৰ দিল্লীৰ যন্তৰ মন্তৰত নামৰূপ সাৰ কাৰখানাৰ চতুৰ্থ উৎপাদন গোট অনতি বিলম্বে নিৰ্মাণ কৰা, নৰেন্দ্ৰ মোদী চৰকাৰে নামৰূপ সাৰকাৰখানাৰ বাবে পূৰ্বে ঘোষণা কৰা ৪৫০০ কোটি টকা অনতি বিলম্বে মোকলাই দিয়া আৰু নামৰূপ সাৰকাৰখানা সন্দৰ্ভত নীতি আয়োগৰ সকলো পৰামৰ্শ বাতিল কৰাৰ দাবীত তিনি ঘন্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰি কেন্দ্ৰীয় ৰসায়ন আৰু সাৰ মন্ত্ৰী ড০ মনসুখ মাণ্ডব্যক এখনি স্মাৰক পত্ৰ প্ৰদান কৰে ৷

পৰিষদৰ নেতাদ্বয়ে স্পষ্টভাৱে কয় যে নামৰূপ সাৰকাৰখানাটো মাথো এটা ৰাজহুৱা খণ্ডৰ উদ্যোগ প্ৰতিষ্ঠানেই নহয়, নামৰূপ সাৰ কাৰখানাৰ সৈতে অসমীয়া ৰাইজৰ আবেগ-অনুভূতি জড়িত হৈ আছে ৷ সাৰ কাৰখানা বন্ধ কৰাৰ সিদ্ধান্ত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ কৃষক বিৰোধী আৰু অসম বিৰোধী সিদ্বান্ত ৷ গতিকে সাৰ কাৰখানাটো বন্ধ কৰাৰ কোনো পৰিকল্পনা বা সিদ্ধান্ত অসমৰ ৰাইজে মানি নলয় ৷ ইফালে বৃহস্পতিবাৰে বিষয়টো সন্দৰ্ভত আলোচনা কৰিবলৈ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় নেতৃত্বই অসমৰ কেইবাগৰাকীও সাংসদক সাক্ষাৎ কৰি সমগ্ৰ বিষয়টো সংসদত উত্থাপন কৰিবলৈ আহ্বান জনাব ৷

লগতে পঢ়ক : Assam cabinet in Delhi: হিমন্ত বিশ্ব শৰ্মাই অসমৰ বিভিন্ন ঠাইত কেবিনেট অনুষ্ঠিত কৰি ৰাজকোষৰ ধন অপচয় কৰিছে; শংকৰজ্যোতি বৰুৱা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.