Assam cabinet in Delhi: হিমন্ত বিশ্ব শৰ্মাই অসমৰ বিভিন্ন ঠাইত কেবিনেট অনুষ্ঠিত কৰি ৰাজকোষৰ ধন অপচয় কৰিছে; শংকৰজ্যোতি বৰুৱা

🎬 Watch Now: Feature Video

thumbnail
Assam cabinet in Delhi (undefined)

By

Published : August 9, 2023 at 4:38 PM IST

Choose ETV Bharat

ডিব্ৰুগড়, ৯ আগষ্ট: নতুন দিল্লীত দ্বিতীয়বাৰৰ আজি অনুষ্ঠিত হ’ব অসম চৰকাৰৰ কেবিনেট বৈঠক ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ এই সিদ্ধান্তক বিৰোধী দলসমূহে তীব্ৰ সমালোচনা কৰাৰ লগতে সৰৱ হৈছে সদৌ অসম ছাত্ৰ সন্থা ৷  

নাহৰকটীয়াত এক অনুষ্ঠানত অংশগ্ৰহণ কৰি সদৌ অসম ছাত্ৰ সন্থাৰ সম্পাদক শংকৰজ্যোতি বৰুৱাই কয়, ‘‘মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই অসমৰ বিভিন্ন ঠাইত কেবিনেট বৈঠক অনুষ্ঠিত কৰি ৰাজকোষৰ ধন অপচয় কৰিছে ৷ আজি কালি কেবিনেট বৈঠকত অলাগতীয়াল কিছুমান সিদ্ধান্ত গ্ৰহণ কৰা হয় । হিতাধিকাৰী সৃষ্টি কৰি ৰাজকোষৰ ধন অপচয় কৰা চৰকাৰখনে অসমৰ বিভিন্ন ঠাইৰ লগতে দিল্লীত কেবিনেট বৈঠক আয়োজন কৰাটো চৰকাৰখনৰ বাবে শুভ নহয় ।’’  

উল্লেখযোগ্য যে মুখ্যমন্ত্ৰীৰ দায়িত্ব লৈয়ে হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ বিভিন্ন প্ৰান্তত কেবিনেট অনুষ্ঠিত কৰা হ'ব বুলি ঘোষণা কৰিছিল । সেই অনুসৰি বিগত দুটা বছৰে ৰাজ্যখনৰ বিভিন্ন জিলাত কেবিনেট অনুষ্ঠিত হৈ আহিছে । পূৰ্বে এবাৰ দিল্লীৰ অসম ভৱনত অসম চৰকাৰৰ কেবিনেট বৈঠক অনুষ্ঠিত হৈছিল যদিও পুনৰ ৯ আগষ্টত অৰ্থাৎ আজি দিল্লীত অনুষ্ঠিত হ'ব অসম চৰকাৰৰ কেবিনেট বৈঠক ।

লগতে পঢ়ক: Assam cabinet in Delhi: অসম চৰকাৰক আমেৰিকা-ছিংগাপুৰত কেবিনেট বৈঠক পতাৰ উপদেশ অখিল গগৈৰ