ETV Bharat / state

Assam cabinet in Delhi: অসম চৰকাৰক আমেৰিকা-ছিংগাপুৰত কেবিনেট বৈঠক পতাৰ উপদেশ অখিল গগৈৰ

author img

By

Published : Aug 8, 2023, 6:12 PM IST

Assam cabinet in Delhi
Assam cabinet in Delhi

পুনৰবাৰ দিল্লীত অসম চৰকাৰৰ কেবিনেট বৈঠক অনুষ্ঠিত কৰিবলৈ লোৱাক লৈ তীব্ৰ সমালোচনা বিধায়ক অখিল গগৈৰ ৷ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ মাটি যাত্ৰাকলৈয়ো সৰৱ হ’ল গগৈ ৷

মুখ্যমন্ত্ৰীক কি কি উপদেশ দিলে অখিল গগৈয়ে ?

ডিব্ৰুগড়, 8 আগষ্ট: দিল্লীত দ্বিতীয়বাৰৰ বাবে 9 আগষ্টত অনুষ্ঠিত হ’ব অসম চৰকাৰৰ কেবিনেট বৈঠক ৷ ইয়াকে লৈ ৰাজ্যৰ বিভিন্ন মহলত ইতিমধ্যেই আৰম্ভ হৈছে প্ৰতিক্ৰিয়া ৷ অসম চৰকাৰৰ এই সিদ্ধান্তক তীব্ৰ সমালোচনা ৰাইজৰ দলৰ বিধায়ক অখিল গগৈৰ ৷

নামৰূপৰ এক কাৰ্যসূচীত অংশগ্ৰহণ কৰি অখিল গগৈয়ে কয়, ‘‘হিমন্ত বিশ্বই মুখ্যমন্ত্ৰী হৈ এতিয়া নোপোৱাই পোৱাদি পাইছে ৷ অনবৰতে কেৱল নিজৰ মতেই কাম কৰে ৷ দিল্লীত কেবিনেট পাতি ঘোৰাৰ ঘাঁহ কাটিব নেকি ? সপ্তাহে সপ্তাহে কেবিনেট পাতি ৰাইজৰ পইছা খৰচ কৰি ভোগ কৰিছে মুখ্যমন্ত্ৰীয়ে৷ তেওঁ ভোগী মানুহ, ভোগ কৰিছে ৷ কপালখন লৈ আহিছে; বিয়া খাবলৈও হেলিকপ্তাৰ লৈ যায় ৷’’

তেওঁ আৰু কয়, ‘‘কেইদিনমান পিচত আমেৰিকাতো কেবিনেট বৈঠক পাতিব হিমন্ত বিশ্ব শৰ্মাই, সেই সুযোগতে আমেৰিকাও ফুৰি আহিব । মই পৰামৰ্শ দিওঁ, আমেৰিকালৈ যদি নাযায়, ছিংগাপুৰলৈ যাওক, ছিংগাপুৰত অসম চৰকাৰৰ কেবিনেট পাতক, অধিক প্ৰচাৰ লাভ কৰিব ৷’’ ছিংগাপুৰত লেটেষ্ট ডান্স বিলাক হয় সেইবোৰো চাব পাৰিব বুলিও তুচ্ছ-তাচ্ছিল্য কৰে অখিল গগৈয়ে ৷

উল্লেখযোগ্য যে মুখ্যমন্ত্ৰীৰ দায়িত্ব লৈ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ বিভিন্ন প্ৰান্তত কেবিনেট বৈঠক অনুষ্ঠিত কৰা হ’ব বুলি ঘোষণা কৰিছিল । সেই অনুসৰি বিগত দুটা বছৰে ৰাজ্যখনৰ বিভিন্ন জিলাত কেবিনেট অনুষ্ঠিত হৈ আহিছে । পূৰ্বে এবাৰ দিল্লীৰ অসম ভৱনত অসম চৰকাৰৰ কেবিনেট অনুষ্ঠিত হৈছিল যদিও পুনৰ 9 আগষ্টত দিল্লীত অনুষ্ঠিত হ'ব অসম চৰকাৰৰ কেবিনেট বৈঠক ৷

ইফালে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ মাটি যাত্ৰাকলৈয়ো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিধায়ক গগৈয়ে ৷ বিধায়কগৰাকীয়ে কয়, ‘‘ কোনোবাই যদি চতুৰ্থ শ্ৰেণী উত্তীৰ্ণ হৈ প্ৰধানমন্ত্ৰী হয়, তেওঁ এনে ধৰণৰ ‘গিমিকেই’ই দেখুৱাব লাগিব ৷ গাঁৱৰ মাটি নি দিল্লীত অমৃত উদ্যান পাতিলে অসমৰ মানুহৰ কি উপকাৰ হ’ব ? এইয়া ‘পাগলামি’ৰ বাহিৰে আন একো নহয় ৷’’

গাঁৱৰ মাটি নি দিল্লীয়ে অসমৰ গাঁৱসমূহত কিদৰে লুন্ঠন কৰিব পাৰি তাৰ গৱেষণা কৰিব বুলি উল্লেখ কৰি অসমত দিল্লীয়ে কৰি থকা লুন্ঠন বন্ধ কৰা যাত্ৰাহে কৰিব লাগে বুলি কয় অখিল গগৈয়ে ৷

লগতে পঢ়ক: Highway construction in Assam: পাঁচ বছৰত অসমত নিৰ্মাণ কৰা হ’ল মাত্র ১১১ কিলোমিটাৰ ৰাষ্ট্ৰীয় ঘাইপথ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.