ETV Bharat / state

AJP Press meet: অসমত কোভিড প্ৰতিৰোধী সামগ্ৰী ক্ৰয়-যোগানৰ নামত ব্যাপক কেলেংকাৰীৰ অভিযোগ

author img

By

Published : Jan 18, 2023, 7:43 PM IST

বুধবাৰে এক সংবাদমেল যোগে অসমত কোভিড প্ৰতিৰোধী সামগ্ৰী ক্ৰয় আৰু যোগানৰ নামত ব্যাপক কেলেংকাৰীৰ অভিযোগ উত্থাপন কৰিছে অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই (AJP Press meet on Covid scam )।
AJP Press meet on covid scam in Assam
অসমত কোভিড প্ৰতিৰোধী সামগ্ৰী ক্ৰয় আৰু যোগান

অসমত কোভিড প্ৰতিৰোধী সামগ্ৰী ক্ৰয় আৰু যোগান

গুৱাহাটী, 18 জানুৱাৰী: কোভিড 19 মহামাৰীৰ প্ৰতিষেধক (ভেকচিন) প্ৰদানক কেন্দ্ৰ কৰি ভাৰত চৰকাৰ আৰু অসম চৰকাৰ ব্যাপক অনিয়ম আৰু কেলেংকাৰীত লিপ্ত হোৱাৰ অভিযোগ তুলিছে অসম জাতীয় পৰিষদে (AJP Press meet on covid scam )। বুধবাৰে গুৱাহাটীত অনুষ্ঠিত এখন সংবাদমেলত অজাপৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই (AJP general secretary Jagdish Bhuyan) এই অভিযোগ তুলি কয় যে প্ৰকাশিত তথ্য অনুসৰি, ভাৰত চৰকাৰে এটা ডাঙৰ আৰু যুগান্তকাৰী সাফল্য় হিচাপে প্ৰদর্শন কৰা কোভাক্সিন আৰু কোভিশ্বিল্ডকে ধৰি কোভিড 19 ৰ ভেকচিনৰ মাৰাত্মক পার্শ্বক্ৰিয়া আছে ৷ উক্ত পার্শ্বক্ৰিয়াৰ ফলত বহুসংখ্য়ক লোকৰ ইতিমধ্যে মৃত্য়ু ঘটিছে আৰু অসংখ্য় লোকে অন্য় শাৰীৰিক বিসংগতি তথা ৰোগত আক্ৰান্ত হৈছে ৷

যোৱা 2021 চনৰ 16 জানুৱাৰীৰ পৰা ভাৰতত কোভিড 19 ৰ ভেকচিন (Covid 19 vaccine) প্ৰদান প্ৰক্ৰিয়া তাৰিখে আৰম্ভ হৈছিল ৷ দেশজুৰি বৰ্তমানলৈ 220 কোটি কোভিড ভেকচিন প্ৰদান কৰা হৈছে বুলি চৰকাৰী তথ্যত প্ৰকাশ কৰিছে ৷ চৰকাৰে দাবী কৰা মতে, ১২ বছৰৰ ওপৰৰ বয়সৰ ৯৫ শতাংশ লোকক টকা প্ৰদান কৰা হয় ৷ সামগ্ৰিকভাৱে মুঠ জনসংখ্যাৰ ৭৪ শতাংশই এপালি আৰু ৬৮ শতাংশই দুয়োপালি টীকা গ্ৰহণ কৰিছে ৷ চৰকাৰী তথ্য়ত ইতিপূৰ্বে কোৱা হৈছে যে অসমৰ মুঠ জনসংখ্যাৰ ৭০ শতাংশ (অৰ্থাৎ আনুমানিক ২.৪৮কোটি) লোকক টীকাকৰণ হৈছে ৷

বিশ্ব স্বাস্থ্য় সংস্থা (WHO) (World Health Organization) অনুমোদন মৰ্মে কোভিড মহামাৰীৰ টীকা প্ৰদান কৰা হৈছিল যদিও আৰম্ভণিৰে পৰা একাংশ বিশেষজ্ঞই এই ক্ষেত্ৰত আপত্তি দেখুৱাই আহিছিল যে কোভিড ভেকচিনৰ মাৰাত্মক পাশ্বর্ক্ৰিয়া হ’ব (Side effects of Covid vaccine)পাৰে ৷

প্ৰতিকূল পার্শ্বক্ৰিয়াৰ প্ৰভাৱ অধ্যয়ন নকৰাকৈ আৰু বিশেষকৈ ভাৰতৰ মোনাফা-নিৰ্ভৰ ব্যক্তিগত ঔষধ নিৰ্মাতা কোম্পানীয়ে যাতে এই ক্ষেত্ৰত সুবিধা লব নোৱাৰে, সেইটো নিশ্চিত নকৰাকৈ কোভিডৰ টিকা প্ৰয়োগ ব্যৱস্থাক সাৰ্বজনীন কৰিব নালাগে বুলি বিশেষজ্ঞসকলে মত প্ৰকাশ কৰিছিল ৷ কিন্তু চৰকাৰে ছলে-বলে-কৌশলে কণ্ঠ ৰুদ্ধ কৰি টীকা প্ৰদান অভিযান অব্যাহত ৰাখিছিল ৷ আনকি ভাৰতত নিৰ্মিত ভেকচিন বিদেশলৈয়ো পঠিয়াই ভাৰত যে বিশ্বগুৰু হৈ উঠিছে, সেয়া জাহিৰ কৰাৰ বাবেও উঠিপৰি লাগিছিল কেন্দ্ৰৰ বিজেপি চৰকাৰে ৷

সংবাদেমলখনত লগতে ভূঞাই কয় যে টীকাকৰণৰ ক্ষেত্ৰত কেন্দ্ৰ আৰু ৰাজ্য় উভয় বিজেপি চৰকাৰে এইক্ষেত্ৰত নিয়ম বহিৰ্ভূত ব্যৱস্থাৰ আশ্ৰয় লোৱাই নহয়, বল প্ৰয়োগৰ দ্বাৰা প্ৰচলিত আইনী বিধানক উলংঘা কৰিছিল ৷ আইন মতে, যিকোনো টীকা গ্ৰহণ কৰাটো ব্যক্তিৰ স্বাধীনতাৰ সৈতে যুক্ত, এইক্ষেত্ৰত বল প্ৰয়োগ বেআইনী ৷ কিন্তু অসমত বল প্ৰয়োগ কৰি, আৰক্ষী লগাই, টীকা নল’লে চৰকাৰী কৰ্মচাৰী কাৰ্যালয়লৈ যাব নোৱৰা বা দৰমহা বন্ধ কৰি দিয়া, টীকাকৰণৰ প্ৰমাণপত্ৰ দেখুৱাব নোৱাৰিলে চৰকাৰী কাৰ্যালয়, বাছ আস্থান, ৰে’ল-বিমানত প্ৰৱেশ কৰিব নোৱাৰা বা চৰকাৰী সুবিধাৰ পৰা বঞ্চিত কৰা আদি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছিল ৷

জগদীশ ভূঞাই কয় যে শেহতীয়াকৈ এই তথ্য়ও পোহৰলৈ আহিছে যে বিজ্ঞানসন্মত নীতি-নিয়ম আওকান কৰি কোভিড ভেকচিন ল’বলৈ ৰাইজক বাধ্য কৰা কাৰ্য দেশ তথা ৰাজ্যৰ ৰাজহুৱা স্বাস্থ্যৰ কাৰণে মাৰাত্মক হৈ উঠিছে ৷ ইতিমধ্যে দেশৰ বিভিন্ন ৰাজ্যত 12,400 গৰাকী লোকৰ কোভিড ভেকচিনৰ প্ৰতিকূল পার্শ্বক্ৰিয়াৰ ফলত মৃত্যু হোৱাৰ তথ্য পোহৰলৈ আহিছে ৷ বিভিন্ন ৰোগত আক্ৰান্ত হৈছে লাখ লাখ লোক ৷

প্ৰথম অৱস্থাত ভেকচিনৰ প্ৰতিকূল পার্শ্বক্ৰিয়াৰ কথা চৰকাৰে ইমান দিনে স্বীকাৰ কৰি লোৱা নাছিল যদিও শেহতীয়াভাৱে ‘ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিছাৰ্চ (ICMR) (Indian Council of Medical Research) আৰু চেন্ট্ৰেল ড্ৰাগছ ষ্টেণ্ডাৰ্ড কন্ট্ৰোল অৰ্গেনাইজেচন (CDSCO)-এ তথ্য় জনাৰ অধিকাৰ আইনৰ অধীনত দাখিল কৰা আবেদনৰ উত্তৰত কৰ‘ণা ভেকচিনৰ মাৰাত্মক প্ৰতিকূল পার্শ্বক্ৰিয়া হোৱা আৰু তাৰ ফলত বিভিন্ন লোক আক্ৰান্ত হোৱাৰ কথাটো স্বীকাৰ কৰে ৷ কোভিড প্ৰতিৰোধী ‘কোভিশ্বিল্ড’ টীকা গ্ৰহণ কৰি মৃত্যুমুখত পৰা মহাৰাষ্ট্ৰৰ ডাঃ স্নেহাল লুনাৱাত নামৰ এজন লোকৰ পিতৃ দিলিপ লুনাৱাতে পুত্ৰৰ মৃত্যুক ‘হত্যাকাণ্ড’ বুলি অভিহিত কৰি এহেজাৰ কোটি টকাৰ ক্ষতিপূৰণ বিচাৰি মুম্বাই উচ্চ ন্যায়ালয়ত এখন আবেদন দাখিল কৰিছিল ৷ চৰকাৰী পক্ষই ইয়াৰ সন্দৰ্ভত দাখিল কৰা তদন্তৰ প্ৰতিবেদনতো এই কথা স্বীকাৰ কৰা হৈছিল যে ডাঃ লুনাৱাতৰ মৃত্য়ু কোভিড ভেকচিনৰ বাবেই হৈছিল ৷

মুঠতে এই কথা এতিয়া একপ্ৰকাৰে নিশ্চিত হৈছে যে কোভিড প্ৰতিৰোধী ভেকচিন নিৰাপদ নাছিল, ইয়াক প্ৰস্তুত আৰু প্ৰয়োগ কৰাৰ ক্ষেত্ৰত বিজ্ঞানসন্মত নীতি-নিয়ম মানি চলা হোৱা নাছিল আৰু উক্ত ভেকচিনসমূহৰ মাৰাত্মক পার্শ্বক্ৰিয়া আছে যাৰ পৰিণতি মৃত্যুও হ’ব পাৰে ৷ গতিকে অসমত কোভিড-প্ৰতিৰোধী ভেকচিন প্ৰদানৰ যাৱতীয় প্ৰক্ৰিয়াৰ উচ্চ পৰ্যায়ৰ তদন্তৰ প্ৰয়োজন আছে ৷

ৰাজ্য়খনত কিমান লোকক প্ৰতিষেধক প্ৰদান কৰা হ’ল, কোনোবা লোকৰ মাজত প্ৰতিকূল পার্শ্বক্ৰিয়া দেখা দিলে নে নাই, ভেকচিন গ্ৰহণৰ পিছত যিসকল লোকৰ মৃত্যু হ’ল, তেওঁলোকৰ ভেকচিনৰ পার্শ্বক্ৰিয়াৰ ফলতহে মৃত্যু হ’ল?– এই সমগ্ৰ বিষয়বোৰৰ বিজ্ঞানসন্মত তদন্তৰ প্ৰয়োজন বুলি দাবী উত্থাপন কৰে জগদীশ ভূঞাই ৷

আনহাতে, প্ৰতিষেধক তথা ঔষধৰ যোগান, চেনিটাইজাৰ তথা পি পি ই কীট ক্ৰয় আৰু যোগান, কোভিডৰ চিকিৎসা শিবিৰ আদি নিৰ্মাণ আৰু পৰিচালনা আদিতো ব্যাপক কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ উঠিছে ৷ এই সমগ্ৰ বিষয়বোৰৰো পুংখানুপুংখ অনুসন্ধানৰ প্ৰয়জনীয়তা আছে বুলি তেওঁ উল্লেখ কৰে ।

লগতে পঢ়ক: Lok Sabha Election 2024: লোকসভা নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ ইচ্ছা নাই দেৱব্ৰত শইকীয়াৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.