Lok Sabha Election 2024: লোকসভা নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ ইচ্ছা নাই দেৱব্ৰত শইকীয়াৰ

By

Published : Jan 17, 2023, 5:22 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

thumbnail

লোকসভা নিৰ্বাচনত(Lok Sabha Election 2024) অৱতীৰ্ণ হ’বলৈ প্ৰস্তুত নহয় বিৰোধী দলপতি দেৱব্ৰত শইকীয়া (Opposition leader Debabrat saikia)৷  শেহতীয়াকৈ অসম কংগ্ৰেছৰ তৰফৰ পৰা লোকসভা নিৰ্বাচনৰ বাবে এখন 50 জনীয়া তালিকৈ প্ৰস্তুত কৰাৰ সন্দৰ্ভত চৰ্চা অব্যাহত আছে ৷ উক্ত তালিকাত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ নামো সন্নিৱিষ্ট আছে (Assam Congress candidate list)৷ তালিকা অনুসৰি যোৰহাট লোকসভা সমষ্টিৰ পৰা বিৰোধী দলপতিগৰাকীক প্ৰক্ষেপ কৰা হৈছে ৷ সেই সন্দৰ্ভত দেৱব্ৰত শইকীয়াই কয় যে তেওঁ লোকসভা নিৰ্বাচন খেলিবলৈ প্ৰস্তুত নহয় ৷ এই কথা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাকো জনাইছে ৷ তালিকাৰ পৰা তেওঁৰ নাম কৰ্তন কৰিবলৈ আহ্বান জনাই বিধানসভা নিৰ্বাচনত অৱৰ্তীৰ্ণ হোৱাৰহে আশা প্ৰকাশ কৰে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ৷ 

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.