ETV Bharat / state

বাজেটত নতুনত্ব আৰু বিশেষত্ব একো নাই: এ আই ইউ ডি এফ

author img

By

Published : Mar 16, 2022, 9:21 PM IST

aiudf-reacts-on-budget-2022
বাজেটত নতুনত্ব আৰু বিশেষত্ব একো নাই : এ আই ইউ ডি এফ

বাজেট সন্দৰ্ভত প্ৰতিক্ৰিয়া এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলামৰ(AIUDF MLA Aminul Islam reacts to budget)। বিভিন্ন খণ্ডত আন্তঃগাঠনি নিৰ্মাণৰ বাবে আশা কৰা ধৰণৰ কোনো নতুনত্ব নাই । বাজেটত ধাৰ্য কৰা অধিকাংশ টকাই চৰকাৰী কৰ্মচাৰীক দৰমহা দিয়াৰ নামত ব্যয় হ'ব । উন্নয়নৰ বাবে বিশেষ একো নাই ।

গুৱাহাটী, ১৬ মাৰ্চ : অসম চৰকাৰৰ ২০২২-২৩ বৰ্ষৰ বাজেটক(Assam Budget 2022) গতানুগতিক ‍আখ্যা দি বাজেটখনত নতুনত্ব আৰু বিশেষত্ব একো নাই বুলি সদৰি কৰে এ আই ইউ ডি এফ দলে(Budget reaction of AIUDF) ।

বুধবাৰে বিত্তমন্ত্রী অজন্তা নেওগে সদনত দাখিল কৰা বাজেট সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলামে কয় যে, "সন্মূখত নিৰ্বাচন নাই বাবে বাজেটত কোনো চমক নাই । অসমৰ বিভিন্ন খণ্ডত আন্তঃগাঠনি নিৰ্মাণৰ বাবে আশা কৰা ধৰণৰ কোনো নতুনত্ব নাই(AIUDF MLA Aminul Islam reacts to budget) । বাজেটত ধাৰ্য কৰা অধিকাংশ টকাই চৰকাৰী কৰ্মচাৰীক দৰমহা দিয়াৰ নামত ব্যয় হ'ব । উন্নয়নৰ বাবে বিশেষ একো নাই ।"

বাজেটত নতুনত্ব আৰু বিশেষত্ব একো নাই : এ আই ইউ ডি এফ

তেওঁ কয় যে, "বিগত বৰ্ষৰ বাজেটত ধাৰ্য কৰা পুঁজিৰ মাত্র ৪২ শতাংশ ব্যয় কৰা হৈছে । এতিয়া নতুন বাজেট আহিল আৰু পূৰ্বৰ বাজেটৰ কিমান খৰচ হ'ব সেই কথা কিন্তু এতিয়াও স্পষ্ট নহ'ল । নতুন বাজেট অহাৰ লগে লগে পুৰণি বাজেটৰ কথা তল পৰে । পূৰ্বৰ দৰে এইবাৰৰ বাজেটতো কৃতিত্ব লোৱাৰ চৰকাৰৰ প্ৰৱনতা প্ৰকাশ পাইছে ।"

লগতে তেওঁ কয় যে, "ৰাজ্যক সীমান্ত সুৰক্ষিত কৰাৰ বাবে বাজেটত কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নহ'ল ।"

লগতে পঢ়ক : বাজেটত কোনো চমক নাই : বিৰোধী দলপতি দেবব্ৰত শইকীয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.