বাজেটত কোনো চমক নাই : বিৰোধী দলপতি দেবব্ৰত শইকীয়া

By

Published : Mar 16, 2022, 8:36 PM IST

Updated : Feb 3, 2023, 8:20 PM IST

thumbnail

বিত্তমন্ত্রী অজন্তা নেওগে বুধবাৰে সদনত দাখিল কৰা ২০২২-২৩ বৰ্ষৰ বাজেটক চমকহীন গতানুগতিক বাজেট আখ্যা দিয়ে বিৰোধী দলপতি দেবব্ৰত শইকীয়াই(Opposition leader Debabrata Saikia reacts to budget 2022) । বিগত সময়ৰ বহু ঘোষণা এতিয়াও ৰূপায়ণ হোৱা নাই বুলি উল্লেখ কৰি তেওঁ কয় যে, পুৰণি বহু প্ৰকল্পৰ কথা বাজেটত পুনৰ উল্লেখ কৰা হৈছে । পৰবৰ্ত্তী সময়ত বাজেটৰ প্ৰকৃত মূল্যায়ন হ'ব বুলি সদৰি কৰি তেওঁ কয় যে, বিধায়ক পুঁজি বৃদ্ধি কৰাৰ ক্ষেত্রত মুখ্যমন্ত্রীয়ে আশ্বাস দিছিল যদিও এতিয়াও সেয়া পূৰণ হোৱা নাই । চৰকাৰে বাজেটত দিয়া প্ৰতিশ্ৰুতিসমূহ পূৰণ কৰাৰ ক্ষেত্রত দৃষ্টি ৰখা হ'ব বুলিও বিৰোধী দলপতিগৰাকীয়ে উল্লেখ কৰে ৷

Last Updated : Feb 3, 2023, 8:20 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.