ETV Bharat / state

Badruddin Ajmal : কংগ্ৰেছক চকুপাৰি দেখিব নোৱৰা হ’ল আজমলে, তথাপিও INDIAত চামিল হোৱাৰ মন এটা আছে

author img

By ETV Bharat Assamese Team

Published : Oct 26, 2023, 8:15 PM IST

Badruddin Ajmal on INDIA
বিৰোধী ঐক্যমঞ্চক সমালোচনা বদৰুদ্দিন আজমলৰ

বৃহস্পতিবাৰে আবেলি ঠিক চাৰি বজাৰ পাচতেই বিৰোধী ঐক্যমঞ্চ শেষ হোৱাৰ কথা ৷ বদৰুদ্দিন আজমলে কৰা এই ভৱিষ্যদ্বাণীৰ বাস্তৱ ৰূপ কি এতিয়াও জানিব পৰা হোৱা নাই ৷ ইফালে I.N.D.I.A. ই কি বিচাৰে সেয়া পাচৰ কথা, কিন্তু আজমলে হেনা I.N.D.I.A. ক সমৰ্থন কৰি পত্ৰ এখন দিব ৷

বিৰোধী ঐক্যমঞ্চক সমালোচনা বদৰুদ্দিন আজমলৰ

গুৱাহাটী, ২৬ অক্টোবৰ : বৃহস্পতিবাৰে এফালে গুৱাহাটীত অনুষ্ঠিত হ’ল অসমৰ বিৰোধী ঐক্যমঞ্চৰ গুৰুত্বপূৰ্ণ বৈঠক ৷ আনফালে বিৰোধীৰ ঐক্যমঞ্চক লৈ AIUDFৰ সভাপতি সাংসদ বদৰুদ্দিন আজমলে কৰিলে তীব্ৰ কটাক্ষ ৷ আজমলৰ মতে আসনক লৈ হোৱা আলোচনাৰ পাচতেই ভাগিব অসমৰ বিৰোধীৰ ঐক্য ।

“২ বজাৰ পৰা বৈঠক, ৪ বজাত শেষ হ'ব ঐক্যমঞ্চ ৷ আজিৰ পৰা নাথাকে বিৰোধী ঐক্য মঞ্চ ৷” বৃহস্পতিবাৰে অসমৰ বিৰোধী ঐক্যক লৈ গুৱাহাটীত এই মন্তব্য আজমলৰ ৷ উল্লেখ্য যে I.N.D.I.A. তো নাই আজমল, নাই অসমৰ বিৰোধীৰ সন্মিলিত শক্তিত ৷ অসমৰ বিৰোধীৰ ওচৰত অস্পৃশ্য বদৰুদ্দিন আজমল ৷ তাৰ মাজতো আজমলে অব্যাহত ৰাখিছে নিজৰ ৰাজনৈতিক প্ৰত্যাক্ৰমণ । আজমলৰ মতে অসমত একত্ৰিত হোৱা বিৰোধীৰ ঐক্য বেছিদিন নিটিকে ৷

এ আই ইউ ডি এফ প্ৰধানগৰাকীয়ে কয় যে অসমত লোকসভাৰ আসন ১৪ খন ৷ অথচ প্ৰতিখন আসনৰ বাবেই প্ৰাৰ্থী পেনেল প্ৰস্তুত কৰিছে কংগ্ৰেছে ৷ এইবিলাকৰ বাবেই বিৰোধীৰ ঐক্যমঞ্চ শেষ হ’ব বুলি আজি দাবী কৰিছে আজমলে ৷ আনহাতে ২০২৪ৰ লোকসভাক লৈ নমতা ৰাজনৈতিক উৎসৱত যোগদান কৰিবলৈ সাজু আজমল ৷ সেয়ে অসমৰ বিৰোধী ঐক্যমঞ্চত এঘৰীয়া হ’লেও INDIA ক সমৰ্থন কৰি যাব বুলি পুনৰ এবাৰ ঘোষণা কৰে আজমলে৷ এই প্ৰসংগত আজমলে লিখিতভাৱে INDIA ৰ নেতৃত্বক অৱগত কৰিব বুলিও সদৰী কৰে ৷

ইয়াৰোপৰি AIUDF প্ৰধানগৰাকীৰ দাবী যে AIUDF হেনো কংগ্ৰেছৰ বিকল্প বুলি কৈ কংগ্ৰেছে ‘চৰে চৰে অভিযান’ কাৰ্যসূচীৰ প্ৰসংগতো কংগ্ৰেছক সমালোচনা আজমলৰ৷ আজমলৰ প্ৰশ্ন—“চৰে চৰে কেনেকৈ যাব কংগ্ৰেছ ? বিগত ৭৫ বছৰত সংখ্যালঘুৰ বাবে কি কৰিলে কংগ্ৰেছে ?” লগতে ডিটেনচন কেম্পক লৈ কংগ্ৰেছক আক্ৰমণ কৰি উত্থাপন কৰিলে তৰুণ গগৈৰ প্ৰসংগও । আজমলৰ মন্তব্য- “কংগ্ৰেছৰ শাসনতেই স্থাপন হ'ল ডিটেনছন কেম্প ৷ বিশ্বৰ ভিতৰতে বৃহৎ ডিটেনছন কেম্প নিৰ্মাণ কৰিলে প্ৰয়াত তৰুণ গগৈয়ে ৷ ডিটেনছন কেম্পত সংখ্যালঘু মহিলাই সৰ্বাধিক ৷’’

আজমলৰ দাবী যে কংগ্ৰেছৰ বাবেই সংখ্যালঘুৰ মূৰত আজি 'বাংলাদেশী'ৰ দাগ ৷

লগতে পঢ়ক: Chhattisgarh Polls: ভূপেশ বাঘেলে ধৰ্মান্তৰকৰণৰ বজাৰ খুলিছে: হিমন্ত বিশ্ব শৰ্মা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.