ETV Bharat / bharat

Chhattisgarh Polls: ভূপেশ বাঘেলে ধৰ্মান্তৰকৰণৰ বজাৰ খুলিছে: হিমন্ত বিশ্ব শৰ্মা

author img

By ETV Bharat Assamese Team

Published : Oct 26, 2023, 7:06 PM IST

ছত্তীশগড়ৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ তুলিছে অসমৰ মুখ্যমন্ত্ৰীয়ে ৷ এখন নিৰ্বাচনী সভাত অংশ লৈ ভূপেশ বাঘেলে ধৰ্মান্তকৰণৰ বজাৰ খোলা বুলি অভিযোগ তোলে ড৹ শৰ্মাই ৷

Himanta Biswa Sarma in Mahasamund
Chhattisgarh Polls

নিউজ ডেস্ক, 26 অক্টোবৰ: পাঁচ ৰাজ্যৰ বিধানসভা নিৰ্বাচনত বিজেপিৰ হৈ ব্য়াপক প্ৰচাৰত ব্যস্ত অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ সঘনে মধ্যপ্ৰদেশ, ছত্তীশগড়, ৰাজস্থানত গেৰুৱা দলটোৰ প্ৰচাৰ চলোৱা দেখা গৈছে অসমৰ মুখ্যমন্ত্ৰীগৰাকীক ৷ কংগ্ৰেছ শাসিত ছত্তীশগড় আৰু ৰাজস্থানৰ লগতে মধ্যপ্ৰদেশতো বিৰোধী কংগ্ৰেছক তীব্ৰ আক্ৰমণ কৰা দেখা গৈছে ড৹ শৰ্মাক ৷

  • जनवरी में रामलला के श्री विग्रह का प्राण प्रतिष्ठा होगा ।

    लेकिन आज तक कांग्रेस के शीर्ष नेता कभी श्री क्षेत्र अयोध्या नहीं गये। क्यों नहीं गये ? किसके डर से नहीं जाते ?

    📍महासमंद pic.twitter.com/Iy8eW18zEF

    — Himanta Biswa Sarma (@himantabiswa) October 26, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

নিৰ্বাচনী ভাষণত স্বভাৱসুলভভাৱেই মুছলমানক লক্ষ্য কৰি লোৱা দেখা গৈছে হিমন্ত বিশ্ব শৰ্মাই ৷ কেইদিনমান পূৰ্বে ছত্তীশগড়ৰ এখন নিৰ্বাচনী সভাত হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছিল যে কংগ্ৰেছে বাবৰ আৰু আকবৰক লালন-পালন কৰিছিল ৷ দেশে নৰেন্দ্ৰ মোদীক বিচাৰে, কোনো আকবৰক নিবিচাৰে ৷ এইবাৰ বৃহস্পতিবাৰে পুনৰ ছত্তীশগড়ত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলক আক্ৰমণৰ লক্ষ্য কৰি ল’লে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

  • सुशासन और कुशासन का अंतर :

    प्रधानमंत्री श्री नरेंद्र मोदी जी के आशीर्वाद से असम में 1 लाख युवाओं को सरकारी रोजगार मिली हैं और छत्तीसगढ़ में कांग्रेस सरकार सिर्फ बेरोजगारी भत्ता देने का वायदा करती हैं।

    📍महासमंद pic.twitter.com/JvbZSbgn1x

    — Himanta Biswa Sarma (@himantabiswa) October 26, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

ভূপেশ বাঘেলে সনাতম ধৰ্মক দুৰ্বল কৰিবৰ বাবে ধৰ্মান্তৰকৰণৰ এখন ডাঙৰ বজাৰ খোলা বুলি গুৰুতৰ অভিযোগ তোলে ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ মহাসমুন্দ বিধানসভা সমষ্টিত অনুষ্ঠিত এক নিৰ্বাচনী সভাত মহাসমুন্দ, খল্লাৰী, বসনা আৰু সৰায়পালীৰ বিজেপি প্ৰাৰ্থীৰ নাম ঘোষণা কৰাৰ সময়ত উপস্থিত থাকে ড৹ শৰ্মা ৷ সভাত নিজৰ ভাষণত ছত্তীশগড়ৰ ভোটাৰক বিজেপিক জয়যুক্ত কৰি ডবল ইঞ্জিনৰ চৰকাৰ গঠনৰ সুবিধা প্ৰদানৰ বাবে আহ্বান জনায় ৷

  • इस बार छत्तीसगढ़ की जनता कांग्रेस की तुष्टिकरण और वोट बैंक की राजनीति को हराएगी और भाजपा को जिताएगी।@BJP4CGState

    महासमंद में आयोजित जनसभा 👇https://t.co/NMFW92kFL5 pic.twitter.com/3UQTGMmJd9

    — Himanta Biswa Sarma (@himantabiswa) October 26, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

নিজৰ ভাষণত ড৹ শৰ্মাই ৰাজ্যখনৰ শাসনাধিস্থিত কংগ্ৰেছ চৰকাৰক কঠোৰ সমালোচনা কৰা দেখা যায় ৷ তেওঁ প্ৰশ্ন কৰে যে ছত্তীশগড়ত কংগ্ৰেছ চৰকাৰে বিগত পাঁচ বছৰে কি কৰিলে ? মুখ্যমন্ত্ৰী ভূপেশ বাঘেলৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ তুলি ড৹ শৰ্মাই কয় যে পাঁচ বছৰে ছত্তীশগড়ত এখনো বিশ্ববিদ্যালয় স্থাপন কৰা নাই বাঘেল চৰকাৰে ৷ কিন্তু অসমত জিলাই জিলাই চিকিৎসা মহাবিদ্যালয় স্থাপন কৰা হৈছে ৷

  • भाजपा के शासनकाल में छत्तीसगढ़ विकास का प्रतिबिंब था। बीते पांच साल में कांग्रेस ने सिर्फ एक परिवार के विकास के लिए राज्य के सारे संसाधन खर्च किए।

    खैरागढ़ से जनसभा 👇https://t.co/RuOeKAWOVy pic.twitter.com/zoSYwmS28N

    — Himanta Biswa Sarma (@himantabiswa) October 26, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

‘‘ভূপেশ বাঘেলে ছত্তীশগড়ত বিকাশৰ বাবে কোনো কাম কৰা নাই ৷ বৰঞ্চ তেওঁ সনাতন ধৰ্মক দুৰ্বল কৰিবৰ বাবে ধৰ্মান্তৰকৰণৰ এখন ডাঙৰ বজাৰ খুলিলে ৷’’ ড৹ শৰ্মাই কয় ৷

কংগ্ৰেছৰ প্ৰাক্তন সভাপতি তথা বৰ্তমানৰ সাংসদ ৰাহুল গান্ধীক সমালোচনা কৰি হিমন্ত বিশ্ব শৰ্মাই কয় যে কংগ্ৰেছৰ নেতাসকলে সদায় বাবৰক ভক্তি তথা পূজা কৰে ৷ কংগ্ৰেছে কেতিয়াও ৰাম মন্দিৰ নিৰ্মাণৰ চেষ্টা নকৰিলে ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েহে মন্দিৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিলে ৷ ৰাহুল গান্ধী সকলো মন্দিৰলৈ যায় কিন্তু ৰাম মন্দিৰলৈ নাযায় ৷

  • कांग्रेस मुझसे इसलिए नाराज़ है, क्योंकि मैंने अवैध आप्रवासन का मुद्दा उठाया।

    📍बिलासपुर@BJP4CGState pic.twitter.com/CpGmsjlVsf

    — Himanta Biswa Sarma (@himantabiswa) October 26, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

হিমন্ত বিশ্ব শৰ্মাই লগতে কয় যে ছত্তীশগড় চৰকাৰে যোৱা নিৰ্বাচনৰ পূৰ্বে কৃষকক কৰ মাফ কৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছিল ৷ কিন্তু সেই প্ৰতিশ্ৰুতি পূৰণ নকৰিলে ৷ বৰ্তমান পুনৰ এবাৰ মিছা প্ৰতিশ্ৰুতিৰে কৃষকৰ সৈতে প্ৰবঞ্চনা কৰিছে ৷ ড৹ শৰ্মাই লগতে কয় যে ছত্তীশগড়ত নিয়োগৰ কোনো সুবিধা নাই ৷ ইয়াৰ যুৱকৰ হাতত কাম নথকাৰ বাবে কৃষকে ঋণ ল’বলৈ বাধ্য হৈছে ৷

লগতে পঢ়ক: Rahul Talks to Satyapal Malik : সত্যপাল মালিকৰ সৈতে বাৰ্তালাপত মিলিত কংগ্ৰেছ নেতা ৰাহুল গান্ধী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.