ETV Bharat / state

AIDS positive patient: অসমত উদ্বেকজনক হাৰত বৃদ্ধি হৈছে এইডছ পজিটিভ ৰোগী

author img

By

Published : Jul 17, 2023, 9:52 PM IST

aids-positive-patients-increasing-in-assam
বৃদ্ধি হৈছে এইডছ পজিটিভ ৰোগী

অসমত উদ্বেকজনক হাৰত বৃদ্ধি পাইছে এইচ আই ভি পজিটিভ অৰ্থাৎ এইডছত আক্ৰান্ত ৰোগীৰ সংখ্যা । অসমত সক্ৰিয় হৈ আছে প্ৰায় ৩০,০৬৭ গৰাকী এইডছত আক্ৰান্ত ৰোগী ৷

অসমত উদ্বেকজনক হাৰত বৃদ্ধি হৈছে এইডছ পজিটিভ ৰোগী

গুৱাহাটী, ১৭ জুলাই : অসমত সক্ৰিয় হৈ আছে প্ৰায় ৩০,০৬৭ গৰাকী এইচ আই ভি পজিটিভ অৰ্থাৎ এইডছত আক্ৰান্ত ৰোগী। National aids control organization ৰ ২০২২ চনৰ শেহতীয়া সমীক্ষাত এই তথ্য প্ৰকাশ পাইছে ।

লক্ষ্যণীয় যে, অসমত উদ্বেকজনক হাৰত বৃদ্ধি পাইছে এইচ আই ভি পজিটিভ অৰ্থাৎ এইডছত আক্ৰান্ত ৰোগীৰ সংখ্যা । যোৱা তিনিবছৰত অসমত উদ্বেকজনক হাৰত বৃদ্ধি পাইছে এইচ আই ভি পজিটিভ অৰ্থাৎ এইডছত আক্ৰান্ত ৰোগীৰ সংখ্যা। অসম ৰাজ্যিক এইডছ নিয়ন্ত্ৰণ সমিতিৰ সমীক্ষাত প্ৰকাশ পাইছে এই তথ্য। তথ্য মতে অসমত যোৱা তিনিবছৰৰ পৰা প্ৰতিবছৰে ৫০ শতাংশ হাৰত বৃদ্ধি পাইছে এইচ আই ভি পজিটিভ অৰ্থাৎ এইডছত আক্ৰান্ত ৰোগীৰ সংখ্যা।

তথ্য মতে যোৱা ২০২০-২১ চনত ১,২৮৮ গৰাকী লোকৰ দেহত এইচ আই ভি পজিটিভ অৰ্থাৎ এইডছত চিহ্নিত হৈছে। সেইদৰে ২০২১-২২ চনত ২৩৬৬ গৰাকী লোকৰ দেহত এইচ আই ভি পজিটিভ অৰ্থাৎ এইডছত চিহ্নিত হৈছে। আকৌ ২০২২-২৩ চনত ৪০১৮গৰাকী লোকৰ দেহত এইচ আই ভি পজিটিভ অৰ্থাৎ এইডছত চিহ্নিত হৈছে।

২০২৩ চনৰ এপ্ৰিলৰ পৰা জুনলৈ তিনিমাহত ১,৩১৭ গৰাকী লোকৰ দেহত এইচ আই ভি পজিটিভ অৰ্থাৎ এইডছত চিহ্নিত হৈছে। এই তথ্যই দেখুবাই যে ৰাজ্যত অসমত উদ্বেকজনক হাৰত বৃদ্ধি পাইছে এইচ আই ভি পজিটিভ অৰ্থাৎ এইডছত আক্ৰান্ত ৰোগীৰ সংখ্যা। উল্লেখ্য যে অসমৰ কামৰূপ মহানগৰ জিলাত সৰ্বাধিক এইডছত আক্ৰান্ত ৰোগী চিহ্নিত হৈছে। দ্বিতীয় আৰু তৃতীয় স্থানত আছে ক্ৰমে শিলচৰ আৰু নগাঁও জিলা।

আটাইতকৈ উদ্বেগজনক কথাটো হ’ল যে, অসমত বেজীৰে ল'ব পৰা ড্ৰাগছৰৰ ব্যৱহাৰৰ ফলত এইচআইভি পজিটিভ ৰোগীৰ সংখ্যা নিৰ্বিচাৰে বৃদ্ধি পাইছে। ২০২১-২২ চনত এইচ আই ভি পজিটিভ অৰ্থাৎ এইডছত চিহ্নিত হোৱা ২,৩৬৬ গৰাকী লোকৰ ভিতৰত ৬২৮ ( ২৬ শতাংশ) গৰাকী বেজীৰে ল'ব পৰা ড্ৰাগছৰৰ ব্যৱহাৰৰ ফলত হোৱা এইচআইভি পজিটিভ ৰোগী।‌

২০২২-২৩ চনত এইচ আই ভি পজিটিভ অৰ্থাৎ এইডছত চিহ্নিত হোৱা ৪০১৮ গৰাকী লোকৰ ভিতৰত ১,৭৫৬ ( ৪৩ শতাংশ) গৰাকী বেজীৰে ল'ব পৰা ড্ৰাগছৰৰ ব্যৱহাৰৰ ফলত হোৱা এইচআইভি পজিটিভ ৰোগী। আকৌ ২০২৩ চনৰ এপ্ৰিলৰ পৰা জুনলৈ তিনিমাহৰ ভিতৰত চিহ্নিত হোৱা ১,৩১৭ ৰোগীৰ ভিতৰত ৬৬৯ গৰাকী ( ৫০ শতাংশ) গৰাকী বেজীৰে ল'ব পৰা ড্ৰাগছৰৰ ব্যৱহাৰৰ ফলত হোৱা এইচ আইভি পজিটিভ ৰোগী।

উল্লেখযোগ্য যে, অসম এইডছ নিয়ন্ত্ৰণ সমিতিয়ে ২০০২ চনৰ পৰা ২০২৩ চনলৈ অসমত ২৭,২৫৫ গৰাকী এইচআইভি পজিটিভ ৰোগী চিহ্নিত কৰিছে । অসম এইডছ নিয়ন্ত্ৰণ সমিতিৰ তথ্য মতে বৰ্তমান অসমত ১২,৮১৪ গৰাকী এইচআইভি পজিটিভ ৰোগী চিকিৎসাধীন হৈ আছে।

লগতে পঢ়ক: Price hike in Assam: শাক-পাচলিৰ পিচতে চাউল, তেলৰ আকাশলংঘী মূল্যবৃদ্ধি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.