ETV Bharat / state

Price hike in Assam: শাক-পাচলিৰ পিচতে চাউল, তেলৰ আকাশলংঘী মূল্যবৃদ্ধি

author img

By

Published : Jul 17, 2023, 7:04 PM IST

Sky rocketing prices of rice, oil after vegetables
চাউল, তেলৰ আকাশলংঘী মূল্যবৃদ্ধি

অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে জুৰুলা কৰিছে ৰাজ্যবাসীক ৷ শাক-পাচলিৰ পিচতে আকাশলংঘী মূল্যবৃদ্ধি চাউল আৰু তেলৰ ৷

গুৱাহাটী, ১৭ জুলাই: অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে সৰ্বস্বান্ত কৰিছে সৰ্বসাধাৰণ ৰাইজক । অনিয়ন্ত্ৰিত ৰাজ্যৰ বজাৰ । শাক-পাচলিৰ লগতে তেল, চাউলৰো অত্যাধিক হাৰৰ মূল্যবৃদ্ধিয়ে সৰ্বসাধাৰণৰক বিপাঙত পেলাইছে ৷ অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধি নিয়ন্ত্ৰণত ব্যৰ্থ হৈছে চৰকাৰ তথা যোগান বিভাগ ৷ ১০ % কৈ দাম বৃদ্ধি হৈছে প্ৰতিকিলোগ্ৰাম চাউলত ৷ আনহাতে মিঠাতেলৰ দাম ৫% পৰ্যন্ত বৃদ্ধি হৈছে ৷

বিগত প্ৰায় ১৫ দিনৰ পৰা দিনে দিনে বৃদ্ধি হৈ আহিছে চাউল আৰু তেলৰ দাম ৷ কিন্তু ইয়াৰ পিচতো নিষ্ক্ৰিয় যোগান বিভাগ ৷ বজাৰত সম্প্ৰতি ন্যুনতম মূলৰ প্ৰতিকেজি চাউলৰ খুচুৰা দাম ৪২ টকা ৷ প্ৰতিকিলোগ্ৰাম চাউলত ৬-৭ টকাকৈ বৃদ্ধি হৈছে ৷ পূৰ্বতে যিসমূহ চাউলৰ দাম ৩০-৩২ টকা সেই চাউলৰ দাম হৈছেগৈ ৪২ টকা ৷ প্ৰতিকুইন্টল চাউল ৩,৮৫০ টকাত ক্ৰয় কৰিবলগীয়া হৈছে ব্যৱসায়ীসকলে ৷ বিশেষকৈ বৰপেটা, খাৰুপেটীয়াৰ পৰা যিবোৰ আইজং চাউল আহে সেইবোৰৰ দাম অধিক বৃদ্ধি হৈছে ৷

পূৰ্বতে ব্যৱসায়ীসকলে খাৰুপেটীয়াৰ পৰা প্ৰতিকিলোগ্ৰাম আইজং চাউল ক্ৰয় কৰিছিল ৩৪ টকাত, কিন্তু এতিয়া ক্ৰয় কৰিবলগীয়া হৈছে ৪২ টকাত আৰু খুচুৰা বিক্ৰী কৰিবলগীয়া হৈছে প্ৰতিকিলোগ্ৰাম ৪৫ টকাকৈ ৷ তদুপৰি বৰপেটাৰ আইজং চাউল আগতে ৪০ টকাকৈ ক্ৰয় কৰিছিল আৰু ৪৪ বিক্ৰী কৰিছিল , কিন্তু এতিয়া ৪৫ টকাকৈ কিনিবলগীয়া হৈছে আৰু ৪৮ টকাত খুচুৰাকৈ বিক্ৰী কৰিবলগীয়া হৈছে । আনহাতে সোণাশক্তি চাউলৰো মূল্য বৃদ্ধি হৈছে ৷ ২০ কেজিৰ পেকেট ১,২২০ টকাকৈ বিক্ৰী কৰিবলগীয়া হৈছে ।

ইপিনে মিঠাতেল, ৰিফাইনৰ মূল্যবৃদ্ধি হৈছে ৷ প্ৰতিলিটাৰ ইঞ্জিন মিঠাতেল পূৰ্বতে ১৫০ টকাৰ ঠাইত ১৫৫ টকা, ১৪০ টকাৰ প্ৰতি লিটাৰ ধাৰা, ফৰচুন মিঠাতেল ১৪৫ টকাকৈ বিক্ৰী হৈছে ৷ আনহাতে চয়া আৰু চানফ্লাৱাৰ ৰিফাইন মূল্য ৪-৫ টকাকৈ দাম বৃদ্ধি হৈছে ৷ ইফালে শেহতীয়াকৈ মূল্যবৃদ্ধি প্ৰসংগত কৰা প্ৰশ্নত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৮৫% মানুহে বিনামূলীয়া চাউল লাভ কৰে বুলি দায়সৰা মন্তব্য প্ৰদান কৰিছে ৷

লগতে পঢ়ক: Protest against price hike : মূল্যবৃদ্ধিৰ মাধমাৰ, ৰাজ্যজুৰি পাঁচ বামপন্থী দলৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.