ETV Bharat / state

কেব সন্দৰ্ভত কৌশলপূৰ্ণ স্থিতিত অগপ নেতৃত্ব

author img

By

Published : Dec 1, 2019, 8:34 PM IST

দিল্লীৰ পৰা উভতিল অগপৰ প্ৰতিনিধি দল ৷ গোপীনাথ বৰদলৈ বিমানদন্দৰত উপস্থিত হৈ কেব সন্দৰ্ভত নিজৰ কৌশলপূৰ্ণ মন্তব্য দাঙি ধৰে অগপৰ দুই প্ৰতিনিধিয়ে ৷

দিল্লীৰ পৰা উভতিল অগপৰ প্ৰতিনিধি দল
কেব প্ৰসংগত মন্তব্য অগপ নেতৃত্বৰ

গুৱাহাটী, 1 ডিচেম্বৰ: গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে নাগৰিকত্ব সংশোধনী বিধেয়ক সম্পৰ্কীয় আলেচনাৰ অন্তত, আজি নতুন দিল্লীৰ পৰা উভতি আহে অগপৰ প্ৰতিনিধি দল ৷ বৰঝাৰস্থিত গোপীনাথ বৰদলৈ বিমানবন্দৰত উপস্থিত হৈ কেব সম্পৰ্কে মন্তব্য দাঙি ধৰে অগপৰ নেতৃত্ব ফণী ভূষণ চৌধুৰী আৰু কমলা কলিতাই ৷

'নতুন ৰূপত আহিব কেব' এই মন্তব্য খাদ্য আৰু যোগান মন্ত্ৰী ফণী ভূষণ চৌধুৰীৰ ৷ কেবৰ লগতে সাংবাদিকে সোধা প্ৰশ্নত পিয়াজৰ মূল্যবৃদ্ধি সম্পৰ্কেও উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে -

কেবৰ লগতে পিয়াজৰ মূল্যবৃদ্ধি সম্পৰ্কে উল্লেখ মন্ত্ৰী ফণী ভূষণ চৌধুৰীৰ

'কংগ্ৰেছে অসমক বিদেশীৰ চৰণীয়া পথাৰত পৰিণত কৰিছে ৷ কংগ্ৰেছৰ বাবেই আজি অসমে দুৰ্ভোগ ভুগিবলগীয়া হৈছে' এই মন্তব্য অগপ নেতা কমলা কলিতাৰ -

কংগ্ৰেছে অসমীয়া জাতিক ধ্বংস কৰা বুলি মন্তব্য অগপ নেতা কমলা কলিতাৰ

লগতে পঢ়ক: কেবৰ বিৰোধিতাৰে অগপৰ কাৰ্যালয় ঘেৰাও কটনিয়ানৰ

Intro:জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত অসম গণ পৰিষদৰ ওলোটা খৰ !
Body:Ocvo...জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত অসম গণ পৰিষদৰ ওলোটা খৰ । দিল্লীৰ পৰা উভতি আহি দেওবাৰে দুপৰীয়া বৰঝাৰ বিমানবন্দৰত অগপ নেতা কমলা কলিতা আৰু ফণী ভূষণ চৌধুৰীযে মন্তব্য কৰিলে বিজেপিৰ সমৰ্থনক । CAB অসমৰ সমাজ জীৱনত পৰিৱৰ্তন আনিব, কংগ্ৰেছে অসমীয়া জাতি ধ্বংস কৰিলে । বিধেয়ক খন সদনত উৎখাপন হলে চালি জাৰি সেয়েহে সিদ্ধান্ত লব বুলি জানিব দিলে অগপ নেতা কমলা কলিতাই । আনহাতে পিয়াঁজৰ মূল্য সম্পৰ্কত কেৱল অসমতেই নহয় সৰ্ব ভাৰতীয় পৰ্যায়ত মূল্য বৃদ্ধি হোৱা বুলি দায় সৰা মন্তব্য কৰিলে ফণী ভূষণ চৌধুৰীয়ে । Conclusion:কিন্তু গৃহ মন্ত্ৰী অমৃত শ্বাহৰ সৈতে মিলিত হোৱাৰ পিছত অগপৰ কেব সম্পৰ্কত স্থিতি সলনি হোৱাৰ স্পষ্ট ইংগিত পোৱা গল এই দুই অগপ নেতাৰ ভাষ্য ।

Bite1 &2..কমলা কলিতা আৰু ফণীভূষণ চৌধুৰী ।



দক্ষিণ কামৰূপ/আজাৰা পৰা অজয় দাস,etv bharat assam
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.