ETV Bharat / state

কেবৰ বিৰোধিতাৰে অগপৰ কাৰ্যালয় ঘেৰাও কটনিয়ানৰ

author img

By

Published : Dec 1, 2019, 7:55 PM IST

অসম গণ পৰিষদৰ আমবাৰী মুখ্য কাৰ্যালয়ৰ সন্মুখত কটনিয়ানৰ প্ৰতিবাদ । নাগৰিকত্ব সংশোধনী বিধেয়কক সমৰ্থন কৰা অগপ নেতৃত্বক সকীয়নী প্ৰদান কৰি কটনৰ ছাত্ৰসকলে দলটোৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত সাব্যস্ত কৰে উত্তাল-প্ৰতিবাদ ।

Cottonian's stand protest in front of AGP head-office
কেবৰ বিৰোধিতাৰে অগপৰ কাৰ্যালয় ঘেৰাও কটনিয়ানৰ

গুৱাহাটী,1 ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত শেহতীয়াকৈ মিত্ৰদল বিজেপিক সমৰ্থন জনোৱাৰ প্ৰতিবাদত দেওবাৰে কটন ৰাজ্যিক বিশ্ববিদ্যালয়ৰ ছাত্ৰসকলে আমবাৰীস্থিত অসম গণ পৰিষদৰ মুখ্য কাৰ্যালয় ঘেৰাও কাৰ্যসূচী ৰূপায়ণ কৰে ৷ প্ৰতিবাদী ছাত্ৰসকলে মুখ্য কাৰ্যালয়ৰ সন্মুখত অগপৰ তিনি মন্ত্ৰীৰ প্ৰতিমূৰ্তিও দাহ কৰে ৷ প্ৰতিবাদকাৰীসকলে অগপ গ' বেক, অতুল বৰা হায় হায়, কেশৱ মহন্ত মূৰ্দাবাদ আদি ধ্বনিৰে সমগ্ৰ পৰিৱেশ উত্তাল কৰি তোলে ৷

কেবৰ বিৰোধিতাৰে অগপৰ কাৰ্যালয় ঘেৰাও কটনিয়ানৰ

ইফালে প্ৰতিবাদকাৰী কটনিয়ানসকলক লতাশিল আৰক্ষীয়ে আটক কৰি উক্ত স্থানৰ পৰা আঁতৰাই নিয়ে ৷

আৰু পঢ়ক তামুলপুৰৰ গান্ধীবাৰীত বিশ্বজিৎ দৈমাৰীৰ প্ৰতিকৃতি দাহ

Intro:অগপ কাৰ্যালয় ঘেৰাও কটনিয়ানৰ প্ৰতিবাদ।
কেব সমৰ্থন কৰা অগপক ৰাইজে পুলিয়ে-পোখাই নাইকিয়া কৰিব।

অসম গণ পৰিষদৰ আমবাৰী মুখ্য কাৰ্যালয়ত কটনিয়ানৰ প্ৰতিবাদ।জাতিক ধ্বংস কৰিব পৰা বিজেপি সাম্প্ৰদায়িক কেবক সমৰ্থন কৰা অগপ নেতৃত্বক সকীয়নী প্ৰদান কৰি কটনৰ ছাত্ৰ সকলে আঞ্চলিক ৰাজনৈতিক দলটোৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত উত্তাল-প্ৰতিবাদ সাব্যস্ত কৰে।
অগপ কাৰ্যালয় ঘেৰাও কৰি কটন কলেজৰ প্ৰাক্তন একতা সভা প্ৰাক্তন সাধাৰণ সম্পাদক জিন্টু ঠাকুৰীয়াই কয় জাতিৰ সংকটৰ গৰাহত "যোৱা বছৰ কেবৰ বিৰুদ্ধে অগপ তিনি মন্ত্ৰীয়ে পদত্যাগ কৰি বিজেপি সংগ ত্যাগ কৰি এখন নাটক পাতিলে।


Body:দলটোৰ তিনি মন্ত্ৰী অতুল বৰা, কেশৱ মহন্ত আৰু ফণীভুষণ চৌধুৰীকে আদি কৰি অগপৰ প্ৰতিজন মন্ত্ৰী বিধায়ক-সচিবক কটনিয়ানে সকীয়নী প্ৰদান কৰি কয় "অসমীয়জাতীয়ে বহুত হস্য কৰিলে আৰু হস্য নকৰে।অসমৰ ছাত্ৰ সমাজে ইয়াক কেতিয়াও সহ্য নকৰে।যদি ইমানৰ পাছতো অগপই স্থিতি সলনি কৰি কেবৰ বিৰুদ্ধে ওলাই আহি অসম ৰাইজৰ লগত সহমৰ্মিতা প্রদর্শন নকৰিলে ইয়াৰ প্ৰত্যুত্তৰ অগপক দিব।Conclusion:

উল্লেখ যে দলটোৰ কাৰ্যালয়ৰ সন্মুখত তিনি মন্ত্ৰীৰ প্ৰতিমূৰ্তিও দাহ কৰে ছাত্ৰ সকলে।অগপ গৌ বেক, অতুল বৰা হায় হায় ধ্বনিত উত্তাল হয় সমগ্ৰ পৰিৱেশ।

ইফালে প্ৰতিবাদকাৰী কটনিয়ান সকলক লতাশিল আৰক্ষীয়ে আটক কৰি লৈ যায় উক্ত স্থানৰ পৰা।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.