ETV Bharat / state

Badaruddin Ajmal Comments : আজমলৰ বিৰুদ্ধে সৰৱ সাংসদ আব্দুল খালেক

author img

By

Published : Dec 3, 2022, 3:38 PM IST

Updated : Dec 3, 2022, 4:07 PM IST

Abdul Khalek
Abdul Khalek

ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমলে হিন্দু সন্দৰ্ভত কৰা অশালীন মন্তব্যই ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । আজমলৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে বিভিন্ন দল-সংগঠন । বিভিন্ন দল-সংগঠনে আজমলক গ্ৰেপ্তাৰ কৰাৰ দাবী উত্থাপন কৰিছে । সাংসদ আজমলৰ মন্তব্যক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে কংগ্ৰেছৰ বৰপেটাৰ সাংসদ আব্দুল খালেকে (Abdu lkhaleque reacted on Badaruddin comments) ।

গুৱাহাটী, ৩ ডিচেম্বৰ : ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমলে হিন্দু সন্দৰ্ভত কৰা অশালীন মন্তব্যই ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে (Badaruddin Ajmal controversial comments on Hindu) । আজমলৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে বিভিন্ন দল-সংগঠন । বিভিন্ন দল-সংগঠনে আজমলক গ্ৰেপ্তাৰ কৰাৰ দাবী উত্থাপন কৰিছে । সাংসদ আজমলৰ মন্তব্যক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে কংগ্ৰেছৰ বৰপেটাৰ সাংসদ আব্দুল খালেকে (Abdul khaleque reacted on Badaruddin comments) ।

আজমলৰ বিৰুদ্ধে সৰৱ সাংসদ আব্দুল খালেক

শনিবাৰে দিছপুৰত সাংবাদ মাধ্যমৰ আগত তেওঁ কয় যে ধুবুৰীৰ সাংসদ মৌলানা বদৰুদ্দিন আজমলৰ বক্তব্যত হতভম্ব হৈ পৰিছোঁ । কোনে কিমান বয়সত বিয়া কৰিব তাৰ কথা ক'বলৈ আজমল কোন বুলি প্ৰশ্ন কৰি তেওঁ কয় যে সাম্প্ৰদায়িক মন্তব্য কৰাৰ উপৰি নাৰী সমাজক অপমান কৰাৰ বাবে আজমলক গ্ৰেপ্তাৰ কৰিব লাগিছিল (Badaruddin Ajmal communal comments) । কিন্তু মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা (CM Himanta Biswa Sarma) নেতৃত্বাধীন বিজেপি চৰকাৰখন নীৰৱ হৈ আছে ।

আচলতে আজমলৰ এনে সাম্প্ৰদায়িক বক্তব্যই বিজেপিৰ ৰাজনৈতিক এজেণ্ডাক সহায় কৰে বুলি তেওঁ অভিযোগ কৰে । যাৰবাবে বিজেপি চৰকাৰে কোনো পদক্ষেপ গ্ৰহণ কৰা নাই । কিন্তু এই বিজেপি চৰকাৰেই কংগ্ৰেছ বিধায়ক শ্বেৰমান আলীক তেওঁৰ বক্তব্যৰ বাবে জে'লত ভৰাইছিল । নাৰী জাতিক অপমান কৰা আজমলক কিন্তু এতিয়াও গ্ৰেপ্তাৰ কৰা হোৱা নাই ।

তেওঁ কয় যে আজমলেৰে বিজেপি চৰকাৰৰ গোপন বুজাবুজি আছে । আনহাতে, নাৰী সমাজক অপমান কৰা আজমলক জমিয়তৰ সকলো পদবীৰ পৰা অপসাৰণ কৰাৰ বাবে মেহমুদ মাদানিৰ প্ৰতি তেওঁ অনুৰোধ জনায় । লগতে এ আই ইউ ডি এফৰ মহিলা নেত্রীসকলক আজমলৰ এই নাৰীবিৰোধী মন্তব্যৰ বাবে বিৰোধিতা কৰিবৰ বাবে আহ্বান জনায় । তেওঁ কয় যে আজমলৰ এনে বিভেদকামী বক্তব্যৰ বাবে সংঘাত হোৱাৰ আশংকা নুই কৰিব নোৱাৰি আৰু তেনে হ'লে জগৰীয়া হ'ব আজমল ।

আনহাতে, মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ লাভ জেহাদ সম্পৰ্কীয় বক্তব্যত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ কয় যে ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতিত হিমন্ত বিশ্ব শৰ্মা গুৰু । মহিলাৰ বিৰুদ্ধে হোৱা সকলো অপৰাধৰ বিৰুদ্ধে সৰৱ হোৱা উচিত যদিও মুখ্যমন্ত্রীয়ে নিৰ্দিষ্ট ঘটনাত প্ৰতিক্ৰিয়া ব্যক্ত কৰে । মুখ্যমন্ত্রীৰ দৃষ্টিভংগী সাম্প্ৰদায়িক বুলি তেওঁ সদৰী কৰে ।

লগতে পঢ়ক :Badaruddin Ajmal controversy: বিজেপিৰ ‘দালাল’ আজমলৰ বিৰুদ্ধে মুখ খুলিব পৰা নাই AIUDF নেতা-কৰ্মীয়ে

Last Updated :Dec 3, 2022, 4:07 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.