ETV Bharat / state

AASU felicitation programme: কৃতি ছাত্ৰ-ছাত্ৰীক আছুৰ সম্বৰ্ধনা

author img

By

Published : Jun 17, 2023, 7:33 PM IST

AASU felicitates meritorious students in Guwahati
কৃতি ছাত্ৰ-ছাত্ৰীক আছুৰ সম্বৰ্ধনা

আছুৰ বিশেষ অভিনন্দন অনুষ্ঠান । অৰ্থনৈতিকভাৱে দুৰ্বল ছাত্র-ছাত্ৰীসকলক সহায় কৰিবৰ আছুৱে । মহানগৰীত আয়োজিত আছুৰ বিশেষ অভিনন্দত এই আশ্বাস প্ৰদান কৰে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই ।

কৃতি ছাত্ৰ-ছাত্ৰীক আছুৰ সম্বৰ্ধনা

গুৱাহাটী,১৭ জুন: সদৌ কামৰূপ মহানগৰ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত আৰু সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ সহযোগত বিশেষ অভিনন্দন অনুষ্ঠান ৷ মাছখোৱা সাংস্কৃতিক প্ৰকল্পত শনিবাৰে অনুষ্ঠানত সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষা, উচ্চতৰ মাধ্যমিক পৰীক্ষাত স্থানপ্ৰাপ্ত ছাত্ৰ-ছাত্ৰীক আৰু ইউ পি এছ চিত স্থানপ্ৰাপ্ত প্ৰাৰ্থীক অভিনন্দন জ্ঞাপন কৰা হয় ।

অনুষ্ঠানত উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, আছুৰ ভাৰপ্ৰাপ্ত সভাপতি উৎপল শৰ্মা, সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ লগতে বিশিষ্ট অতিথি হিচাপে থাকে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড৹ জিতেন হাজৰিকা, কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড৹ বিদ্যুৎ চন্দন ডেকা উপস্থিত থকাৰ লগতে স্থানপ্ৰাপ্ত ছাত্ৰ-ছাত্ৰীসকল ৷

উৎপল শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা অনুষ্ঠানত ড৹ সমুজ্বল কুমাৰ ভট্টাচাৰ্যই ছাত্ৰ-ছাত্ৰীক শিপা নাপাহৰি, শিপাৰ লগত সম্পৰ্কিত হৈ থকাৰ লগতে ভাল কাম কৰিবলৈ আৰু পিতৃ-মাতৃ, মাতৃভূমি আৰু মাতৃভাষাক মনত ৰাখিবলৈ আহ্বান জনায় । তেওঁ ভাষণ প্ৰসংগত কয় যে নতুন শিক্ষা নীতি থকা ভালখিনিক ভাল বুলি কৈছোঁ আৰু বেয়া খিনিক বেয়া বুলি কৈছোঁ ।

লগতে পঢ়ক: Free rice scheme: চৰকাৰে ফ্ৰী চাউল দিয়াৰ বাবেই ৰাইজে খেতি নকৰা হৈছে - ৰামেশ্বৰ তেলী

নতুন শিক্ষা নীতি ভাল বা বেয়া বুলি কোৱা নাই আছুৱে । বেয়াবোৰ আঁতৰাই ভালবোৰ আদৰি ল'ব লাগিব । ইংৰাজী, হিন্দী সকলো ভাষা শিকাওক, মাধ্যম একে থাকিব লাগিব । ৰাজ্যিক ব'ৰ্ড একেলগ কৰিব বিছাৰিছে, কিন্তু দুয়োখন ব'ৰ্ড শিক্ষাবিদসকলৰ হাতত স্বতন্ত্ৰভাৱে থাকিবলৈ দিব লাগে ।

ৰাজনৈতিক হস্তক্ষেপ থাকিব নালাগে বুলি মন্তব্য কৰি তেওঁ কয় যে অৰ্থনৈতিকভাৱে দুৰ্বল ছাত্র-ছাত্ৰীসকলক আছুৱে সহায় কৰিব ৷ সমুজ্বল কুমাৰ ভট্টাচাৰ্যই আৰ্থিকভাৱে জুৰুলা ছাত্র-ছাত্ৰীসকলক বিদ্যালয় এৰাৰ কথা চিন্তা নকৰিবলৈ আহ্বান জনায় । তেওঁ লগতে মতপোষণ কৰে যে অসমৰ বিশ্ববিদ্যালয়সমূহত নতুন পাঠ্যক্ৰম সংযোজন হ'ব লাগে । IIM, IIRS, IIRM অসমত স্থাপন হ'ব লাগে বুলি দাবী জনায় দৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টাগৰাকীয়ে ।

লগতে পঢ়ক: Flood Fury In Darrang: দৰঙত বানপীড়িতৰ হাহাকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.