Free rice scheme: চৰকাৰে ফ্ৰী চাউল দিয়াৰ বাবেই ৰাইজে খেতি নকৰা হৈছে - ৰামেশ্বৰ তেলী

By

Published : Jun 17, 2023, 3:10 PM IST

thumbnail

ডিব্ৰুগড়, 17 জুন : ‘‘আমি ফ্ৰী চাউল দিছো বাবেই ৰাইজে খেতি নকৰে ৷ আগতে পথাৰত খেতি দেখিছিলোঁ, কিন্তু এতিয়া কৃষি মাটি চন পৰি থাকে ৷ অসম কৃষিপ্ৰধান ৰাজ্য হিচাপে পৰিচিত যদিও ক্ৰমাৎ কৃষিৰ প্ৰতি কৃষকৰ আগ্ৰহ কমি যোৱা পৰিলক্ষিত হৈছে ৷’’ দুলীয়াজানত এক অনুষ্ঠানত অংশগ্ৰহণ লৈ এই মন্তব্য কৰে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে ৷

তেওঁ কয়, ‘‘অসম কৃষি প্ৰধান ৰাজ্য হ’লেও কৃষি কাৰ্য কৰি উৎপাদিত খাদ্য-শস্যৰ উচিত মূল্য লাভ নকৰাত বহু কৃষকে কৃষিকাৰ্য কৰাৰ পৰা আঁতৰত থাকিব লগাত পৰিছে । আগতে খেতি পথাৰত বিভিন্ন খেতি দেখিবলৈ পোৱা গৈছিল ৷ কিন্তু আজিৰ দিনত খেতি পথাৰসমূহ উদং হৈ ৰৈ আছে’’ ৷

তেওঁ আৰু কয় যে অসমৰ বুদ্ধিজীৱিসকলে প্ৰায়েই কৈছিল অসম চৰকাৰে হিতাধিকাৰী সৃষ্টি কৰাৰ নামত কিছু আঁচনি ঘোষণা কৰি অসমৰ একাংশ লোকক এলেহুৱা কৰি তুলিছে । বুদ্ধিজীৱিসকলৰ এই কথাক সমৰ্থন কৰে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে ৷ সেয়ে মন্ত্ৰীগৰাকীয়ে ৰাইজক কৃষিৰ প্ৰতি আগ্ৰহী হ'বলৈ আহ্বান জনায় ৷

লগতে পঢ়ক : Sikha Sarma Arrested : শিখা শৰ্মাক ন্যায়িক জিন্মালৈ প্ৰেৰণ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.