Flood Fury In Darrang: দৰঙত বানপীড়িতৰ হাহাকাৰ

By

Published : Jun 17, 2023, 4:48 PM IST

thumbnail

দৰং, 17 জুন : মঙলদৈ নোৱানদীৰ বাওঁপাৰৰ মথাউৰি ছিগিল  । মঙলদৈ কমাৰপাৰা গাঁৱতো ছিগিল মথাউৰি । কমাৰপাৰা, গোসাঁই গাওঁ, টেঙাখাটি, কপালিবস্তিকে ধৰি কেইবাখনো গাঁৱত হুৰা-হুৰে সোমাল পানী ৷ নেৰা-নেপেৰা বৰষুণৰ ফলত কাল ৰূপ ধাৰণ কৰিছে মঙলদৈৰ নোৱা নৈয়ে । ভূটান পাহাৰৰ পৰা বৈ অহা বাঢ়নী পানীৰে ওফন্দি উঠিছে নোৱা নৈৰ জলপৃষ্ঠ । যাৰ ফলত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে নৈৰ দাঁতি কাষৰীয়া লোকসকলৰ মাজত । ঘৰৰ ভিতৰত এবুকু পানী মঙলদৈ পূব ন-হাউলীৰ তুক অঞ্চল বাসীৰ । অনাহাৰে কটাবলগীয়া হৈছে দিন । পশুধনৰ মাজত বিৰাজ কৰিছে হাহাকাৰ পৰিৱেশে ।

দৰঙত বানপীড়িতৰ হাহাকাৰ । চি এম দত্ত বান্ধৰ গাইড বান্ধ ভাঙি যোৱাত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে । প্ৰথমটো বানপানীতে ভাঙি গ’ল বান্ধটো । ফলত নোৱা নৈৰ বাঢ়নী পানীয়ে জটিল কৰি তুলিছে বাঁহজানি, বিষ্ণুপুৰ, নাথ চুবুৰীকে ধৰি কেইবাখনো গাঁও । উল্লেখ্য যে বিগত বছৰো একে ঠাইতে ছিগি গৈছিল বান্ধটো । বিগত বছৰতে ছিগি যোৱাৰ পিচত কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবেই এইবাৰো প্ৰথম বানতে সৃষ্টি হ’ল ভয়াৱহ পৰিস্থিতিৰ ।

লগতে পঢ়ক : Flood in Lakhimpur: লখিমপুৰৰ বন্যাৰ্তৰ কাষত জন প্ৰতিনিধিৰ দল; প্ৰয়োজনীয় সহায়ৰ আশ্বাস

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.