ETV Bharat / state

AASA Protest: আমাৰ দুখ বেদনা বুজি নোপোৱা নেতা আমাক নালাগে: আছা

author img

By

Published : Jul 23, 2022, 8:17 AM IST

সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ ধৰ্ণা কাৰ্যসূচী ৷ আদিবাসী সকলৰ জনজাতিকৰণ, ভূমিৰ পট্টা সমস্যা সমাধান, চাহ শ্ৰমিক আৰু কৰ্মচাৰীৰ বকেয়া ধন আদায় দিয়াকে ধৰি কেইবাটাও দাবীৰ সমৰ্থনত শুকুৰবাৰে চচলত ৩ ঘন্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে আছাই (AASA) ৷

AASA PROTEST FOR FULFILL VARIOUS DEMANDS OF TEA WORKER IN GUWAHATI
আমাৰ দুখ বেদনা বুজি নোপোৱা নেতা আমাক নালাগে: আছা

গুৱাহাটী, 23 জুলাই: আদিবাসী সকলৰ জনজাতিকৰণ, ভূমিৰ পট্টা সমস্যা সমাধান, চাহ শ্ৰমিক আৰু কৰ্মচাৰীৰ বকেয়া ধন আদায় দিয়াকে ধৰি কেইবাটাও দাবীৰ সমৰ্থনত শুকুৰবাৰে চচলত ৩ ঘন্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা চমুকৈ আছাই (All Assam Adivasi Student Union Protest )। সন্থাই ভানু ভূমিজ আৰু মৰমী তাতীৰ হত্যাকাৰীক ফাচীৰ দাবী জনায় ৷ লগতে চিকিৎসালয়ৰ বিচনাত জীৱন-মৃত্যুৰে যুঁজি থকা মহিলা চাহ শ্ৰমিক মইনা নায়কক উন্নত চিকিৎসা প্ৰদান কৰি পৰিয়ালবৰ্গক ১৫ লাখ টকা প্ৰদানৰ বাবে চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰে ।

আমাৰ দুখ বেদনা বুজি নোপোৱা নেতা আমাক নালাগে: আছা

প্ৰতিবাদকাৰীসকলে আদিবাসী লোকৰ দুখ-বেদনাৰ সময়ত ওচৰত নথকা নেতাৰ প্ৰয়োজন নাই বুলি উল্লেখ কৰি ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা, তেৰছ গোৱালা, ৰূপজ্যোতি কুৰ্মী, সঞ্জয় কিষাণ, কামাখ্যা প্ৰসাদ তাচা, ৰামেশ্বৰ তেলীক মুৰ্দাবাদ ধ্বনি দি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

উক্ত প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ (একত্ৰিত গোট)ৰ সভাপতি সমেন্দ্ৰ কিস্কু আৰু সম্পাদক ৰাজেশ কেৰ্কেটাই কয় যে, আদিবাসী ছাত্ৰ সন্থাই বহু বছৰ ধৰি আদিবাসীসকলক অসমত জনজাতিৰ মৰ্যাদা প্ৰদান কৰাৰ বাবে দাবী জনাই আহিছে ৷ কেন্দ্ৰীয় চৰকাৰে ২০১৯ চনত ৰাজ্য সভাত আদিবাসীৰ ৩৬টা জাতিক অসমত জনজাতিৰ মৰ্যাদা পাবলৈ এখন বিধেয়কত অনুমোদন জনায় । অনুমোদনৰ ভিত্তিত অসম চৰকাৰৰ পৰা ৬ জনীয়া সমিতিৰ পৰা ৰিপৰ্ট বিচৰা হৈছিল ।

কিন্তু আজি পর্যন্ত ৬ জনীয়া সমিতিয়ে সেই তথ্য কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ নকৰাৰ অভিযোগ আছাৰ । ফলত আদিবাসী সকলৰ জনজাতিকৰণৰ প্ৰক্ৰিয়া এই পর্যন্ত স্থগিত হৈ থকাত চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ । সেয়ে ৰাজ্য চৰকাৰে আদিবাসী সকলৰ জনজাতিকৰণৰ সম্পৰ্কে ৬ জনীয়া এক্সপাৰ্ট সমিতিৰ তথ্য অতি সোনকালে কেন্দ্ৰীয় চাৰকাৰলৈ প্ৰেৰণ কৰাৰ দাবী উত্থাপন কৰে ।

উল্লেখ্য যে, ডিব্ৰুগড় লেপেটকতা চাহ বাগিচা কৰ্তৃপক্ষৰ গাফিলতিৰ বাবেই কলঘৰত এক দুৰ্ঘটনাৰ সন্মুখীন হৈ জীৱন-মৃত্যুৰে যুঁজিবলগীয়া হৈছে মইনা নায়কে (Tea garden worker Moina Nayak battling for life) ৷ বৰ্তমান গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসা চলি আছে চাহ শ্ৰমিকগৰাকীৰ (Moina Nayak under treatment at GMCH) ৷

লগতে পঢ়ক: Moina Nayak treatment: প্লাষ্টিক ছাৰ্জাৰীৰ অধীনত চলিব মইনা নায়কৰ চিকিৎসা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.