ETV Bharat / state

Anti drugs operation at Rangia : ৰঙিয়াত হেৰ’ইনসহ আৰক্ষীৰ জালত এজন

author img

By

Published : Feb 14, 2023, 5:23 PM IST

Anti drugs operation
হেৰ’ইন সৰবৰাহত জড়িত এজন আৰক্ষীৰ জালত

ৰঙিয়াত নিষিদ্ধ হেৰ'ইন সহ এজন লোক আৰক্ষীৰ জালত পৰিছে (Anti drugs operation at Rangia) ৷ অভিযানকালত পলায় সাৰিবলৈ সক্ষম হয় এজন সৰবৰাহকাৰী ৷

ৰঙিয়া, 14 ফেব্ৰুৱাৰী : ৰাজ্যজুৰি অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান (Anti drugs operation in assam) ৷ নিতৌ আৰক্ষীয়ে চলোৱা অভিযানত আৰক্ষীৰ জালত পৰিছে ইটোৰ পিচত সিটোকৈ ড্ৰাগছ সৰবৰাহকাৰী ৷ অভিযানৰ অংশ স্বৰূপে ৰঙিয়াত আৰক্ষীয়ে সোমবাৰে চলায় অভিযান (Anti drugs operation at Rangia) । আৰক্ষীয়ে অভিযানকালত জব্দ কৰিবলৈ সক্ষম হয় হেৰ'ইন (Rangia police seized drugs) ৷

এক গোপন সূত্ৰৰ পম খেদি ৰঙিয়া আৰক্ষীয়ে সোমবাৰৰ নিশা অভিযান চলাইছিল ৷ ৰঙিয়া থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰ মল্ল পাটোৱাৰীৰ নেতৃত্বত চলোৱা হৈছিল এই অভিযান ৷ ৰঙিয়া থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰ মল্ল পাটোৱাৰীৰ নেতৃত্বত চলা অভিযানকালত আৰক্ষীৰ দলটোৱে নিষিদ্ধ হেৰ’ইনৰ লগতে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে সৰবৰাহকাৰীটোক ৷

সৰবৰাহকাৰীটো ৰঙিয়াৰ বালাগাঁৱৰ তফিকুল ইছলাম বুলি আৰক্ষী সূত্ৰত প্ৰকাশ । অৱশ্যে এজন বৰ্তমানেও পলাতক অৱস্থাত আছে বুলি আৰক্ষী জানিবলৈ দিয়ে ৷ আৰক্ষী অহাৰ উমান পাই এজনে পলায় সাৰিবলৈ সক্ষম হয় যদিও আনজন সৰবৰাহকাৰী আৰক্ষীৰ হাতত ধৰা পৰে । অভিযানকালত আৰক্ষীৰ দলটোৱে ৭ গ্ৰাম হেৰ'ইন জব্দ কৰে আৰু জব্দকৃত হেৰ'ইনখিনিৰ আনুমানিক বজাৰ মূল্য কেইবা হাজাৰ টকা হ’ব বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ (One arrested with drugs at Rangia)।

দীৰ্ঘদিন ধৰি বালাগাঁৱৰ লগতে সমীপৰ অঞ্চলসমূহত হেৰ'ইন সৰবৰাহ কৰি থকাৰ অভিযোগ উত্থাপিত হৈ আহিছিল তফিকুল ইছলামৰ বিৰুদ্ধে । বৰ্তমান আৰক্ষীয়ে ৰঙিয়া থানাত হেৰ'ইন সৰবৰাহকাৰী তফিকুল ইছলামক অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে ।

আনহাতে, সোমবাৰৰ নিশাই মহানগৰীৰ বেতকুছিত পৰিবহণ বিভাগে চলোৱা নিয়মীয়া তালাচী অভিযানৰ সময়ত জব্দ কৰিবলৈ সক্ষম হয় বৃহৎ পৰিমাণৰ ব্ৰাউন চুগাৰ ৷ আৰক্ষীয়ে সোমবাৰৰ নিশা প্ৰায় ১৬ কিলোগ্ৰাম ওজনৰ ব্ৰাউন চুগাৰ জব্দ কৰিবলৈ সক্ষম হয় ৷ ব্ৰাউন চুগাৰৰ লগতে এই সৰবৰাহৰ ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত ব্ৰাউন চুগাৰ কঢ়িয়াই নিয়া বাহনখনত থকা চাহিদুৰ ৰহমান নামৰ লোকজনকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে (One arrested with suspected brown sugar in Guwahati) ।

ব্ৰাউন চুগাৰখিনিৰ বজাৰ মূল্য কেইবা কোটি টকা হ’ব বুলি আৰক্ষীৰ লোকে জানিবলৈ দিয়ে ৷ উল্লেখ্য যে, নিচাজাতীয় দ্ৰব্য বিৰোধী তথা অপৰাধী কাৰ্য কলাপ নিয়ন্ত্ৰণ কৰিবলৈ চৰকাৰ-প্ৰশাসন যিমানে কঠোৰ হৈছে ইয়াৰ বিপৰীতে অপৰাধী কাৰ্য কলাপো বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে ৷ নিত্য নতুন কৌশল অৱলম্বনেৰে অপৰাধীয়ে ৰাজ্যখনত বিভিন্ন অপৰাধ সংঘটিত কৰি অহা পৰিলক্ষিত হৈছে ৷

লগতে পঢ়ক : Drones for collecting blood samples : ড্ৰোণ ব্যৱহাৰৰ জৰিয়তে তেজৰ নমুনা সংগ্ৰহৰ পদক্ষেপ হিমাচলৰ স্বাস্থ্য বিভাগৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.