ETV Bharat / bharat

Drones for collecting blood samples : ড্ৰোণ ব্যৱহাৰৰ জৰিয়তে তেজৰ নমুনা সংগ্ৰহৰ পদক্ষেপ হিমাচলৰ স্বাস্থ্য বিভাগৰ

author img

By

Published : Feb 14, 2023, 9:43 AM IST

সময় আৰু অৰ্থ ৰাহি কৰাৰ লক্ষ্যৰে হিমাচল প্ৰদেশৰ স্বাস্থ্য বিভাগে গ্ৰহণ কৰিছে এক ব্যতিক্ৰমী পদক্ষেপ ৷ ৰাজ্যখনৰ মাণ্ডী জিলাৰ বিভিন্ন স্থানৰ পৰা ৰোগীৰ তেজৰ নমুনা সংগ্ৰহৰ বাবে আৰম্ভ কৰিছে ড্ৰোণৰ ব্যৱহাৰ (Drones for collecting blood samples)৷ ড্ৰোণত বান্ধি লৈ মাণ্ডীৰ নেৰ চ’কস্থিত চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হ’ব ৰোগীৰ পৰা সংগ্ৰহ কৰা তেজৰ নমুনা (Ner Chowk Medical College in Mandi)৷

Drone used in Mandi for sending Blood Sample
হিমাচল স্বাস্থ্য বিভাগে ড্ৰোণৰ জৰিয়তে সংগ্ৰহ কৰিব তেজৰ নমুনা

নেশ্যনেল ডেস্ক, 14 ফেব্ৰুৱাৰী : বিজ্ঞান প্ৰযুক্তি বিদ্যাৰ অগ্ৰগতিৰ লগে লগে বিপুল পৰিৱৰ্তন দেখিবলৈ পোৱা গৈছে বিভিন্ন ক্ষেত্ৰত ৷ আধুনিক প্ৰযুক্তি বিদ্যাৰ সহায়ত হিমাচল প্ৰদেশৰ চিকিৎসা ক্ষেত্ৰত আৰম্ভ হৈছে এক নতুন ব্যৱস্থাৰ ৷ সময় আৰু ধন ৰাহি কৰাৰ লক্ষ্যৰে হিমাচল প্ৰদেশৰ স্বাস্থ্য বিভাগে বিভিন্ন স্থানৰ পৰা ৰোগীৰ তেজৰ নমুনা সংগ্ৰহ কৰি মাণ্ডী জিলাৰ নেৰ চকস্থিত চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণৰ বাবে ড্ৰোণৰ ব্যৱহাৰৰ এক ব্যতিক্ৰমী পদক্ষেপ আৰম্ভ কৰিছে ।

নেৰ চকস্থিত চিকিৎসা মহাবিদ্যালয়খনৰ মুখ্য চিকিৎসা বিষয়া ডাঃ দেৱেন্দ্ৰ শৰ্মাই (CMO Mandi Dr Devendra Sharma) এই পদক্ষেপ সন্দৰ্ভত বিতংভাৱে প্ৰকাশ কৰি কয়, "এই নতুন পৰিকল্পনাৰ প্ৰথম পৰ্যায়ত মাণ্ডী জিলাৰ যোগীন্দ্ৰ নগৰ, চৰকাঘাট আৰু মণ্ডল চিকিৎসালয়ৰ পৰা তেজৰ বিভিন্ন ধৰণৰ নমুনা সংগ্ৰহ কৰি ইয়াক ড্ৰোণত বান্ধি নেৰ চকস্থিত চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণৰ ব্যৱস্থা কৰা হৈছে । ইয়াৰ ফলত ৰোগী আৰু স্বাস্থ্য বিভাগ- দুয়োপক্ষৰে সময় আৰু ধন বহুখিনি ৰাহি হ’ব ।" সাধাৰণতে মটৰ চাইকেল অথবা বাহনৰ জৰিয়তে নমুনা সংগ্ৰহ কৰিব লাগে, য’ত যথেষ্ট সময় অপব্যয় হোৱাৰ লগতে ই ব্যয়বহুলও ।"

Drone used in Mandi for sending Blood Sample
হিমাচল স্বাস্থ্য বিভাগে ড্ৰোণৰ জৰিয়তে সংগ্ৰহ কৰিব তেজৰ নমুনা

জিলাখনত নতুনকৈ প্ৰয়োগ কৰা এই সেৱাৰ পৰিসৰ বৃদ্ধি তথা ভৱিষ্যত পৰিকল্পনা সন্দৰ্ভত শৰ্মাই কয়, "পৰৱৰ্তী সময়ত আমি পৰ্যায়ক্ৰমে আমাৰ দুৰ্গম অঞ্চল যেনে কাৰ্ছগ, জাঞ্জেহ্লী, বাগছিয়াদ আৰু নিহ্ৰীৰ পৰা একেধৰণে নমুনা সংগ্ৰহ কৰিবলৈ আৰম্ভ কৰিম । নমুনা সংগ্ৰহৰ উপৰিও আমি ঔষধ, ভেকচিন অথবা অন্যান্য অত্যাৱশ্যকীয় চিকিৎসা সামগ্ৰীসমূহো একে সময়তে জৰুৰীকালীনভাৱে ড্ৰোণৰ জৰিয়তে পঠিয়াবৰ বাবে ব্যৱস্থা কৰাৰ বাবে পৰিকল্পনা যুগুত কৰিছো ।"

প্ৰায় ডেৰ বছৰ পূৰ্বে ৰাজ্যৰ স্বাস্থ্য বিভাগে ড্ৰোণ ব্যৱহাৰৰ এই প্ৰস্তাৱটো চৰকাৰলৈ প্ৰেৰণ কৰিছিল । প্ৰস্তাৱটো পোৱাৰ পাছতে চৰকাৰেও জন স্বাৰ্থ জড়িত এই আঁচনিখনৰ প্ৰস্তাৱত অনুমোদন জনাই ইয়াক আগুৱাই লৈ যায় । ইতিমধ্যে এই আঁচনিখন কাৰ্যকৰী কৰাৰ বাবে হিমাচল চৰকাৰে স্কাই এয়াৰ আৰু কৃষ্ণা ডায়েগনষ্টিকছ নামৰ দুটা প্ৰতিস্থানৰ সৈতে এক বুজাবুজি চুক্তিত স্বাক্ষৰ কৰিছে (Government tied up with Sky Air and Krsnaa Diagnostics) । নতুন পদক্ষেপটোৰ সন্দৰ্ভত মুখ্য চিকিৎসা বিষয়া ডাঃ দেৱেন্দ্ৰ শৰ্মাই এনেদৰে সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে ৷

Drone used in Mandi for sending Blood Sample
হিমাচল স্বাস্থ্য বিভাগে ড্ৰোণৰ জৰিয়তে সংগ্ৰহ কৰিব তেজৰ নমুনা

উল্লেখ্য যে, হিমাচল প্ৰদেশৰ প্ৰথমখন ৰাজ্য যি ড্ৰোণৰ ৰাজহুৱা ব্যৱহাৰক আনুষ্ঠানিকভাৱে স্বীকৃতি প্ৰদান কৰিছে । 'হিমাচল প্ৰদেশ ড্ৰোণ নীতি ২০২২' (Himachal Pradesh drone policy 2022) শীৰ্ষক এক নীতিত ৰাজ্যখনৰ তদানীন্তন মুখ্যমন্ত্ৰী জয় ৰাম ঠাকুৰে অনুমোদন জনাইছিল । লগতে তেওঁ কয়, "এই নীতিৰ জৰিয়তে ৰাজ্যৰ শাসন আৰু সংস্কাৰৰ ভেঁটিত নিৰ্মিত এক সামগ্ৰিক ড্ৰোণকেন্দ্ৰিক পৰিৱেশ সৃষ্টিৰ পৰিকল্পনা কৰা হৈছে (Governance and Reforms Using Drones ) ।" এই নীতিৰ উদ্দেশ্য হৈছে প্ৰতিৰক্ষা, পৰিবহণ, স্বাস্থ্য, কৃষি আদিৰ দৰে বিভিন্ন ক্ষেত্ৰত ড্ৰোণ-সক্ষম প্ৰযুক্তিৰ ব্যৱহাৰৰ প্ৰচাৰ কৰা ।

লগতে পঢ়ক : Fake currency in Guwahati : মহানগৰীৰ ISBT ত জালনোটসহ গ্ৰেপ্তাৰ সৰবৰাহকাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.