ETV Bharat / state

AGP Foundation Day: গোলাঘাটত বৰ্ণাঢ্য কাৰ্যসূচীৰে অগপৰ প্ৰতিষ্ঠা দিৱসৰ সিদ্ধান্ত

author img

By ETV Bharat Assamese Team

Published : Oct 10, 2023, 9:28 PM IST

অহা ১৪ অক্টোবৰত গোলাঘাটত কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত ‌হ’ব অগপৰ ৩৯ সংখ্যক প্ৰতিষ্ঠা দিৱস ৷ দ্বিতীয়বাৰৰ বাবে গোলাঘাটত আয়োজন প্ৰতিষ্ঠা দিৱসৰ ৷

AGP Foundation Day
AGP Foundation Day 2023

গোলাঘাটত বৰ্ণাঢ্য কাৰ্যসূচীৰে অগপৰ প্ৰতিষ্ঠা দিৱস

গুৱাহাটী ১০ অক্টোবৰ: অগপৰ আমবাৰীস্থ মুখ্য কাৰ্যালয়ত মঙলবাৰে অসম গণ পৰিষদ দলৰ বৰ্ধিত কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক অনুষ্ঠিত হয় ।‌ সভাৰ অন্তত সাংবাদিকলৰ সৈতে হোৱা বাৰ্তালাপত অগপৰ‌ সভাপতি অতুল বৰাই কয় যে অহা ১৪ অক্টোবৰত দলৰ ৩৯ সংখ্যক প্ৰতিষ্ঠা দিৱস গোলাঘাটত কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত ‌হ’ব । লগতে প্ৰতিটো বিধানসভা সমষ্টিতে পালন কৰা হ'ব প্ৰতিষ্ঠা দিৱস ।

তেওঁ কয় যে অগপৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাত দলটোক শক্তিশালী কৰা আৰু দলটোক ৰাইজৰ মাজলৈ নিয়া আদি বিষয় আলোচনা কৰা হয় । লোকসভা ভিত্তিত অগপৰ সভা অনুষ্ঠিত ‌হৈছে । এতিয়া বিধানসভা ভিত্তিত সভা আৰম্ভ কৰা হ'ব । বুথ কমিটী গঠন কৰা কামো আৰম্ভ হৈছে হৈছে বুলি জানিবলৈ দিয়ে অগপৰ সভাপতিগৰাকীয়ে ।

তেওঁ লগতে জনায় যে সমষ্টি পুনৰ্নিধাৰণৰ পিছত লোকসভা আৰু বিধানসভা ভিত্তিত অগপৰ কমিটী গঠন কৰা হৈছে । ‘‘লোকসভাত আমাৰ প্ৰতিনিধি থাকিব । কিমানটা সমষ্টিত প্ৰাৰ্থী দিয়া হ'ব ঠিক কৰা নাই ।’’ এই সন্দৰ্ভত সমীক্ষা চলায় আছে বুলি বৰাই সদৰী কৰে । ‌

উল্লেখযোগ্য যে কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকত অসম গণ পৰিষদ দলৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাই ব্যাপক সাংগঠনিক প্ৰস্তুতিৰে নিৰ্বাচনী যুঁজলৈ সাজু হ’বলৈ সকলো দলীয় সদস্যকে আহ্বান জনায় । লগতে ৰাজ্যজুৰি তৃণমূল পৰ্যায়ৰ পৰা দলক শক্তিশালী ৰূপ দিবলৈ আহ্বান জনায় ।‌ বৰাই দলৰ সদস্যসকলে সমাগত লোকসভাৰ নিৰ্বাচনত অগপৰ প্ৰতিনিধিত্ব নিশ্চিত কৰাৰ লগতে মিত্ৰজোটঁক সৰ্বোতোপ্ৰকাৰে সহযোগ কৰি মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ জয়লাভ নিশ্চিত কৰাৰ কৌশল স্থানীয়ভাৱে গ্ৰহণ কৰিব লাগিব বুলি মতপোষণ কৰে ।

কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া আৰু সদস্যৰ লগতে জিলা সমিতি আৰু ভাতৃ-ভগ্নী সংগঠনৰ সভাপতি, সম্পাদকে অংশ গ্ৰহণ কৰা এই সভাখনত কাৰ্যকৰী সভাপতি তথা মন্ত্ৰী কেশৱ মহন্তই সক্ৰিয়তাৰে দলক আগবঢ়াই নিয়াত নিজকে উৎসৰ্গিত কৰিবলৈ আহ্বান জনাই প্ৰতিটো স্তৰতে দলীয় সংগঠন শক্তিশালী কৰাত গুৰুত্ব দিয়ে ।

সভাৰ উদ্দেশ্য বাখ্যা কৰে সাধাৰণ সম্পাদক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই । সভাত জ্যেষ্ঠ নেতা ফণীভূষণ চৌধুৰী, সাংসদ তথা সাধাৰণ সম্পাদক বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, ডাঃ কমলাকান্ত কলিতা, প্ৰদীপ হাজৰিকা, প্ৰবীণ হাজৰিকা, ভূপেন ৰায়, মনোজ শইকীয়া, উৎপল দত্ত, সত্যব্ৰত কলিতা, বিমলেন্দু সিংহ, ভৱেন ভৰালী, কুমাৰ দীপক দাস, সুনীল ডেকা, বিষ্ণু দাস, ড৹ তপন দাস আদি উপস্থিত থাকে ।

সভাই অতি কম দিনৰ ভিতৰত বিধানসভা সমষ্টি সমিতি পুনৰ গঠন কৰাৰ বাবে জিলা সমিতি সমূহক নিৰ্দেশ দিয়ে । সভাৰ অন্তত গাৰো উন্নয়ন পৰিষদৰ কেবাগৰাকী বিষয়ববীয়াই অগপ দলত যোগদান কৰে । পৰিষদখনৰ অধ্যক্ষ এলেক্স কে চাংমা, উপাধ্যক্ষ থেংগো মাৰাক আৰু বিহুলা মাৰাক আদিয়ে যোগদান কৰে অগপত। অতুল বৰাই জনায় যে আজি অগ‌প দলত যোগদান‌ কৰা বেছিভাগ লোকেই কংগ্ৰেছ দলৰ ।

লগতে পঢ়ক: AGP top leaders to join in Congress: কংগ্ৰেছৰ গাত ষড়যন্ত্ৰৰ দোষ জাপিলে অতুল বৰাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.