ETV Bharat / state

Covid 19 cases increase in Assam : ৰাজ্যত নতুনকৈ 2198 গৰাকী লোক কৰ’ণাত আক্ৰান্ত

author img

By

Published : Jan 11, 2022, 6:59 AM IST

2198-people-in-assam-tested-covid-19-positive-in-last-24-hours
ৰাজ্যত নতুনকৈ 2198 গৰাকী লোক কৰ’ণাত আক্ৰান্ত

সমগ্ৰ দেশৰ লগতে অসমতো বিশেষকৈ গুৱাহাটীত ক’ভিড-19 দ্ৰুতগতিত বৃদ্ধি (Covid 19 cases increase in Assam) পাবলৈ ধৰিছে ৷ বিশেষকৈ মহানগৰীত আক্ৰান্তৰ সংখ্যা (Guwahati city becomes Covid hotspot) ভয়াৱহ ৰূপত বাঢ়ি আছে ৷ স্বাস্থ্য বিভাগৰ শেহতীয়া তথ্য অনুসৰি, সোমবাৰৰ দিনটোত ৰাজ্যত নতুনকৈ ২,১৯৮ গৰাকী লোক ক'ভিড 19 ত আক্ৰান্ত হৈছে ৷ ইয়াৰে ৭৬০ গৰাকী লোক গুৱাহাটী মহানগৰীৰ ৷

গুৱাহাটী, 11 জানুৱাৰী : হঠাতে অস্বাভাৱিক হাৰত ৰাজ্যত বাঢ়িবলৈ ধৰিছে কৰ’ণা আক্ৰান্তৰ সংখ্যা (Covid 19 cases increase in Assam) ৷ বিশেষকৈ ৰাজ্যৰ ভিতৰতে মহানগৰী গুৱাহাটীত এই সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে ৷ স্বাস্থ্য বিভাগৰ শেহতীয়া তথ্য অনুসৰি, সোমবাৰৰ দিনটোত ৰাজ্যত নতুনকৈ ২,১৯৮ গৰাকী লোক ক'ভিড 19 ত আক্ৰান্ত হৈছে ৷

ইয়াৰে ৭৬০ গৰাকী লোক গুৱাহাটী মহানগৰীৰ ৷ সোমবাৰৰ দিনটোত ৰাজ্যত আক্ৰান্তৰ হাৰ ৪.৪৯ শতাংশ ৷ ইয়াৰ মাজতে আক্ৰান্তসকলৰ ভিতৰৰ দুগৰাকী ব্যক্তিয়ে প্ৰাণ হেৰুৱাইছে ৷

উল্লেখ্য যে, স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি যোৱা শনিবাৰৰ দিনটোত ৰাজ্যত নতুনকৈ ৯৮৮ গৰাকী লোক ক'ভিড 19 ত আক্ৰান্ত হৈছিল ৷ ইয়াৰে ৪৯০ গৰাকী লোক আছিল গুৱাহাটী মহানগৰীৰ ৷ আকৌ দেওবাৰৰ দিনটোত ৰাজ্যত নতুনকৈ ১,২৫৪ গৰাকী লোক ভাইৰাছবিধত আক্ৰান্ত হৈছিল ৷ ইয়াৰে ৪৭২ গৰাকী আছিল গুৱাহাটীৰ ৷

লগতে চাওক: সংকটৰ মাজতো ভোগালী বিহু উদযাপনৰ প্ৰস্তুতি ৰাজ্যত

ৰাজ্য তথা গুৱাহাটী মহানগৰীত দৈনিক প্ৰায় দুগুণ হাৰত কৰ’ণা আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে ৷ ইপিনে ক'ভিড হটস্পটলৈ পৰিণত হৈছে গুৱাহাটী মহানগৰী ৷ মন কৰিবলগীয়া যে, গুৱাহাটী মহানগৰী ক'ভিড সংক্ৰমণৰ অভিকেন্দ্ৰ হিচাপে চিনাক্ত হৈছে ৷ এসপ্তাহৰ আগলৈ গুৱাহাটীত ক'ভিড 19 ত দৈনিক আক্ৰান্তৰ সংখ্যা ৫০ ৰ ঘৰলৈ হ্ৰাস পাইছিল যদিও এই মুহুর্তত দৈনিক আক্ৰান্তই ৭০০ ৰ সংখ্যা অতিক্ৰম কৰিছে ৷

ইপিনে স্বাস্থ্য বিভাগে গুৱাহাটীৰ কেইবাটাও স্থানক ক'ভিড হটস্পট হিচাপে চিনাক্ত কৰিছে (Guwahati city becomes Covid hotspot) । মহানগৰীৰ সৰ্বত্ৰে ক'ভিড 19 ৰ সংক্ৰমণ ধৰা পৰিছে যদিও মালিগাঁও, পাণ্ডু, ফটাশিল, ৰাজগড়, চানমাৰি, বেলতলা, বশিষ্ঠপুৰ, লাচিতনগৰ অঞ্চলত ৫০-১০০ গৰাকীকৈ লোক ক'ভিডত আক্ৰান্ত হোৱাত হটস্পট হিচাপে চিনাক্ত কৰা বুলি স্বাস্থ্য বিভাগে প্ৰকাশ কৰিছে ৷

ইপিনে কামৰূপ(ম) জিলাৰ বৰ্ধিত আক্ৰান্তৰ সংখ্যা নিয়ন্ত্ৰণৰ বিষয়ে আলোচনা কৰিবলৈ সোমবাৰে উপায়ুক্ত পল্লৱ গোপাল ঝাই অতিৰিক্ত উপায়ুক্ত, চক্ৰ বিষয়া, সহকাৰী আয়ুক্ত আদিৰ লগত এখন সভা অনুষ্ঠিত কৰে৷ সভাত কৰ’ণা নিয়ন্ত্ৰণৰ বাবে কৰা পৰীক্ষাৰ সংখ্যা বৃদ্ধি কৰিবলৈ উপায়ুক্তগৰাকীয়ে নিৰ্দেশ প্ৰদান কৰে ৷

লগতে চাওক: নলবাৰীৰ প্ৰণামী এতিয়া বহুতৰ বাবে প্ৰেৰণাৰ উৎস

তদুপৰি ক’ভিড কেয়াৰ কেন্দ্ৰসমূহৰ বিচনাৰ সংখ্যা আদিৰ বিষয়ে আলোচনা কৰাৰ উপৰিও হোম আইচ’লেছনত থকাসকলক প্ৰয়োজনীয় সা-সুবিধা প্ৰদান, ঔষধ যোগান আদিত ওপৰত গুৰুত্ব দিবলৈ আৰু সংক্ৰমণ ৰোধৰ স্বাৰ্থত তেওঁলোকক পৃথকে ৰখাৰ ওপৰত চোকা দৃষ্টি ৰাখিবলৈ সংশ্লিষ্ট বিষয়াসকলক উপায়ুক্তগৰাকীয়ে নিৰ্দেশ দিয়ে ৷

আনহাতে, সোমবাৰৰ দিনটোত কামৰূপ(ম) জিলাৰ বিগ বজাৰ, ৰাধিকা, বিশাল আদিৰ দৰে শ্বপিং মলসমূহত চৰকাৰে নতুনকৈ জাৰি কৰা ক'ভিডৰ মানসম্পন্ন পৰিচালনা বিধি (এছ অ’ পি) কাৰ্যকৰীকৰণ কৰা হৈছে নাই, সেই সম্পৰ্কে জিলা প্ৰশাসনৰ বিষয়াসকলে নিৰীক্ষণ অভিযান চলায় ৷ অতিৰিক্ত উপায়ুক্ত সুস্বপ্না কাকতি, চক্ৰ বিষয়া লক্ষ্যজিৎ দুৱৰীয়া আৰু আৰক্ষী বিষয়াৰ নেতৃত্বত চলোৱা এই অভিযানত ক'ভিড বিধি উলংঘাকাৰীক জৰিমনা বিহা হয় ৷

আকৌ কামৰূপ(ম) ৰ বৰ্ধিত কৰ’ণা আক্ৰান্তৰ সংখ্যা নিয়ন্ত্ৰণৰ ক্ষেত্ৰত জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ বাবে জিলা প্ৰশাসনে ঠায়ে-ঠায়ে নাগৰিক সভা অনুষ্ঠিত কৰাৰ উপৰি ভ্ৰাম্যমাণ সজাগতামূলক প্ৰচাৰৰ ব্যৱস্থা কৰিছে ৷ সোমবাৰে পল্টনবজাৰ, গণেশগুৰি, চানমাৰি আদি বিভিন্ন স্থানত ক'ভিড বিধি মানি চলিবলৈ জিলা প্ৰশাসনৰ তৰফৰ পৰা সজাগতামূলক প্ৰচাৰ চলোৱা হয় ৷

লগতে চাওক: আৰক্ষী অধীক্ষকৰ সন্মিলনেই মাতিলে নেকি বিপদ ; ক’ভিডত আক্ৰান্ত ৰাজ্যৰ বহু শীৰ্ষ আৰক্ষী বিষয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.