ETV Bharat / state

নলবাৰীৰ প্ৰণামী এতিয়া বহুতৰ বাবে প্ৰেৰণাৰ উৎস

author img

By

Published : Jan 10, 2022, 7:34 PM IST

এগৰাকী মেধাৱী ছাত্ৰী হৈ পৰিছে শিক্ষিত নিবনুৱাৰ বাবে আদৰ্শ ৷ আৰ্থিক দৈন্যতাক প্ৰত্যাহ্বান জনাই ছাত্ৰীগৰাকীয়ে অদম্য সাহস আৰু ইচ্ছাশক্তিৰ জৰিয়তে বিচাৰি লৈছে স্বাৱলম্বনৰ বাট ৷ নলবাৰীৰ 31 নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত চাহৰ দোকান দিয়াৰ লগতে এটি ক্ষুদ্ৰ আচাৰৰ ব্যৱসায়ৰ মাধ্যমেৰে দৰিদ্ৰ পৰিয়ালটোৰ মখত হাঁহি বিৰিঙাবলৈ সক্ষম হৈছে ছাত্ৰীগৰাকীয়ে (Nalbari student and her hard work) ৷ এই সম্পৰ্কে চাওঁ আহক এক বিশেষ প্ৰতিবেদন...

Nalbari student and her hard work
নলবাৰীৰ প্ৰণামী এতিয়া বহুতৰ বাবে প্ৰেৰণাৰ উৎস

নলবাৰী, 10 জানুৱাৰী : মনত অদম্য সাহস আৰু প্ৰবল ইচ্ছা শক্তি থাকিলে আৰ্থিক দৈন্যতাই যে হেঙাৰ হ’ব নোৱাৰে তাকে প্ৰমাণ কৰি দেখুৱাইছে নলবাৰী বৰঝাৰৰ প্ৰণামী হালৈ নামৰ এগৰাকী মেধাৱী ছাত্ৰীয়ে (Nalbari student and her hard work) ।

ছাত্ৰীগৰাকীয়ে উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাত ৮৩% মুঠ নম্বৰ লাভ কৰি নলবাৰী মহাবিদ্যালয়ত স্নাতক ডিগ্ৰীত নামভৰ্তি কৰি চূড়ান্ত বৰ্ষৰ পৰীক্ষা দিয়াৰ লগতে D.EL.ED ৰ পাঠ্যক্ৰম গ্ৰহণ কৰি আছে ।

নলবাৰীৰ প্ৰণামী এতিয়া বহুতৰ বাবে প্ৰেৰণাৰ উৎস

আনহাতে, গাড়ীচালক পিতৃ চন্দ্ৰ হালৈ অসুস্থ হোৱাত পৰিয়ালটোৰ মাজত পানীত হাঁহ নচৰা অৱস্থাই দেখা দিছে । কিন্তু সাহসী মেধাৱী ছাত্ৰীগৰাকীয়ে নিজ বাসভৱনৰ সন্মুখত তথা 31নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপতে এখন চাহ দোকানেৰে চলাইছে জীৱন সংগ্ৰাম ।

আৰণ্যক ফুড প্ৰডাক্টছ নামে এটি ক্ষুদ্ৰ আচাৰৰ ব্যৱসায়ো আৰম্ভ কৰিছে মেধাৱী ছাত্ৰীগৰাকীয়ে । মাত্ৰ ৪,০০০ টকাৰে আৰম্ভ কৰা আৰণ্যক ফুড প্ৰডাক্টছৰ ক্ষেত্ৰত বৰমাৰ বিধায়ক ভূপেন বড়োৱে ২০,০০০ টকা অনুদান আগবঢ়াইছে যদিও ব্যৱসায়টো বহল ভিত্তিত কৰিবলৈ সেয়াও পৰ্যাপ্ত নহয় ৷

সেয়েহে চৰকাৰৰ পৰা প্ৰণামীয়ে বিচাৰিছে সহায় । দুৰ্ভাগ্যজনকভাৱে চৰকাৰী অভিলাসী আঁচনিৰ পৰাও বঞ্চিত হৈ আছে পৰিয়ালটো । পৰিয়ালটোৱে BPL কাৰ্ড থকাৰ পিছতো আজি পৰ্যন্ত লাভ কৰা নাই কোনো চৰকাৰী সাহায্য ।

উচ্চ শিক্ষা গ্ৰহণৰ সমান্তৰালকৈ ব্যৱসায় চম্ভালি নিজৰ লগতে ঘৰখন আৰ্থিকভাৱে স্বচ্ছল কৰি তুলিছে প্ৰণামীয়ে । যিটো সময়ত চৰকাৰী চাকৰিৰ পিছত একাংশ নিবনুৱাই দৌৰি সময় অতিবাহিত কৰে, তেনে সময়তে এইগৰাকী ছাত্ৰীয়ে চাহৰ দোকানৰ লগতে বিভিন্ন ঔষধি গুণযুক্ত আচাৰ প্ৰস্তুত কৰি চৰ্চিত হৈ পৰিছে ।

লগতে পঢ়ক: মাতৃ-পিতৃ বন্দনা : ৭০ শতাংশ কৰ্মচাৰীয়ে কটালে বিশেষ ছুটী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.