সংকটৰ মাজতো ভোগালী বিহু উদযাপনৰ প্ৰস্তুতি ৰাজ্যত

author img

By

Published : Jan 10, 2022, 10:12 PM IST

Updated : Jan 10, 2022, 10:26 PM IST

Assam is ready to celebrate Bogali Bihu

ক’ভিডসৃষ্ট পৰিৱেশৰ মাজতে হেঁপাহৰ ভোগালীক আদৰিবলৈ কঁকালত টঙালী বান্ধিছে অসমীয়াই (People in Assam preparing for Bhogali Bihu)৷ গাঁৱে-ভূঞে এতিয়া ব্যস্ততাৰ অন্ত নাই ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ ভোগালীৰ প্ৰস্তুতিক লৈ এক বিশেষ প্ৰতিবেদন...

নিউজ ডেস্ক: চাওঁতে চাওঁতে আহি পালেহি ভোগৰ ভোগালী ৷ ভোগালীক আদৰিবলৈ এতিয়া প্ৰস্তুতি চলাইছে চহা অসমীয়াই ৷ কিন্তু তাৰ মাজতে বিঘিনি মাতিছে ক’ভিডে ৷ ৰাজ্যত ক্ৰমাগতভাৱে ক’ভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাত এছ অ’ পি জাৰি কৰিছে ৰাজ্য চৰকাৰে (Assam government issues SOP)৷ প্ৰশাসনৰ নিৰ্দেশনা অনুসৰি উৰুকাৰ নিশা 10 বজাৰ আগতেই ভোজ-ভাত খাই অঁতাব লাগিব ভেলাঘৰত ৷ নিশা ভেলাঘৰত থাকিব নোৱাৰিব কোনো ৷ পুৱা 6 বজাৰ পাচতহে জ্বলাব পাৰিব মেজি (SOP on Bhogali Bihu)৷

চৰকাৰৰ এই এছ’পিক লৈ স্বাভাৱিকতেই বহুতেই অসন্তুষ্টি ব্যক্ত কৰা পৰিলক্ষিত হৈছে ৷ এফালে মহামাৰী আনফালে মূল্যবৃদ্ধিৰ জুই ৷ তাৰ মাজতে অসমীয়াই পালন কৰিবলৈ ওলাইছে হেঁপাহৰ ভোগালী বিহু ( Assamese people ready to celebrate Bhogali Bihu )৷

সংকটৰ মাজতো ভোগালী বিহু উদযাপনৰ প্ৰস্তুতি ৰাজ্যত

ৰাজ্যৰ ভিন্ন প্ৰান্তত ইতিমধ্য ভেলাঘৰ আৰু মেজি প্ৰস্তুত কৰিছে ৰাইজে ৷ বিভিন্ন আৰ্হিৰে আটক ধুনীয়াকৈ ভেলাঘৰ সাজি চমক দিয়াৰ চেষ্টা চলাইছে সকলোৱে ৷ কোনোৱে যদি ঈগলৰ দৰে প্ৰস্তুত কৰিছে ভেলাঘৰ, আন কোনোৱে আকৌ দুমহলীয়াকৈ নিৰ্মাণ কৰিছে ভেলাঘৰ ৷ ভেলাঘৰত আধুনিকতাৰ পৰশ পৰাৰ সময়তো কিন্তু ৰাজ্যৰ ভিন্ন প্ৰান্তত ৰাইজে থলুৱা আৰ্হিৰেই ভেলাঘৰ নিৰ্মাণ কৰাও দেখা গৈছে ৷

ভেলাঘৰৰ লগে লগে ৰাজ্যৰ চুবুৰীয়ে চুবুৰীয়ে এতিয়া শুনা গৈছে ঢেঁকীৰ চাৱ ৷ চিৰা, পিঠা, সান্দহ, লাড়ু আদি প্ৰস্তুত কৰা ব্যস্ত হৈ পৰিছে গাঁৱৰ জীয়ৰী বোৱাৰী ৷ কাল কৰ’ণাই বিহুত বিধি-পঠালি দিলেও কিন্তু উছাহ ম্লান পেলাব পৰা নাই অসমীয়া ৰাইজৰ ৷ ক’ভিড নীতি মানি হ’লেও বিহু পাতিবলৈ আগবাঢ়িছে অসমবাসী ৷

লগতে পঢ়ক: SOP সন্দৰ্ভত সংগীত শিল্পী অংগৰাগ পাপন মহন্তৰ প্ৰতিক্ৰিয়া

Last Updated :Jan 10, 2022, 10:26 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.