ETV Bharat / state

Puja schedule of Assam CM : পূজাৰ দিন কেইটাত কেনে হ’ব মুখ্যমন্ত্ৰীৰ ব্যস্ততা ?

author img

By ETV Bharat Assamese Team

Published : Oct 20, 2023, 1:09 PM IST

আজি বেলবৰণ ৷ আজিৰ দিনটো গুৱাহাটীতেই কটাব মুখ্যমন্ত্ৰীয়ে ৷ সপ্তমী, অষ্টমী, নৱমীত ক’ত পূজাৰ সেৱা ল’ব ড৹ হিমন্ত বিশ্ব শৰ্মাই ? দশমীৰ দিনটোত কেনেদৰে কটাব তেওঁ ?

Puja schedule of Assam CM
আজিৰ দিনটো গুৱাহাটীতেই কটাব মুখ্যমন্ত্ৰীয়ে

নিউজ ডেস্ক, 20 অক্টোবৰ : আজি মহাষষ্ঠী ৷ আজি বিয়লিৰ ভাগলৈ ষষ্ঠীৰ বেদীত পুৰোহিতৰ মন্ত্ৰোচাৰণৰ মাজতে প্ৰাণ প্ৰতিষ্ঠা কৰা হ’ব মা দুৰ্গাৰ প্ৰতিমূৰ্তিত ৷ ইতিমধ্যে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে ৷ মহালয়াৰ দিনা এইবাৰ ঘোঁৰাত ধৰালৈ আগমন ঘটা মা দুৰ্গাৰ পূজা অৰ্চনাত মগ্ন হৈ পৰিছে দেশবাসী ৷ জাক-জমকতাৰ মাজেৰে পূজা সমিতিসমূহেও ভক্তপ্ৰাণ ৰাইজক আদৰিবলৈ সাজু হৈছে ৷

আনহাতে, ৰাজনৈতিক ক্ষেত্ৰত জড়িত বিভিন্নজনেও প্ৰস্তুত কৰিছে নিজৰ নিজৰ পূজাৰ সময়সূচী ৷ অধিকাংশ সময় বিভিন্ন সভা-সমিতিত ব্যস্ত থকা মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি বিভিন্ন দলীয় নেতা-বিধায়কেও পূজাৰ বাবে ইতিমধ্যে প্ৰতিটো দিনৰ কাৰ্যসূচী প্ৰস্তুত কৰিছে ৷ সেই অনুসৰি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই আজি পবিত্ৰ ষষ্ঠীৰ দিনা গুৱাহাটীতে থাকিব যদিও কাইলৈ অৰ্থাৎ সপ্তমীৰ পূজা আগবঢ়াব হাফলঙৰ পূজা মণ্ডপত ৷

আনহাতে, অষ্টমীৰ দিনটোত মুখ্যমন্ত্ৰী উপস্থিত হ’ব হোজাই আৰু লামডিঙত ৷ হোজাইৰ এখন পূজা মণ্ডপত সেৱা আগবঢ়োৱাৰ পিচত তেওঁ উপস্থিত হ’ব এখন পূজা মণ্ডপত ৷ অৱশ্যে নৱমী আৰু দশমী দুয়োটা দিনেই মুখ্যমন্ত্ৰীয়ে সপৰিয়ালে গুৱাহাটীতেই কটাব ৷

পাণ্ডু, মালিগাঁও, বাৰোৱাৰী, গণেশগুৰি আদিকে ধৰি কেবাখনো পূজা মণ্ডপত নৱমী আৰু দশমীৰ দিন দুটাত মুখ্যমন্ত্ৰীয়ে সেৱা ল’ব ৷ ইয়াৰ উপৰিও তেওঁৰ গৃহ সমষ্টি জালুকবাৰীৰো কেবাখনো পূজা মণ্ডপত মুখ্যমন্ত্ৰী উপস্থিত হোৱাৰ কথা ৷

বৰ্তমান পাঁচখন ৰাজ্যত তুংগত উঠিছে নিৰ্বাচনী বতাহ ৷ সেই অনুসৰি, বিজেপিৰ এজন ষ্টাৰ কেম্পেইনাৰ হিচাবে ড৹ হিমন্ত বিশ্ব শৰ্মাই বিভিন্ন ৰাজ্যত নিৰ্বাচনী সভাসমূহত ধাৰাবাহিকভাৱে ভাগ লৈ আহিছে ৷ অৱশ্যে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা লাভ কৰা তথ্য অনুসৰি, পূজাৰ দিনকেইটাত কলৈকো নিৰ্বাচনী প্ৰচাৰ চলাবলৈ নাযায় মুখ্যমন্ত্ৰী ড৹ শৰ্মা ৷

লগতে পঢ়ক : Dandiya in Dibrugarh : নৱৰাত্ৰিৰ সৈতে সংগতি ৰাখি ডিব্ৰুগড়ত অনুষ্ঠিত আৰ্কষণীয় দাণ্ডিয়া নৃত্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.