Dandiya in Dibrugarh : নৱৰাত্ৰিৰ সৈতে সংগতি ৰাখি ডিব্ৰুগড়ত অনুষ্ঠিত আৰ্কষণীয় দাণ্ডিয়া নৃত্য

By ETV Bharat Assamese Team

Published : Oct 20, 2023, 8:44 AM IST

thumbnail

ডিব্ৰুগড়, 20 অক্টোবৰ : চৌদিশে এতিয়া শাৰদীয় দুৰ্গোৎসৱৰ বাবে ব্যাপক প্ৰস্তুতি । আৰ্কষণীয় পূজা মণ্ডপ নিৰ্মাণকে ধৰি পূজাৰ প্ৰস্তুতি তুংগত উঠিছে । ডিব্ৰুগড় জিলাতো ব্যাপকভাৱে অনুষ্ঠিত হৈছে শাৰদীয় দুৰ্গোৎসৱ । বিভিন্ন ৰূপত মণ্ডপ নিৰ্মাণ কৰি একপ্ৰকাৰে চমক দিবলৈ সাজু হৈছে ডিব্ৰুগড়ৰ পূজা কমিটীসমূহ । ইয়াৰ মাজতে নৱৰাত্ৰিৰ সৈতে সংগতি ৰাখি ডিব্ৰুগড়ত অনুষ্ঠিত হ'ল আৰ্কষণীয় দাণ্ডিয়া নৃত্য ।

ডিব্ৰুগড়ৰ লেডিছ ফিটনেছ চেন্টাৰৰ উদ্যোগত বিভিন্ন জাতি ধৰ্মাৱলম্বী, সম্প্ৰদায়ৰ বোৱাৰীসকলে এনেদৰে শাৰদীয় দুৰ্গোৎসৱৰ নৱৰাত্ৰি উপলক্ষে মিলিত হৈ দাণ্ডিয়া নৃত্যৰে নান্দনিক পৰিৱেশ গঢ়ি তুলিছে । হিন্দু, শিখ, খ্ৰীষ্টান, ইছলাম তথা অসমীয়া সকলো একত্ৰিত হৈ পৰিৱেশন কৰে দাণ্ডিয়া নৃত্য । লোকবিশ্বাস অনুসৰি এই নৃত্য দেৱী দুৰ্গাৰ সন্মানত প্ৰদৰ্শন কৰা হয় বুলি বিশ্বাস কৰা হয় । এই নৃত্য প্ৰকৃততে দেৱী দুৰ্গা আৰু মহিষাসুৰৰ মাজত ঘটা যুদ্ধৰ এক অৱলোকন বুলি ভবা হয় ।

এই দাণ্ডিয়া নৃত্য গুজৰাট ৰাজস্থান আদিত অধিক জনপ্ৰিয়তা আছে যদি অসমতো দাণ্ডিয়া নৃত্য কিছু কিছু ঠাইত অনুষ্ঠিত হোৱা পৰিলক্ষিত হৈছে । মহিলাসকলে হাতত সৰু লাঠি লৈ বৃত্তাকাৰত এই নৃত্য প্ৰদৰ্শন কৰে । ডিব্ৰুগড়ত অনুষ্ঠিত হোৱা এই আৰ্কষণীয় দাণ্ডিয়া নৃত্যই ডিব্ৰুগড়ৰ ৰাইজক আকৰ্ষিত কৰা পৰিলক্ষিত হয় । মুঠৰ ওপৰত সাংস্কৃতিক আধ্যাত্মিকতাৰ সকলো দিশৰ পৰাই মা দুৰ্গাক আদৰণি জনাবলৈ সাজু হৈছে ডিব্ৰুগড়ৰ ৰাইজ ।

লগতে পঢ়ক : Durga Puja 2023 : দুৰ্গা পূজাৰ দিনকেইটা বৰপেটাৰোডত কোন পথৰে যাত্ৰা কৰিব পাৰিব !

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.