ETV Bharat / state

River Dolphin Died in Chaygaon: ছয়গাঁৱৰ কলহী নদীত পুনৰ ৰিভাৰ ডলফিনৰ মৃত্যু: সংকটত কুলশীৰ ডলফিন কুল

author img

By

Published : Feb 6, 2023, 10:20 PM IST

2 River Dolphin Died in 3 days Chaygaon
ছয়গাঁৱৰ কলহী নদীত পুনৰ ৰিভাৰ ডলফিনৰ মৃত্যু

পুনৰ ৰিভাৰ ডলফিনৰ মৃত্যু । ছয়গাঁৱৰ কলহী নদীত উদ্ধাৰ মৃত্যু ৰিভাৰ ডলফিনৰ(2 River Dolphin Died in 3 days Chaygaon) । দেওবাৰে উদ্ধাৰ হয় মৃত পোৱালি শিহুৰ বন বিভাগে উদ্ধাৰ কৰে ৰিভাৰ ডলফিনটো । দক্ষিণ-পূৱ এছিয়াৰ ভিতৰতে অদ্বিতীয় ৰিভাৰ ডলফিনৰ মৃত্যুত মৰ্মাহত অঞ্চলবাসী ।

ছয়গাঁৱৰ কলহী নদীত পুনৰ ৰিভাৰ ডলফিনৰ মৃত্যু

গুৱাহাটী,৬ফেব্ৰুৱাৰী: কামৰূপ জিলাৰ ছয়গাঁৱৰ ভেৰভেৰী গাঁৱৰ মাজেৰে বৈ যোৱা কলহী নদীত যোৱা ২ ফেব্ৰুৱাৰীত মৃত্যু হৈছিল প্ৰায় ৮০ কেজি ওজনৰ এটি নদী শিহুৰ(River dolphin died kulshi river Chaygaon) । তাৰ পিছতে পুনৰ কালি দেওবাৰে উদ্ধাৰ হয় ভেৰভেৰী দলঙৰ তলত এটি মৃত পোৱালি শিহুৰ(Died River dolphin recovered in Chaygaon) । স্থানীয় ৰাইজে দুৰ্গন্ধ বিয়পি পৰাৰ পিছত প্ৰত্যক্ষ কৰে শিহুটি । লগে লগে বিষয়টো বন বিভাগক অৱগত কৰে । কুলশীৰ বন কৰ্মী ঘটনাস্থলীত উপস্থিত হৈ স্থানীয় ৰাইজৰ সহযোগত ততাতৈয়াকৈ উদ্ধাৰ কৰে মৃত পোৱালি ৰিভাৰ ডলফিনটো ।

আনফালে কলহীৰ বুকুত বাৰে বাৰে মৃত শিহু উদ্ধাৰ হোৱা বিষয়টোৱে সচেতন ৰাইজক ব্যথিত কৰি তোলে । মাত্ৰ যোৱা ৩ দিনৰ ভিতৰত দুটাকৈ এই দুষ্প্ৰাপ্য ৰিভাৰ ডলফিনৰ মৃত্যুক সহজভাৱে ল’ব পৰা নাই প্ৰকৃতিপ্ৰেমীসকলে । অত্যধিকভাৱে যন্ত্ৰ চালিত মেচিনেৰে বালি উঠোৱাৰ ফলত দুষ্প্ৰাপ্য নদী শিহুটিৰ মৃত্যু হোৱা বুলি স্থানীয় একাংশ লোকে সন্দেহ কৰিছে । মৃত্যুৰ প্ৰকৃত কাৰণ এতিয়ালৈকে জানিব পৰা হোৱা নাই যদিও তদন্তৰ পিছতহে প্ৰকৃত ঘটনা পোহৰলৈ আহিব । ইতিমধ্যে মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে শিহুটি ।

আনহাতে একে অঞ্চলৰে কুলশী নদীতো সংকটৰ গৰাহত ৰিভাৰ ডলফিন ৷ ব্যাপক মাত্ৰাত অবৈধ ভাৱেযান্ত্ৰিক বালি খনন, অপৰিকল্পিত ঔদ্যোগিক বৃদ্ধি আৰু নিৰ্মাণ কাৰ্য্যই ৰিভাৰ ডলফিন (Platanista gangetica gangetica) ৰ অনন্য বাসস্থান কুলচি নদীখনকে ধ্বংস গৰাহলৈ ঠেলি দিছে ৷ নদীখনৰ বৃহৎ এলেকাত পানীৰ গভীৰতা এক মিটাৰৰ তললৈ নামি গৈছে আৰু বহু স্থানত নদীখন কাৰ্যতঃ স্বাভাৱিক বোঁৱতি পানী স্তব্ধ হৈ পৰা দেখা গৈছে ।

অঞ্চলটোৰ হাজাৰোধিক লোক কুলশী নদীৰ বালিৰ ব্যৱসায়ৰ ওপৰত নিৰ্ভৰশীল ৷ সেয়ে কুলশীৰ অবৈধ বালি খনন বন্ধ কৰাটো ইমান সহজ হৈ থকি নাই । বিশেষজ্ঞসকলে সকিয়াই দিছে যে কুলশী নদীত থকা এই ডলফিন বিধৰ জনসংখ্যা বিলুপ্তিৰ পথত । নদীত পেলোৱা ঔদ্যোগিক পানীয়েও ডলফিনৰ জনসংখ্যাৰ ওপৰত প্ৰভাৱ পেলাইছে । যোৱা বছৰো এই অঞ্চলত তিনিটা ডলফিনৰ মৃত্যু হৈছিল । ফৰেনছিক প্ৰতিবেদনত প্ৰকাশ পাইছিল যে কৃষিত ব্যৱহাৰ কৰা অৰ্গেন’-ফছফেট বিষক্ৰিয়াত দুটা ডলফিনৰ মৃত্যু হৈছিল আৰু এটিৰ মৃত্যু হৈছিল বেক্টেৰিয়াৰ সংক্ৰমণৰ ফলত ।

বালি খনন আৰু অন্যান্য উন্নয়নমূলক কাৰ্য্যকলাপে কুলশী নদীৰ ডলফিনক আৰু অধিক সংকটৰ গৰাহলৈ ঠেলি দিছে সেয়া সকলোৱে স্বীকাৰ কৰিছে ৷ কিন্তু প্ৰতিকাৰৰ কোনো ব্যৱস্থাই কাৰ্যকৰী হোৱা নাই অঞ্চলটোত । ইয়াৰ উপৰিও কুকুৰমাৰাৰ বৰতেজপুৰত অৱস্থিত বহুজাতিক ধঁপাত কোম্পানীৰ ১.৫ কিঃমিঃৰ দেৱাল নিৰ্মাণেও কুলশীৰ ডলফিনলৈ বিপদ মাতি আনিছে । সমীক্ষাত ২.৫ কিলোমিটাৰ অঞ্চলত প্ৰায় ৪০ টা ডলফিনৰ উপস্থিতি কুলশী আৰু বাথা নদীৰ সংগমস্থলীত নিশ্চিত কৰা হৈছে ।

বিশেষজ্ঞ সকলে মন্তব্য কৰিছে, কুলশী নদীৰ ডলফিনবোৰ এতিয়া বিপদজনক স্থিতিলৈ গৈ আছে । কাৰণ ডলফিনবোৰক জীয়াই ৰখা প্ৰচুৰ পৰিমাণে মাছ যোগান ধৰা কুলশী নদীৰ এই অঞ্চলটোৰ বহু জলাশয় ক্ৰমাৎ ঔদ্যোগিক ভূমিলৈ ৰূপান্তৰিত হৈছে ৷ শেহতীয়াকৈ অঞ্চলটোৰ কলহী নৈত ৩ দিনত দুটাকৈ ডলফিনৰ মৃত্যৱে এই আশংকাক অধিক গাঢ় কৰি তুলিছে ৷ হয়তো কম দিনৰ ভিতৰতে কলহী-কুলশীৰ পৰা নোহোৱা হৈ যাব এই বিপন্ন প্ৰজাতিৰ ৰিভাৰ ডলফিনৰ অস্তিত্ব ।

লগতে পঢ়ক: Complaint against Goalpara district jail authorities: ধন দিলেহে অভিভাৱকে লগ কৰিব পাৰে কয়দীক !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.