ETV Bharat / state

এমাহত ১১ টা ভূমিকম্পই জোকাৰি গৈছে ৰাজ্যক

author img

By

Published : Aug 8, 2021, 6:47 PM IST

৭ জুলাইৰ পৰা ৬ আগষ্ট পৰ্যন্ত এটা মাহত মুঠ ১১ টা আৰু ৰিখটাৰ স্কেলত ৩ ৰ পৰা ৫.২ প্ৰাবল্যৰ ক্ৰমে মৃদুৰ পৰা মজলীয়া আৰু উচ্চ প্ৰাবল্যৰ ভূমিকম্পই ৰাজ্যখন জোকাৰি গৈছে । ২৮ এপ্ৰিলৰ পুৱা ৰিখটাৰ স্কেলত ৬.৪ প্ৰাবল্যৰ এটা ভূমিকম্পই জোকাৰি যোৱাৰ পাছৰে পৰা ৰাজ্যত সঘনাই অনুভূত ভূমিকম্পৰ জোকাৰণি সম্পৰ্কত আমাৰ এই বিশেষ প্ৰতিবেদন ৷

11 earthquake shook assam within one month
এমাহত ১১ টা ভূমিকম্পই জোকাৰি গৈছে ৰাজ্যক

গুৱাহাটী, ৮ আগষ্ট : ভূমিকম্প প্ৰৱণ এলেকা(earthquake zone) হিচাপে চিহ্নিত অসমসহ উত্তৰ-পূৰ্বাঞ্চলৰ কেবাখনো ৰাজ্যত শেহতীয়াকৈ সঘনাই ভূমিকম্পৰ জোকাৰণি(shake of earthquake) অনুভূত হোৱা ঘটনাই স্বাভাৱিকতেই শংকাৰ সৃষ্টি কৰিছে। শুকুৰবাৰে দুপৰীয়া ১২ বাজি ৪৬ মিনিট ৪৮ চেকেণ্ডত প্ৰায় ১৫ চেকেণ্ডৰ বাবে অনুভূত হোৱা ভূমিকম্পটোৰ ৰিখটাৰ স্কেলত প্রাৱল্যৰ পৰিমাণ আছিল ৪.১ ।

আনহাতে ভূমিকম্পটোৰ অভিকেন্দ্ৰ আছিল মৰিগাঁও জিলাৰ উত্তৰ পূৱ দিশত ১০ কিলোমিটাৰ গভীৰতাত । অৱশ্যে, মৃদু প্ৰাৱল্যৰ ভূমিকম্পটোৰ ফলত কতো কোনো ক্ষয়-ক্ষতি হোৱা নাই । উল্লেখ্য যে, ৭ জুলাইৰ পৰা ৬ আগষ্ট পৰ্যন্ত এটা মাহত মুঠ ১১ টা আৰু ৰিখটাৰ স্কেল(richter scale)ত ৩ ৰ পৰা ৫.২ কম্পনাংকৰ মৃদুৰ পৰা মজলীয়া আৰু উচ্চ প্ৰাবল্যৰ ভূমিকম্পই ৰাজ্যখন জোকাৰি গৈছে।

11 earthquake shook assam within one month
ভূমিকম্পৰ প্ৰভাৱ

ইয়াৰে ৩ টাৰ অভিকেন্দ্ৰ(epicenter) আছিল অসমৰ গোৱালপাৰা জিলাৰ গাতে লগা চুবুৰীয়া মেঘালয়ৰ পশ্চিম গাৰো পাহাৰ জিলা (west Garo hills district)। তদুপৰি, গোৱালপাৰা জিলা, নগাঁও আৰু মণিপুৰ ৰাজ্য , মৰিগাঁও আৰু মানকাছাৰো আছিল ভূমিকম্পৰ অভিকেন্দ্ৰ ।

উল্লেখযোগ্য যে, ২৮ এপ্ৰিলৰ পুৱা ৰিখটাৰ স্কেলত ৬.৪ কম্পনাংকৰ এটা উচ্চ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি যোৱাৰ পাছত ৰাজ্যত সঘনাই ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছে। যাৰ বাবে বহুতে পুনৰ উচ্চ প্ৰাবল্যৰ ভূমিকম্প আহিব পাৰে বুলি শংকিত হৈ পৰিছে । অৱশ্যে ভূ-বিজ্ঞানী(earth scientist) সকলে তেনে কোনো বৃহৎ ভূমিকম্পৰ শংকা ব্যক্ত কৰা নাই ।

কিন্তু তথাপিও সঘনাই হৈ থকা ভূমিকম্পৰ জোকাৰণিক লৈ সাধাৰণ লোক শংকিত হৈ পৰাটো স্বাভাৱিক ।

লগতে পঢ়ক : এছ আই কেলেংকাৰীৰ পাচত এইবাৰ ভুৱা নিযুক্তি পত্ৰৰ বেহা চলিছে ৰাজ্যত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.