ETV Bharat / state

ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি টীয়কৰ চিন্তামণিগড়ত উত্তপ্ত পৰিস্থিতি

author img

By

Published : Jul 30, 2021, 7:19 PM IST

Tensed situation in Chintamonigarh, teok
ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি টীয়কৰ চিন্তামণিগড়ত উত্তপ্ত পৰিস্থিতি

টীয়কৰ ১ নং চিন্তামণিগড়ৰ এগৰাকী ৰোগীৰ মৃত্যুৰ পিছতে স্থানীয় ৰাইজে জ্বলাই দিলে প্ৰশাসনে বান্ধি দিয়া বাঁহৰ ডাং । ৰোগীজনক চিকিৎসালয়লৈ নিয়াৰ সময়ত প্ৰশাসন আৰু গাঁওৰক্ষী বাহিনীয়ে বাধা প্ৰদান কৰিছিল বুলি অভিযোগ তুলিছে ৰাইজে । যোৰহাট জিলা প্রশাসনে যোৰহাট আৰু শিৱসাগৰৰ জিলাৰ সীমাত থকা অঞ্চল চিন্তামণিড়ৰ আৰু ১ নং চিন্তামণিগড় গাঁৱৰ মাজত বাঁহৰ ডাং বান্ধি থৈছিল ।

টীয়ক, ৩০ জুলাই: ক'ভিড-১৯ৰ সংক্ৰমণ ৰোধৰ বাবে চৰকাৰে ঘোষণা কৰা নিৰ্দেশ অনুসৰি যোৰহাট আৰু শিৱসাগৰ জিলাৰ মাজতো আন্তঃজিলা যাতায়াত বন্ধ আছে । যোৰহাট আৰু শিৱসাগৰৰ জিলাৰ সীমাত আছে চিন্তামণিড়ৰ আৰু ১ নং চিন্তামণিগড় গাঁও । সেয়ে, দুয়োখন জিলাৰ মাজৰ যাতায়াত সম্পূৰ্ণৰূপে বন্ধ ৰখাৰ বাবে বাঁহৰ ডাং বান্ধি দিছিল যোৰহাট জিলা প্রশাসনে । কিন্তু ইয়াতেই লাগিল কেনা ।

জানিব পৰা মতে, ১ নং চিন্তামণিগড় গাঁৱৰ মোলাৰাম গায়ন নামৰ ৪৮ বছৰীয়া এজন লোক বিগত কিছুদিন ধৰি অসুস্থ হৈ আছিল ৷ স্থানীয় ৰাইজৰ অভিযোগ মতে, বৃহস্পতিবাৰে ৰোগীজনৰ স্বাস্থ্যৰ অৱস্থাৰ অৱনতি ঘটাৰ বাবে তেওঁক চিকিৎসালয়লৈ নিয়াৰ ব্যৱস্থা কৰে পৰিয়ালৰ লোকে । কিন্তু তেওঁ নিয়াৰ সময়ত দুয়োখন জিলাৰ সীমাত থকা এই বাঁহৰ ডাংডালৰ বাবে ৰোগীজনক পাৰ কৰাই নিবলৈ অসুবিধা হৈছিল । ৰাইজে ডাংডাল আঁতৰাই দিবলৈ অনুৰোধ কৰিছিল যদিও প্ৰথম অৱস্থাত প্ৰশাসন আৰু গাঁওৰক্ষী বাহিনীয়ে বাধা প্ৰদান কৰে ।

ফলত ৰোগীজনক চিকিৎসালয় নিয়াত বহু পলম হয় । পিছত প্ৰশাসনে ডাংডাল আঁতৰাই যাবলৈ দিয়ে যদিও আধা বাটতে ৰোগী মোলৰাম গায়নৰ মৃত্যু হয় । প্ৰশাসনে বাধা আৰোপ কৰাৰ বাবে ৰোগীজনৰ মৃত্যু হোৱাৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে ।

লগতে ৰাইজে বাঁহৰ ডাং জ্বলাই দিয়ে । যোৰহাট জিলা প্ৰশাসন মুৰ্দাবাদ শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে গাঁওবাসীয়ে । অৱশ্যে পিছত ভগামুখ আৰু গৌৰীসাগৰ আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় । এজন ৰোগীক চিকিৎসালয়লৈ নিয়াৰ ক্ষেত্ৰতো প্ৰশাসনে সহযোগ নকৰাত স্থানীয় ৰাইজ ক্ষোভিত হৈ পৰিছে ।

লগতে পঢ়ক:কৰ্ম সংস্থাপনৰ অন্য নাম খাৰুৱাজানৰ সংহত বস্ত্ৰ উদ্যোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.