ETV Bharat / state

কৰ্ম সংস্থাপনৰ অন্য নাম খাৰুৱাজানৰ সংহত বস্ত্ৰ উদ্যোগ

author img

By

Published : Jul 28, 2021, 7:45 PM IST

Textile industry at baska
কৰ্মসংস্থাপনৰ অন্য এটা নাম খাৰুৱাজানৰ সংহত বস্ত্ৰ উদ্যোগ

বাক্সা জিলাৰ বৰমাৰ খাৰুৱাজানত অৱস্থিত সংহত বস্ত্ৰ উদ্যোগ ইতিমধ্যে উৎপাদনক্ষম হৈ উঠিছে ৷ সংহত বস্ত্ৰ উদ্যোগ সম্প্ৰতি হৈ উঠিছে জনসাধাৰণৰ আশা-ভৰসাৰ থলী ৷

বাক্সা, 28 জুলাই : বস্ত্ৰ উদ্যোগ অসমৰ বাবে নতুন কথা নহয় ৷ উজনিৰ পৰা নামনিলৈ কম-বেছি পৰিমাণে ঘৰতে তাঁতৰ শালত কাপোৰ প্ৰস্তুত কৰি আহিছে অসমীয়া মহিলাই ৷ শুৱালকুছিৰ পিছত BTR ত স্থাপন কৰা হৈছে কাপোৰ প্ৰস্তুত কৰা এক বৃহৎ উদ্যোগ ৷

বাক্সা জিলাৰ বৰমাৰ খাৰুৱাজানত অৱস্থিত সংহত বস্ত্ৰ উদ্যোগ ইতিমধ্যে উৎপাদনক্ষম হৈ উঠিছে ৷ যি সময়ত মানুহে কৰ্মসংস্থাপন বিচাৰি বহিঃৰাজ্যলৈ ঢাপলি মেলিছে, তেনে সময়তে এই বস্ত্ৰ উদ্যোগটোৱে জনসাধাৰণৰ বাবে কঢ়িয়াই আনিছে আশাৰ ৰেঙণি ৷ কৰ্ম সংস্থাপন দিছে বহু নিবনুৱা লোকক ৷ ২০১৯ চনত স্থাপন কৰা হৈছিল এই বস্ত্ৰ উদ্যোগ ৷

উৎপাদনক্ষম হৈ উঠিছে খাৰুৱাজানৰ সংহত বস্ত্ৰ উদ্যোগ

পৰৱৰ্তী সময়ত কাৰ্যক্ষম হৈ উঠা প্ৰকল্পটোত বৰ্তমান ২৫০ ৰ পৰা ৩০০ গৰাকী শিপিনীয়ে কাম কৰি আছে ৷ কাপোৰ উৎপাদনৰ ক্ষেত্ৰত যিসমূহ সামগ্ৰী নতুবা মেচিনৰ প্ৰয়োজন, এই সকলোবোৰ সুবিধা এই প্ৰকল্পত উপলব্ধ ৷ এই কথা প্ৰকাশ কৰিছে প্ৰকল্পটোৰ মুখ্য পৰিচালক বিপুল মহন্তই ৷

বস্ত্ৰ উদ্যোগটোত পাট-মুগা, দখনা, মেখেলা, চাদৰ, আৰনাই, বিহুৱান আদিৰ লগতে ঘৰুৱা ব্যৱহাৰ্য বিচনা চাদৰ, খিৰিকীৰ পৰ্দা আদি বস্ত্ৰ উৎপাদন হয় ৷ এই উদ্যোগটোত উৎপাদিত বস্ত্ৰই অসমৰ বিভিন্ন প্ৰান্তৰ বজাৰো দখল কৰিবলৈ সক্ষম হৈছে ৷ গুৱাহাটী আৰু দিল্লীত এই উদ্যোগটোৰ দুটা নিৰীক্ষণ কেন্দ্ৰও আছে ৷ কেইবাগৰাকীও শিপিনী নিয়োজিত হৈ আছে এই উদ্যোগটোত ৷

Textile industry at baska
খাৰুৱাজানৰ সংহত বস্ত্ৰ উদ্যোগৰ প্ৰৱেশদ্বাৰ

দূৰৈৰ পৰা অহা শিপিনীৰ বাবে থকা-খোৱাৰ ব্যৱস্থা আছে এই উদ্যোগটোত ৷ উদ্যোগটোত কৰ্মৰত শিপিনীসকলে মাহেকত আঠৰ পৰা দহ হাজাৰ টকা উপাৰ্জন কৰিবলৈ সক্ষম ৷ চৰকাৰে যদি অনাগত দিনত কেঁচা মালৰ পৰা আদি কৰি মেচিন, শিপিনীৰ কাৰণে ব্যৱস্থা কৰি দিয়ে, তেন্তে আৰু অধিক উৎপাদনশীল হৈ উঠিব উদ্যোগটো ৷ ই অসমৰ উদ্যোগ ক্ষেত্ৰৰ বাবে এক ফলপ্ৰসূ দিশ হ’ব বুলি আশা কৰিব পাৰি ৷

লগতে পঢ়ক: এখনি শুৱনি গাঁও গঢ়াৰ সোণালী হাবিয়াস এদল যুৱকৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.