ETV Bharat / state

Rupjyoti Kurmi criticizes AAP : দিল্লীত ৫০০ খন বিদ্যালয়হে আছে বুলি কেজৰিৱালক কটাক্ষ বিধায়ক কুৰ্মীৰ

author img

By

Published : Apr 3, 2023, 1:25 PM IST

অসম ভ্ৰমণৰ এদিন পিছতেই দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক তীক্ষ্ণ সমালোচনা মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজোতি কুৰ্মীৰ ৷ বিৰোধীক আগন্তক 40 বছৰলৈ নাকত তেল দি শুই থাকিবলৈ আহ্বান বিধায়কগৰাকীৰ (Rupjyoti Kurmi slammed Arvind Kejriwal) ৷

Rupjyoti Kurmi onArvind Kejriwal
অৰবিন্দ কেজৰিৱালক সমালোচনা বিধায়ক কুৰ্মীৰ

অৰবিন্দ কেজৰিৱালক সমালোচনা বিধায়ক কুৰ্মীৰ

যোৰহাট, 3 এপ্ৰিল : দিল্লীৰ মুখ্যমন্ত্ৰী তথা আপ নেতা অৰবিন্দ কেজৰিৱালক লৈ সৰৱ চৰ্চা চলিছে অসমৰ ৰাজনীতিত ৷ এইবাৰ দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকী সন্দৰ্ভত আক্ৰমণাত্মক হ’ল বিজেপি দলৰ মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজোতি কুৰ্মী ৷ বিৰোধীক ৪০ বছৰলৈকে নাকত তেল দি শুই থাকিবলৈ আহ্বান জনায় বিধায়কগৰাকীয়ে । কেজৰিৱালে কি ৰেৰ্কড গঢ়িলে সেয়া দেখুৱাই দিবলৈ সংবাদ মাধ্যমযোগে দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীক প্ৰত্যাহ্বান জনায় মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে (Rupjyoti Kurmi criticizes Arvind Kejriwal) ৷

যোৰহাটত ই টিভি ভাৰতৰ আগত কুৰ্মীয়ে মুখ্যমন্ত্ৰীগৰাকীৰ অসম ভ্ৰমণ সন্দৰ্ভত ক’বলৈ গৈ অৰবিন্দ কেজৰিৱালে অসমলৈ মিছা প্ৰতিশ্ৰুতি প্ৰদান কৰিবলৈহে অহা বুলি কটাক্ষ কৰে । গুজৰাটৰ শেহতীয়া নিৰ্বাচনত আপৰ ফলাফল সম্পৰ্কত অ’ট চালকৰ সৈতে ভাত খাই আৱেগ সৃষ্টি কৰি ভোট আদায় কৰিব বিচাৰিছিল যদিও কালক্ৰমত সেয়া সম্ভৱ হৈ নুঠিল বুলি কেজৰিৱাল তথা আপক সমালোচনা কৰে কুৰ্মীয়ে । দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীৰ সকলো কথা বতৰা অসমৰ ৰাইজে বুজি পায় বুলি দাবী কৰে মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে (AAP meeting in Guwahati) ।

কুৰ্মীয়ে পুনৰ কয় যে বিজেপি দল তথা ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত লাচিত বৰফুকন সন্দৰ্ভত ৰচনা প্ৰতিযোগিতা অনুষ্ঠিত কৰি বিশ্ব ৰেকৰ্ড গঢ়িবলৈ সক্ষম হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কিমান বিশ্ব ৰেকৰ্ড গঢ়িছে তাৰ উত্তৰ দিয়াৰ পিচতহে অসমলৈ আহি বিজেপি চৰকাৰৰ বিৰুদ্ধে ভাষণ দিবলৈ কয় বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ৷ আনহাতে, অসম আৰু দিল্লীৰ শিক্ষা ব্যৱস্থাৰ মাজত আকাশ পাতাল প্ৰভেদ আছে বুলি উল্লেখ কৰি দিল্লীত ৫০০ খন বিদ্যালয় থকাৰ বিপৰীতে অসমত হাজাৰ হাজাৰ বিদ্যালয় আছে বুলি তেওঁ দাবী কৰে । ইয়াৰোপৰি, অসমৰ ৯০ শতাংশ লোক বিজেপিৰ লগত আছে ,বাকী ১০ শতাংশ লোকহে বিৰোধীৰ সৈতে আছে বুলি উল্লেখ কৰি এই ১০ শতাংশ ভোট আপক ভগাই ল'বলৈ কয় বিধায়ক ৰূপজ্যোতিয়ে (Arvind Kejriwal in Guwahati) ।

অসম এতিয়া বিজেপিময় গতিকে বিৰোধীক ৪০ বছৰ লৈকে নাকত তেল দি শুই থাকিবলৈ কয় বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে (Rupjyoti Kurmi onArvind Kejriwal)৷

লগতে পঢ়ক : Cachar District Congress new President : কংগ্ৰেছ দলে ভয় নকৰে চিবিআই, ইডি তথা আৰক্ষীক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.