ETV Bharat / state

Auniati Satra Majuli: অসমীয়া বাতৰিকাকতৰ ডেৰশ বছৰীয়া জয়ন্তীৰ আয়োজন মাজুলীত

author img

By

Published : Feb 4, 2023, 1:44 PM IST

Updated : Feb 4, 2023, 3:25 PM IST

Auniati Satra Majuli
অসমীয়া বাতৰিকাকতৰ ডেৰশ বছৰীয়া জয়ন্তীৰ আয়োজন মাজুলীত

সত্ৰৰ বৰঘৰ সত্ৰীয়া সংস্কৃতিৰ বাহকৰ সমান্তৰালকৈ জাতীয় প্ৰেমৰ অন্যতম নিদৰ্শন । শ্ৰীশ্ৰী আউনীআটী সত্ৰত সংৰক্ষিত 'অসম বিলাসিনী'ৰ ছপাশালৰ অৱশেষাংশ আৰু অসমীয়া বাতৰিকাকতৰ ডেৰশ বছৰীয়া স্বৰ্ণিল ইতিহাস (Second Assamese news paper Assam Bilasini) ।

ঐতিহাসিক ছপাশালা সন্দৰ্ভত ডঃ পীতাম্বৰ দেৱগোস্বামী

টীয়ক, ৪ ফেব্ৰুৱাৰী : এটা ঐতিহাসিক ছপাশাল । ১৮৬৯ চনতে লণ্ডনত নিৰ্মিত হৈছিল এই ছপাশালটো । বিদেশী বহিষ্কাৰ আন্দোল, খ্ৰীষ্টান মিছনেৰীসকলৰ আগ্ৰাসনকে ধৰি অসমৰ বহু সমস্যা তথা জ্বলন্ত প্ৰেক্ষাপটৰ অন্যতম সাক্ষী হৈছে এই ছপাশালটো (historical press preserved at Auniati Satra) । এই ছপাশালটোৱে সহজ-সৰল অসমীয়া সমাজত জাতীয়তাবাদৰ বীজ সিঁচিছিল, সপোন দেখিছিল স্বাধীন ভাৰতৰ । লগতে ছপা মাধ্যমেৰে দলিল প্ৰস্তুত কৰি সামাজিক, সাংস্কৃতিক তথা ধৰ্ম প্ৰচাৰৰ ক্ষেত্ৰখনত অন্যতম গুৰুদায়িত্ব পালন কৰিছিল এই ছপাশালে ।

হয়, ১৮৪৬ চনত অসমত ব্ৰিটিছৰ শাসনকালৰ মাজতে প্ৰথমখন অসমীয়া বাতৰিকাকত অৰুণোদয়ে জন্মলাভ কৰিছিল (first Assamese news paper Arunodoi) । কিন্তু অৰুণোদই কাকতৰ পৃষ্ঠাত সিঁচৰতি হৈ আছিল খ্ৰীষ্টানসকলৰ প্ৰভাৱ । সেয়ে সেই সময়তেই সুদূৰপ্ৰসাৰী চিন্তা লৈ দূৰদৃষ্টি সম্পন্ন মাজুলীৰ শ্ৰীশ্ৰী আউনীআটি সত্ৰৰ (Auniati Satra Majuli) একাদশ সত্ৰাধিকাৰ দত্ত দেৱগোস্বামীয়ে ১৮৭১ চনত ন চিন্তাৰে তথা জাতীয় চেতনাৰে সুদূৰ কলিকতাৰ পৰা নদীদ্বীপ মাজুলীলৈ জাহাজেৰে লণ্ডনত নিৰ্মিত এটি ছপাশাল আনিলে আৰু নাম দিলে ধৰ্ম প্ৰকাশ যন্ত্ৰ । আৰু লুইতৰ পাৰত ভূমিষ্ঠ কৰিলে দ্বিতীয়খন অসমীয়া বাতৰিকাকত । নাম দিলে 'অসম বিলাসানী' (second Assamese news paper Assam Bilasini) ।

অৱশ্যে কালৰ গৰাহত বৰলুইতৰ পাৰৰ পৰা সত্ৰৰ মজিয়ালৈ চাৰিটাকৈ দঁতাল হাতীয়ে টানি আনিবলগীয়া হোৱা এই প্ৰকাণ্ড ধৰ্ম প্ৰকাশ যন্ত্ৰ তথা ছপাশালটো নিশ্চিহ্ন হৈ গ'ল (historic press Dharma Prakash Jantra) । ইপিনে যন্ত্ৰটি লুইতৰ ভয়াৱহ খহনীয়াত পৰি চাৰিবাৰকৈ স্থান সলাবলগীয়া হোৱাৰ সমান্তৰালকৈ আউনীআটী সত্ৰও নিজৰ জীৱন বচোৱাৰ তাড়নাত সেই সময়ত ৰক্ষা কৰিব নোৱাৰিলে ইতিহাসৰ ধ্বজা বহন কৰা ছপাশালটোৱে ।

কিন্তু থাকি গ'ল ধৰ্ম প্ৰকাশ যন্ত্ৰটিৰ অৱশেষাংশ । যি নেকি আজিও অসমীয়া বাতৰিকাকতৰ প্ৰায় ডেৰশ বছৰীয়া গৌৰৱৰ ধ্বজা বহন কৰি আহিছে (150 years of Assamese news paper) । আৰু বৰ্তমানৰ সত্ৰৰ সত্ৰাধিকাৰ ডঃ পীতাম্বৰ দেৱগোস্বামীৰ তত্ত্বাৱধানত অতি সযতনে কলীয়াপানীস্থিত আউনীআটী সত্ৰৰ সংগ্ৰহালয়ত ৰখা হৈছে এই যন্ত্ৰটো । উল্লেখ্য যে খ্ৰীষ্টানসকলৰ ভয়ংকৰ আগ্ৰাসনৰ সময়ত সনাতন ধৰ্মই খোপনি পোতাৰ দিশত উক্ত ধৰ্ম প্ৰকাশ যন্ত্ৰৰ ভূমিকা আছিল অপৰিসীম । কাৰণ সেই সময়ত দূৰদৰ্শী দত্ত দেৱগোস্বামীয়ে অসম বিলাসিনী কাকতৰ সমান্তৰালভাৱে আন দুখন কাকতৰ লগতে গুৰু শংকৰ-মাধৱৰ কীৰ্তন, ঘোষা, বৰগীত আদি ছপা আকাৰত প্ৰকাশ কৰি উলিয়াইছিল ।

লক্ষণীয় যে অসম বিলাসিনীয়ে ইতিমধ্যে ডেৰশ বছৰ অতিক্ৰম কৰিছে । সেই উপলক্ষত দত্ত দেৱগোস্বামীৰ প্ৰয়াণৰ জেঠ মাহৰ পূৰ্ণিমা তিথিত অসমীয়া বাতৰিকাকতৰ ডেৰশ বছৰীয়া জয়ন্তী মাজুলীত উদযাপন কৰিব আউনীআটী সত্ৰই । আৰু পৱিত্ৰ সত্ৰৰ মজিয়াত সকলোৰে দৰ্শনৰ বাবে টীয়কৰ পৰা মাজুলীলৈ লৈ প্ৰদৰ্শনৰ অৰ্থে লৈ যোৱাৰ দিহা কৰিছে এই ইতিহাস বিজড়িত ধৰ্ম প্ৰকাশ যন্ত্ৰৰ অৱশেষাংশ । সেয়ে এই ডেৰশ বছৰীয়া জয়ন্তী উদযাপনত সকলোৰে সহায়-সহযোগিতা আশা কৰিছে সত্ৰই ।

লগতে পঢ়ক :PM Modi in Akhand Kirtan: নসত্ৰৰ কৃষ্ণগুৰু সেৱাশ্ৰমৰ ধৰ্মালোচনী সভাত ভাৰ্চুৱেলী অংশগ্ৰহণ প্ৰধানমন্ত্ৰী মোডীৰ

Last Updated :Feb 4, 2023, 3:25 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.