ETV Bharat / state

Triple murder case: মৰিয়নিৰ তিনি হত্যাকাণ্ডৰ হত্যাকাৰী বৰ্তমানেও মুকলি আকাশৰ তলত

author img

By

Published : Jul 11, 2022, 3:09 PM IST

১৫ দিন উকলি যোৱাৰ পিচতো মুকলি আকাশৰ তলত মৰিয়নিৰ তিনি নৃশংস হত্যাকাণ্ডৰ হত্যাকাৰী ( Triple murder in Mariani)৷ তিনি হত্যাকাণ্ডৰ অভিযুক্তকো হত্যা কোনো অচিনাক্ত দুৰ্বৃত্তৰ ৷

triple-murder-in-mariani
নৃশংস: মৰিয়নিৰ তিনি হত্যাকাণ্ডৰ হত্যাকাৰী বৰ্তমানেও মুকলি আকাশৰ তলত

মৰিয়নী, 11 জুলাই: নৃশংস, শিহৰণকাৰী হত্যাকাণ্ড ৷ 15 দিন পূৰ্বে মৰিয়নিত সংঘটিত হৈছিল এক চাঞ্চল্যকৰ হত্যাকাণ্ড (Triple murder in Mariani) ৷ ইটা ভাটাত কৰ্মৰত একেটা পৰিয়ালৰে তিনিজন সদস্যক নৃশংসভাৱে দাৰে ঘপিয়াই হত্যা কৰিছিল কোনো অজ্ঞাত দুৰ্বৃত্তই ৷ ঘৰখনৰ মুৰব্বী সোনটি বৰা, সোনটি বৰাৰ কন্যা মনালিছা আৰু তেওঁৰ পত্নীক নিশাৰ অন্ধকাৰৰ সুযোগ লৈ কোনো অচিনাকি দুৰ্বৃত্তই ঘপিয়াই হত্যা কৰিছিল ৷ এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছিল 24 জুনত ৷

নৃশংস: মৰিয়নিৰ তিনি হত্যাকাণ্ডৰ হত্যাকাৰী বৰ্তমানেও মুকলি আকাশৰ তলত

উক্ত ঘটনাৰ পিছতে মৰিয়নি আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি তদন্ত আৰম্ভ কৰে ৷ আৰক্ষীৰ তদন্তত সন্দেহৰ আঙুলি উঠিছিল তৰুন দাসৰ ওপৰত ৷ কিন্তু যোৱা 7 জুলাইত ৰহস্যজনকভাৱে গছত চিপ লৈ ওলমি থকা অৱস্থাত উদ্ধাৰ হয় তিনি হত্যাকাণ্ডৰ অভিযুক্ত তৰুন দাসৰ মৃতদেহ ৷

চিপ লৈ থকা অৱস্থাত মৃতদেহ উদ্ধাৰ হয় যদিও মৃতদেহত আছিল স্পষ্ট আঘাতৰ চিন ৷ সেয়েহে পৰিয়ালৰ সন্দেহ এয়া আত্মহত্যা নহয় বৰঞ্চ হত্যাহে ৷ তৰুন দাসৰ মৃতদেহ উদ্ধাৰ হোৱাৰ লগে লগেই সমগ্ৰ ঘটনাত যে তৃতীয় পক্ষ জড়িত আছিল সেয়া এক প্ৰকাৰে প্ৰায় নিশ্চিত হৈ পৰিছে ৷

মন কৰিবলগীয়া যে 15 দিন উকলি যোৱাৰ পিচতো মুকলি আকাশৰ তলত মৰিয়নি ত্ৰিপল মাৰ্ডাৰৰ হত্যাকাৰী ৷ ইপিনে তৰুন দাসৰ হত্যাকাৰীৰ গ্ৰেপ্তাৰৰ দাবীত থানাত এজাহাৰ পৰিয়ালবৰ্গৰ ৷ তৰুন দাসৰ হত্যাকাৰীক চিনাক্ত কৰি বিহিত ব্যৱস্থা ল’বলৈ আজি মৰিয়নি থানাত এখন এজাহাৰ দাখিল কৰে তৰুন দাসৰ আত্মীয়ই । উল্লেখ্য যে, আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব এই সমগ্ৰ হত্যাকাণ্ডকৰ মূল অভিযুক্ত ৷

লগতে পঢ়ক: পিতৃক হত্যা কৰি ৰঙাঘৰলৈ পুত্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.